জৰ্দা / জৰদা কিয় হাৰাম ?

জৰ্দা / জৰদা  কিয় হাৰাম ?

وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ (الأعراف : ১৫৭)

“তেওঁ তোমালোকৰ বাবে পৱিত্র আৰু  ভাল (তাইয়েবাত) বস্তু হালাল কৰে আৰু ক্ষতিকৰ- অপৱিত্ৰ বস্তু হাৰাম কৰে। (ছুৰা  আল-আৰাফ :১৫৭)

আৰু ধূমপান নিশ্চয়ই অপৱিত্ৰৰ অন্তর্ভুক্ত, সেয়ে এইবোৰ পান কৰা বৈধ (হালাল) নহয় ।

আল্লাহ ৰাব্বুল আলামীনে কৈছে:

وَلَا تُلْقُوا بِأَيْدِيكُمْ إِلَى التَّهْلُكَةِ. (البقرة : ১৯৫)

“তোমালোকে নিজৰ জীৱন ধ্বংসৰ মুখত ঠেলি নিদিবা।” (ছুৰাঃ আল-বাক্কাৰাহ : ১৯৫)

এই আয়াতৰ দাবীতো ধূমপান নিষেধ । কিয়নো  ধুমপানৰ কাৰনে বহুত  জীৱন বিধংসী ৰোগ ব্যধি হৈ থাকে।

আল্লাহ তাআলায় মদ আৰু জুৱা  হাৰাম কৰিবলৈ  গৈ কৈছে :

يَسْأَلُونَكَ عَنِ الْخَمْرِ وَالْمَيْسِرِ قُلْ فِيهِمَا إِثْمٌ كَبِيرٌ وَمَنَافِعُ لِلنَّاسِ وَإِثْمُهُمَا أَكْبَرُ مِنْ نَفْعِهِمَا. (البقرة : ২১৯)

” সিহঁতে তোমাক মদ আৰু জুৱা  সম্পর্কে প্রশ্ন  কৰে। কোৱা , উভয়ৰ মাজতে আছে  মহাপাপ। আৰু তাৰ ভিতৰৰ  মানুহৰ বাবে  উপকাৰো আছে। কিন্তু  এইবোৰৰ পাপ উপকাৰতকৈ বহু গুণে ডাঙৰ ।” ছুৰাঃ আল-বাক্কাৰাহ:২১৯)

আল্লাহ তাআলাৰ এই বানীৰ দ্বাৰা বুজা যায় মদ জুৱাৰ মাজত  উপকাৰিতা থকা সত্বেও সেয়া হাৰাম কৰিছে। তেনেহ’লে  ধূমপান তো মদ জুয়াতকৈ জঘন্য। কাৰণ তাত কোন ধৰনৰ উপকাৰ নাই । বৰং এশ ভাগেই ক্ষতি।

আল্লাহ ৰাব্বুল আলামীনে  জাহান্নামীসকলৰ খাদ্যৰ বর্ণনা দিবলৈ গৈ কৈছে :

لَا يُسْمِنُ وَلَا يُغْنِي مِنْ جُوعٍ

” আৰু ই  সিহঁতক পুষ্টিও সাধন নকৰিব আৰু ক্ষুধাও নিবৃত্ত  নকৰিব।” (ছুৰাঃ আল-গাশ্বিয়াহ : ৭)

ধুমপানৰ মাজত  এই বৈশিষ্ট্যই আছে  যে সেয়া পান কাৰীৰ পুষ্টিৰ যোগান নিদিয়ে, ক্ষুধাও নকমাই। ধুমপানৰ তুলনা জাহান্নামী খোৱাৰ  লগতেই  কৰা যায়।

আল্লাহ তালায়  কৈছে :

إِنَّ الْمُبَذِّرِينَ كَانُوا إِخْوَانَ الشَّيَاطِينِ

“তোমালোকে  অপচয়  নকৰিবা । অপচয়কাৰীসকল চয়তানৰ ভাই।” (ছুৰাঃ আল-ইছৰা :২৭)

ধূমপান এটা অপচয়। বহুত  এনে অপচয় আছে যত মানুহৰ লাভ-ক্ষতি একোৱেই  নাই। এইবোৰ সকলোৰেই  ওচৰত  অন্যায় আৰু সর্বসম্মতভাৱে সেয়া  অপচয় বুলি গণ্য। কিন্তু ধূমপান এনে এটা অপচয় যত কেৱল মানুহৰ ক্ষতি। কোনো লাভেই নাই ।

ধূমপান আৰু হুক্কা পান কৰা হাৰাম ।

দলীল: আল্লাহ তা‘আলা কৈছেঃ

﴿ وَلَا تَقۡتُلُوٓاْ أَنفُسَكُمۡۚ إِنَّ ٱللَّهَ كَانَ بِكُمۡ رَحِيمٗا ﴾ [النساء: ٢٩]

অর্থাৎ: “তোমালোকে তোমালোকৰ  নফছক হত্যা নকৰিবা , নিশ্চয়ই আল্লাহ তোমালোকৰ প্রতি অনুগ্রহশীল।” [ছুৰাঃ নিছা: ২৯]

তেওঁ আৰু কৈছে:

﴿ وَلَا تُلۡقُواْ بِأَيۡدِيكُمۡ إِلَى ٱلتَّهۡلُكَةِ ﴾ [البقرة: ١٩٥]

“তোমালোকে  নিজক ধ্বংসৰ ফালে  ঠেলি নিদিবা।” [ছুৰাঃ বাক্কাৰাহ : ১৯৫]

ডাক্তৰি শাস্ত্রত আছে  যে, এইবোৰ  গ্রহণ কৰা ক্ষতিকাৰক, আৰু যদি সেয়া ক্ষতিকাৰক হয় সেয়ে  অৱশ্যই হাৰাম ।

দলীল: আল্লাহ কৈছেঃ

﴿ وَلَا تُؤۡتُواْ ٱلسُّفَهَآءَ أَمۡوَٰلَكُمُ ٱلَّتِي جَعَلَ ٱللَّهُ لَكُمۡ قِيَٰمٗا ﴾ [النساء: ٥]

“আৰু  যি সম্পদক আল্লাহ তোমালোকৰ জীৱন যাত্রাৰ অৱলম্বন কৰিছে, সেয়া নিৰ্বোধ সকলৰ হাতত তুলি নিদিবা।” [ছূৰা  নিছা: ৫] আমাৰ সম্পদক নির্বোধসকলৰ হাতত দিবলৈ নিষেধ কৰিছে, কিয়নো সিহঁতে  সেয়া অপব্যয় কৰি বিনাশ কৰি পেলাব। আৰু ইয়াত কোনো সন্দেহ নাই যে, ধূমপান আৰু  হুক্কা ক্রয়ৰ টকা ব্যয় কৰা অপব্যয় আৰু  ধ্বংসৰেই সমান । তাৰোপৰি  এই আয়াতৰ দলীল দ্বাৰাও সেয়া  নিষেধ কৰা হৈছে ।

হাদীচৰ দলীল হল:

«نَهَى النَّبِيُّ صَلَّى اللهُ عَلَيْهِ وَسَلَّمَ عَنْ إِضَاعَةِ المَالِ»

“ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লাম সম্পদ নষ্ট কৰিবলৈ  নিষেধ কৰিছে।”[8] আৰু  হুক্কা ও ছিগাৰেট পানত সেয়া  ব্যয় কৰা মাল নষ্ট কৰাৰ সমান। কিয়নো নবী ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ

«لا ضرر ولا ضرار»

“নিজৰ কোনো অনিষ্টতা বা ক্ষতি আৰু  অন্য কাৰো  ক্ষতি কৰা  নাযাব ”। এইবোৰ  গ্রহণ কৰাত ক্ষতি আৱশ্যকীয় আৰু  সেয়া গ্রহণ কৰা মানুহক ইয়াৰ  লগত  সম্পৃক্ত কৰি দিয়ে। নিছাগ্রস্ত ব্যক্তি যেতিয়া সেয়া  পানৰ বাবে  বিচাৰি  নাপায় তেতিয়া তাৰ মন আৰু  গোটেই পৃথিৱী তাৰ ওপৰত সংকীর্ণ হৈ পৰে, তেতিয়া সি অপ্রয়োজনীয় বস্তু  তাৰ শৰীৰত প্রৱেশ কৰায় ।[9]

ধূমপান হাৰাম, কিয়নো সেয়া  অপৱিত্র আৰু  বিভিন্ন ধৰনৰ ক্ষতি বহন কৰে, আৰু আল্লাহ তা‘আলায় তেওঁৰ বান্দাসকলৰ বাবে  ভাল পৱিত্র খোৱাৰ আৰু  পানীয় হালাল কৰিছে, পক্ষান্তৰে অপৱিত্র বস্তু  তেওঁলোকৰ  ওপৰত হাৰাম কৰিছে। তেওঁ কৈছেঃ

﴿ يَسۡ‍َٔلُونَكَ مَاذَآ أُحِلَّ لَهُمۡۖ قُلۡ أُحِلَّ لَكُمُ ٱلطَّيِّبَٰتُ ﴾ [المائ‍دة: ٤]

‘ সিহঁতে তোমাক  প্ৰশ্ন  কৰে যে, সিহঁতৰ বাবে  কি হালাল কৰা হৈছে? কোৱা : সকলো প্রকাৰ ভাল পৱিত্র বস্তু  তোমালোকৰ বাবে  হালাল কৰা হৈছে।’’ [ছুৰাঃ মায়েদাহ: ৪]

তেওঁ মুহাম্মদ ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ গুণাগুণৰ বিষয়ে কৈছে :

﴿يَأۡمُرُهُم بِٱلۡمَعۡرُوفِ وَيَنۡهَىٰهُمۡ عَنِ ٱلۡمُنكَرِ وَيُحِلُّ لَهُمُ ٱلطَّيِّبَٰتِ وَيُحَرِّمُ عَلَيۡهِمُ ٱلۡخَبَٰٓئِثَ ﴾ [الاعراف: ١٥٧]

“তেওঁ সিহঁতক  ভাল কামৰ নির্দেশ দিয়ে আৰু  বেয়া কামৰ  নিষেধ কৰে আৰু  সিহঁতৰ বাবে  পৱিত্র বস্তু  হালাল কৰিছে আৰু  অপৱিত্র বস্তু  সিহঁতৰ ওপৰত  হাৰাম কৰিছে।” [ছুৰাঃ আ’ৰাফ : ১৫৭]

আৰু সকলো প্রকাৰ ধূমপান অপৱিত্র, ইয়াৰ ভিতৰত  কোনো কল্যাণ নাই । এইভাৱেই সকলো প্রকাৰ নিছা জাতীয় বস্তু  অপৱিত্র, সেয়ে  ছিগাৰেট পান কৰা , সেয়া  বিক্রী কৰা আৰু ইয়াৰ  ব্যৱসায় কৰা কোনো ধৰণে  জায়েয নহয়, যেনেকৈ  মদ। ধূমপায়ী আৰু  ইয়াৰ ব্যৱসায়কাৰীৰ ওপৰত ওয়াজিব হল তওবা কৰি বিনীত হৈ আল্লাহৰ ওচৰত  ঘূৰি  অহা আৰু  অতীত কর্মৰ ওপৰত লজ্জিত হোৱাৰ লগে লগে  ভৱিষ্যতে এই ধৰনৰ কামত ঘূৰি নহাৰ  দৃঢ় প্রতিজ্ঞা কৰা। যি ব্যক্তি আল্লাহৰ ওচৰত  খাঁটি তওবা কৰিব  আল্লাহ তাৰ তওবা কবুল কৰিব  ।

তেওঁ কৈছেঃ

﴿ وَتُوبُوٓاْ إِلَى ٱللَّهِ جَمِيعًا أَيُّهَ ٱلۡمُؤۡمِنُونَ لَعَلَّكُمۡ تُفۡلِحُونَ ٣١ ﴾ [النور: ٣١]

“হে মুমিনসকল, তোমালোক  সকলোৱেই আল্লাহৰ ওচৰত  তওবা কৰা, হয়তো তোমালোক সফল হব পাৰিবা।” [ছুৰাঃ নূৰ: ৩১]

আনহাতে তেওঁ কৈছে :

﴿ وَإِنِّي لَغَفَّارٞ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا ثُمَّ ٱهۡتَدَىٰ ٨٢ ﴾ [طه: ٨٢]

“আমি ক্ষমাশীল সেইব্যক্তিৰ বাবে , যি ব্যক্তিয়ে  তওবা কৰে, ঈমান আনে আৰু  সৎকর্ম সম্পাদন কৰে, তাৰপিছত  হিদায়ৎ প্রাপ্ত হয়।” ছুৰাঃ ত্বা-হা : ৮২][৫]

অসমীয়া অনুবাদ :- তাহেৰা বেগম 

Leave a comment