আউচ ইবনে আউচ ( ৰা:) ৰ পৰা বৰ্ণিত , ৰাছুলুল্লাহ (ছা:) এ কৈছিল , তোমালোকৰ দিন সমূহৰ ভিতৰত সৰ্বশ্ৰেষ্ট দিন হ’ল জুম’আৰ দিন । এই দিনত আদমক সৃষ্টি কৰা হৈছিল , এই দিনত তেওঁক মৃত্যু দিয়া হৈছিল, এই দিনত শিঙ্গাত ফুক দিয়া হব আৰু মহা বিপৰ্যয় ও (ক্বিয়ামত ) সংঘটিত হব এই দিনতেই । গতিকে তোমালোকে মোৰ ওপৰত এই দিনটোত বেছি বেছি দুৰূদ পাঠ কৰিবা । কিয়নো তোমালোকৰ দুৰুদ মোৰ ওপৰত জুম’আৰ দিন বখচাই দিয়া হয় ।
যি ব্যক্তিয়ে জুম’আৰ দিন ছূৰা কাহাফ পাঠ কৰিব তাৰ বাবে পৰৱৰ্তী জুম’আ পৰ্যন্ত আলোকময় হব ।(চহীহ আত তাৰগীব ওৱাত তাৰহীব , হা নং ৭৩৬ )
ৰাছুলুল্লাহ (ছা: ) এ কৈছে , জুম’আৰ দিনত ১২ টা ঘন্টা আছে , ইয়াৰ মাজত এনে এক ঘন্টা আছে যত এনে কোনো মুছলিম নাই যে সি যদি তেতিয়া কোনো বস্তু আল্লাহৰ পৰা বিচাৰে আৰু আল্লাহে তাক নিদিব আৰু তোমালোকে আছৰৰ পিছত (মাগৰিবৰ আগত ) সেই সময়ৰ অনুসন্ধান কৰা ।
জুম’আৰ ছালাত কেনেকৈ পঢ়িব :- আপুনি মছজিদত প্ৰৱেশ কৰিয়েই দুই ৰাকাত ছালাত আদায় কৰিব এইটো হৈছে তাহিয়াতুল মছজিদৰ ছালাত । তেতিয়া খতিব চাহেবে যদি খুতবা ও দি থাকে তেতিয়াও আপুনি এই দুখ ৰাকাত ছালাত পঢ়িব পাৰিব । কাৰণ ৰাছুল (ছা:)ৰ আদেশ তেনেকুৱা । তাৰপিছত আপোনাৰ ইচ্ছা হ’লে আৰু পঢ়িব পাৰিব যদি খুতবা আৰম্ভ নহয় । দুই ৰাকাত দুই ৰাকাত কৰি আপুনি পঢ়িব পাৰিব বা অন্য জিকিৰ পঢ়িব । ইয়াত কোনো নিয়ম নাই । খতিবে খুতবা দিবলৈ আৰম্ভ কৰিলে মনে মনে বহি খুতবা শুনিব । ফৰজ ২ ৰাকাতৰ পিছত যোৱা মছজিদত পঢ়ে তেন্তে ২+ 2 = ৪ বা ৪ ৰাকাত এক ছালামত চুন্নত পঢ়িব আৰু মছজিদত নপঢ়ি ঘৰত আহি পঢ়িলে ২ ৰাকাত পঢ়া চুন্নত ।
জুম্মাৰ দিন মছজিদত ফিৰিস্তাসকলে থিয় হৈ থাকে আৰু সোনকালে যিসকল আহে সিহঁতে উট কোৰবাণী কৰাৰ সমান নেকী পয় , তাৰ পিছৰ সকলে গৰু কুৰবানী, আৰু তাৰ পিছত অহাসকলে কণী কুৰবানী কৰাৰ সমান নেকী পায় । তাৰপিছত ইমাম থিয় হৈ গ’লে ফিৰিস্তাসকলে দপ্তৰ সামৰি লয় আৰু খুতবা শুনি থাকে ।