জিন বা ভূত কি ?

জিন বা ভূত কি ?

 

জিন বা ভূত কি ?

 

জিন ” হৈছে জ্ঞান-বুদ্ধি সম্পন্ন এক জৈৱিক সত্তা ।

What is JInn?  জিন বা ভূত কি ?  পৱিত্ৰ ক্বুৰআন পাকত ” জিন ” ক কেতিয়াবা ” জান্না “, কেতিয়াবা ” জিন্না ” আৰু কেতিয়াবা ” জিন্নাত ” বুলি উল্লেখ কৰা হৈছে । এওঁলোক মালায়িকা বা ফিৰিষ্টা প্ৰকৃতিৰ বিপৰীত আৰু মানৱ-প্ৰকৃতিৰ অনু্ৰূপ জীৱ ।
এওঁলোকৰ সৃষ্টিৰ উপাদান *ধোঁৱাহীন অগ্নিশিখা* । আনহাতে, মানৱৰ সৃষ্টিৰ উপাদান হৈছে মাটি ।

ইচলামত জিন সাধন কৰা জায়েজ নহয়*। তথাপি, আমাৰ সমাজত প্ৰায়েই এনেকুৱা লোক দেখিবলৈ পোৱা যায় যিয়ে জিন সাধন কৰে । জিন সাধন কৰাটো হৈছে *গুণাহে কবীৰা (ডাঙৰ গুণাহ)*, কিয়নো জিন সাধন কৰিবলৈ এজন ব্যক্তিয়ে সেই নিৰ্দিষ্ট জিনটোক *ছিজদাহ* কৰিব লাগে, যিটো *ছিৰ্ক* কাৰণ আল্লাহৰ বাদে কাকো ছিজদাহ কৰা জায়েজ নহয় । যিয়ে ছিৰ্ক কৰিলে তেওঁৰ যেনিবা আল্লাহে ৪০ দিনৰ কাৰণে কোনো নামাযেই কবুল নকৰে ।
জিনৰ প্ৰথম পুৰুষ হৈছে *জান* । আনহাতে, মানৱ আদি পুৰুষ হৈছে *আদম (আ:)*।
মানৱৰ দৰে জিনৰো মতা-মাইকী আছে । নৰ-নাৰীৰ সঙ্গম তথা ওৰষত যেনেকৈ সন্তান-সন্ততি হয়, তেনেকৈ জিনৰ ক্ষেত্ৰতো মতা-মাইকীৰ সঙ্গমত সন্তান-সন্ততি হয় ।

জিন বা ভূত কি ?

মানুহৰ মাজত যেনেকৈ ঈমানদাৰ, বে-ঈমানদাৰ,মুছলিম-কাফিৰ,সৎ-অসৎ,জ্ঞানী-মূৰ্খ আদি পৰস্পৰ বিপৰীত শ্ৰেণীৰ লোক আছে, ঠিক তেনেকৈ জিনৰ মাজতো পৰস্পৰ বিপৰীত বিভিন্ন শ্ৰেণীৰ লোক আছে । মানুহৰ মাজত যেনেকৈ জন্ম-মৃত্যু আছে, তেনেকৈ জিনৰ মাজতো জন্ম-মৃত্যু আছে ।  লেতেৰা জিনক *” খবিছ “* বুলি কোৱা হয় । আমাৰ ভাষাত জিন,খবিছ আদিক ভূত-প্ৰেত বোলা হয় । *ভাল জিনবোৰক জিন বুলিয়ে কোৱা হয় , বেয়া জিনবোৰ হৈছে চায়াতিন বা চয়তান (Devils)*।

READ : ঈমান বৃদ্ধিৰ কেইটামান উপায়
জিনৰ আয়ুসকাল *দুই-আঢ়ৈ হাজাৰ বছৰ* পৰ্যন্ত হয় ।

জিনৰ শাৰীৰিক শক্তি আৰু গতি মানুহতকৈ বহুত বেছি । সিহঁতে বুলড্ৰজাৰৰ দৰে প্ৰকাণ্ড এজোপা গছ উভালিব পাৰে, প্ৰকাণ্ড একোটা শিল বগৰাই দিন পাৰে ।

সিহঁতৰ গতিও তাপ-বিদ্যুতৰ দৰেই ক্ষিপ্ৰ ।কেই মূহুৰ্তৰ ভিতৰতে সিহঁতে পৃথিৱীৰ ইমূৰৰ পৰা সিমূৰলৈ অহা-যোৱা কৰিব পাৰে । পৃথিৱীৰ অ’ত ত’ত ঘটা ঘটনাসমূহ মানুহতকৈ আগেয়ে জানিব আৰু সংগ্ৰহ কৰিব পাৰে ।
আকাশৰ তাৰকামণ্ডলীৰে গঠিত ৰাশিচক্ৰ পৰ্যন্ত উৰ্ধগমন কৰিব পাৰে । কিন্তু, পিছলৈ [ নবী কৰিম (ছ:) ৰ জামানাৰ পৰা ] আল্লাহে সেয়া জিনৰ বাবে অসাধ্য কৰি দিয়ে ।

নবী কৰীম(ছ:) য়ে কৈছে ,
*” আল জিন্নু চালাচা “* অৰ্থাৎ জিন তিনি প্ৰকাৰৰ | 

_১)_ একপ্ৰকাৰ হৈছে
*” লাহুম আজনিসা “*
পাঁখিযুক্ত আৰু সিহঁতে বতাহত ঘূৰি ফুৰে ।
_২)_ *” হায়্য়াত “*
এই শ্ৰেণীৰ জিনে জন্তুৰ ৰূপত দেখা দিয়ে । সাধাৰণতে , সাপ আৰু কুকুৰৰ ৰূপ ধাৰণ কৰে ।
_৩)_ এই প্ৰকাৰৰ শ্ৰেণীৰ জিনে মানুহক ভয়-ভীতিৰে বিৰক্তি দিবলৈ চেষ্টা কৰে ।

ইব্লীচ কোন ?⁉️

*ইব্লীচ (Iblis)* হৈছে জিন সম্প্ৰদায়ভূক্ত । দীৰ্ঘকাল কঠোৰ সাধনা আৰু উপাসনা কৰি সি আল্লাহৰ সান্নিধ্য বা নৈকট্য লাভ কৰে আৰু ফিৰিষ্টাসকলৰ লগত স্থান পায় ।
👉🏻 আদমক মানৱৰ শ্ৰেষ্ঠত্বৰ স্বীকৃতিস্বৰূপে আল্লাহ তা’আলাই ইব্লীচৰ লগতে ফিৰিষ্টাসকলক আদমৰ প্ৰতি ছিজদাহ কৰিবলৈ আদেশ দিছিল । সেই আদেশ অনুসৰি ফিৰিষ্টাসকলে আদম(আ:) ক ছিজদাহ কৰিছিল । কিন্তু ইব্লীচে অহংকাৰ কৰি আদম(আ:)ক ছিজদাহ কৰাৰ পৰা বিৰত আছিল । আদম(আ:)ক ছিজদাহ কৰাৰ প্ৰসংগত ইব্লীচে আল্লাহ তা’আলাক কৈছিল,
_” মই আদমতকৈ শ্ৰেষ্ঠ, কিয়নো তুমি মোক অগ্নিৰপৰা সৃষ্টি কৰিছা আৰু তেওঁক বোকা মাটিৰপৰা ।”_
👉🏻 অহংকাৰ কৰি আল্লাহৰ এটা মাত্ৰ হুকুম অমান্য কৰি সি চিৰদিনৰ বাবে অভিশপ্ত চয়তানত পৰিণত হৈছিল ।

READ  : https://islamqa.info/en/answers/2340/the-world-of-the-jinn

নিয়ামূল ক্বুৰআন

 

 

 

Leave a comment