💥🔥জাহান্নাম উদ্বোধন:💥🔥 তিন শ্রেণীৰ মানুহৰদ্বাৰা সর্বপ্রথমত জাহান্নাম উদ্বোধন কৰা হব। (ক)শ্বহীদ। (খ)আলিম আৰু (গ)দানকাৰী । 📇 হাদিছ 📇 :: 📇 ::: 📇 ::::::: তিন শ্রেণীৰ মানুহ সর্বপ্রথমে জাহান্নামত যাবঃ প্রখ্যাত ছাহাবী আবু হুৰায়ৰা ৰাদিয়াল্লাহু আনহু কৈছে, মই ৰাছূল ছাল্লাল্লাহু আলায়হি ওৱা ছাল্লাম ইৰচাদ কৰোতে শুনিছো , নবীজী কৈছে: কিয়ামতৰ দিনা সর্ব প্রথমে যিসকলৰ বিচাৰ কৰা হব,➖➖➖➖➖ প্ৰথম #শ্বহীদ ব্যক্তিক কিয়ামতৰ দিনা উপস্থিত কৰা হব আৰু আল্লাহ প্রদত্ত্ব সকলো নিয়ামত সম্পর্কে অৱগত কৰা হব সি সকলো নিয়ামত চিনি পাব বা মানি লব। তেতিয়া তাক আল্লাহে সুধিব : এই নিয়ামতৰ বিনিময়ত তুমি কি কি আমল কৰিছা ? উত্তৰত কব: আপেনাৰ কাৰণে জিহাদ কৰি শ্বহীদ হৈছো। আল্লাহে কব : তুমি মিছা কৈছা। অথচ তুমি জিহাদ কৰিছা এইটো কাৰণত যে ,মানুহে তোমাক #বীৰ_শ্বহীদ বুলি মাতিব ।সেইটো তুমি পৃতিৱীত পাইছা । তাৰ পিছত ঘোষণা কৰা হব আৰু তাক চেহাৰাৰ (মুখৰ) উপৰত ভৰ দি টানি টানি লৈ যোৱা হব আৰু জাহান্নামত নিক্ষেপ কৰা হব৷ দ্বিতীয় #আলিম ব্যক্তি যিজনে নিজে দ্বীনী ইলম শিক্ষা গ্রহণ কৰিছে , বেলেগক শিক্ষা দিছে আৰু কুৰআন পঢ়িছে। তাক উপস্থিত কৰা হব আৰু প্রদত্ত নিয়ামত সম্পর্কে অৱগত কৰা হব। সি সকলো নিয়ামত চিনি পাব।তেতিয়া আল্লাহে সুধিব , এই সকলো নিয়ামতৰ প্রতিকর্ম হিচাপে তুমি কি কৰিছা? সি কব: মই ইলম শিকিছো আৰু বেলেগক শিক্ষা দিছো। আৰু তোমাৰ সন্তুষ্টিৰ উদ্দেশ্যত কুৰআন পঢ়িছো৷ আল্লাহে কব: তুমি মিছা কৈছা , অথচ তুমি ইলম শিকিছিলা যাতে মানুহে তোমাক #আলিম_বুলি মাতে, আৰু কুৰআন পঢ়িছা যাতে তোমাক ক্বাৰী বুলি মাতে । সেইটো তুমি পৃথিৱীত পাইছা।তাৰ পিছত নির্দেশ দিয়া হব আৰু চেহাৰাৰ উপৰত ভৰ দি টানি জাহান্নামত নিক্ষেপ কৰা হব। তৃতীয় , সেই ব্যক্তি যাক আল্লাহ প্রচুৰ সম্পদ দিছে। তাক উপস্থিত কৰা হব: আৰু সি সকলো নিয়ামত চিনি পাব৷তেতিয়া আল্লাহে সুধিব : এইবিলাক নিয়ামতৰ প্রতিকর্ম হিচাপে তুমি কি কৰিছা? সি কব: যি পথত খৰচ কৰা তোমাৰ পছন্দ আছিল, সেই সকল পথতেই মই খৰচ কৰিছো তোমাৰ সন্তুষ্টিৰ কাৰণে । আল্লাহে কব, তুমি মিছা কৈছা। তুমি খৰচ কৰিছা ঠিকেই কিন্তু উদ্দেশ্য আছিল মানুহে তোমাক #দানবীৰ বুলি মাতিব। সেইটো পৃথিৱীত কোৱা হৈছে । তাৰপিছত ঘোষণা কৰা আৰু তাক মুখৰ উপৰত ভৰ দি টানি টানি জাহান্নামত নিক্ষেপ কৰা হব। [মুছলিম: ১৯০৫]