জান্নাত বিচৰা আৰু জাহান্নামৰ পৰা বাচাৰ দু’আ

জান্নাত বিচৰা আৰু জাহান্নামৰ পৰা বাচাৰ দু’আ-
———————————————————————–
প্রতিদিনে ৰাতিপুৱা আৰু সন্ধিয়া ৩ বাৰকৈ পঢ়িব লাগে-

اللَّهُمَّ إِنِّي أَسْأَلُكَ الْجَنَّةَ وَأَعُوذُ بِكَ مِنَ النَّارِ

উচ্চাৰণঃ আল্লা-হুম্মা ইন্নী আচআলুকাল জান্নাতা ওৱা আ’উযু বিকা মিনান্নাৰ।

অর্থঃ হে আল্লাহ! মই আপোনাৰ ওচৰত জান্নাত বিচাৰোঁ আৰু জাহান্নামৰ পৰা আপোনাৰ ওচৰত আশ্রয় বিচাৰোঁ।

ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে-
“যি ব্যক্তিয়ে আল্লাহৰ ওচৰত ৩ বাৰ জান্নাত প্রার্থনা কৰে, জান্নাতে আল্লাহৰ ওচৰত দু’আ কৰে, হে আল্লাহ! তেওঁক জান্নাত দান কৰা। যি ব্যক্তিয়ে আল্লাহৰ ওচৰত ৩ বাৰ জাহান্নামৰ পৰা আশ্রয় প্রার্থনা কৰে, জাহান্নামে আল্লাহৰ ওচৰত দু’আ কৰে, হে আল্লাহ! তেওঁক জাহান্নামৰ পৰা মুক্তি দিয়া”। (তিৰমিজী ২৫৭২, ইবনে মাজাহ ৪৩৪০, শায়খ আলবানীয়ে এই হাদীছটো ছহীহ বুলি কৈছে, ছহীহুল জামি ৬২৭৫)।

উল্লেখ্য – ৰাতিপুৱা আৰু সন্ধিয়া ৭ বাৰ “আল্লাহুম্মা আজিৰনি মিনান্নাৰ” পঢ়াৰ হাদীছটো জঈফ বা দুর্বল, শায়খ আলবানী চিলচিলা জঈফাহ ১৬২৪।

গতিকে সেইটো নপঢ়ি এই দু’আ টো পঢ়িব, কাৰণ ইয়াত জান্নাত বিচৰা আৰু জাহান্নামৰ পৰা মুক্তি বিচৰা দুয়োটা দু’আ আছে, আৰু এইটো ছহীহ। “আল্লাহুম্মা আজিৰনি মিনান্নাৰ” তকৈ “আল্লা-হুম্মা ইন্নী আচআলুকাল জান্নাতা ওৱা আ’উযু বিকা মিনান্নাৰ” এই দু’আটোৱেই উত্তম আৰু ছহীহ।

Leave a comment