☆☆☆ জান্নাত অতুলনীয় ☆☆☆
জান্নাতৰ বিভিন্ন বৈশিষ্ট্য সমূহৰ বিষয়ে ইতিমধ্যে আল্লাহে আমাক কোৰআন আৰু চহীহ হাদীছৰ মাধ্যমেৰে আমাৰ মাজত প্ৰচাৰ কৰি দিছে । আহকচোন, তেনে কিছু সুসংবাদৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰি স্বভাৱগত প্ৰক্ৰিয়াৰে আমি আশাৰ সপোন দেখোঁ !! সামান্তৰাল ভাবে আমাৰ আশা বাস্তৱায়ন কৰিবলৈ আমি আল্লাহ আৰু ৰাছূল চল্লাল্লাহু আলাইহি অছাল্লামে দেখুৱাই যোৱা পথ খামুচি ধৰাৰ সংকল্প লওঁ !!
১] মানুহৰ যেতিয়া ইন্তেকাল হয় , তেতিয়া তেওঁক নিজৰ পৰকালৰ ঠিকনা সম্পৰ্কে পুৱা গধূলি দেখুৱাই থকা হয় । জান্নাতী সকলে নিজকে জান্নাতত দেখা পাব আৰু জাহান্নামী সকলে নিজক জাহান্নামত দেখিবলৈ পাব ।
২] জান্নাতী সকলৰ বাবে জান্নাতত এটা গাঁঠনি কৰা ওখ তম্বু থাকিব , যাৰ উচ্চতা ৩০ / ৬০ মাইল ( দুটা বৰ্ণনা পোৱা যায় ) হব । এক তম্বুৰ কোণে কোণে মুমিন সকলৰ বাবে ইমানেই সুন্দৰী নাৰী সকল থাকিব , যিসকলক কোনেও কেতিয়াও দেখা নাই ।
৩] আল্লাহে জান্নাতী বান্দা সকলৰ বাবে এনে কিছু নিয়ামত প্ৰস্তুত কৰি ৰাখিছে , যিবোৰ নিয়ামতৰ বিষয়ে কোনেও কেতিয়াও শুনা নাই, কোনো কেতিয়াও দেখাও নাই বা এই সম্পৰ্কে কাৰো মনত কেতিয়াও কোনো ধাৰণাও জন্মা নাই ।
৪] নবী চল্লাল্লাহু আলাইহি অছাল্লামৰ ৭০ হাজাৰ বা ৭ লাখ উম্মত কোনো আগা পিছা নোহোৱাকৈ একেলগে জান্নাতত প্ৰৱেশ কৰিব যি সকলৰ চেহেৰা পূৰ্ণিমাৰ ৰাতিৰ চন্দ্ৰ সদৃশ হব ।
৫] জান্নাতত প্ৰথমতে যিটো দলে প্ৰৱেশ কৰিব, পূৰ্ণিমা সদৃশ চন্দ্ৰৰ ৰূপ লৈ জান্নাতত সোমাব।তাৰ পাছত যিটো দল প্ৰৱেশ কৰিব তেওঁলোকৰ চেহেৰা উজ্জ্বল তাৰকা সদৃশ হব । তেওঁলোকৰ মাজত কোনো হিংসা , বিভেদ নাথাকিব । প্ৰত্যেক ব্যক্তিৰ বাবে দুগৰাকীকৈ ইমানেই সুন্দৰ স্ত্ৰী থাকিব , যিসকলৰ সৌন্দৰ্য্যতাই মাংস ভেদ কৰি হাড়ঁৰ ভিতৰৰ মজ্জাও দৃশ্যমান হব ।
৬] জান্নাতী সকল কেতিয়াও অসুস্হ নহব , নাকত কেতিয়াও চৰ্দি নাহিব, মল ত্যাগ কৰাৰ প্ৰয়োজন নাথাকিব , দেহৰ ঘাম সমূহ সুগন্ধি বিশিষ্ট হব । তেওঁলোকৰ ফনী সমূহ স্বৰ্ণৰ নিৰ্মিত হব আৰু আঙঠি সমূহ মুকুতাৰ দৰে চিকমিকাই থাকিব । সকলোৱেই এক মন এক প্ৰাণেৰে পুৱা গধূলি আল্লাহৰ পবিত্রতা বৰ্ণনা কৰি থাকিব ।
৭] জান্নাতৰ ক্ষুদ্ৰতম স্হানো সমগ্ৰ পৃথিৱীতকৈ উত্তম হব ।
৮] জান্নাতত এনে এজোপা বৃক্ষ থাকিব , যাৰ চাঁ কোনো পথচাৰীয়ে ১০০ বছৰ খোজ কাঢ়ি থাকিলেও অতিক্ৰম কৰিবলৈ সক্ষম নহব ।
৯] জান্নাতত অধিক সংখ্যক অধিবাসী দুখীয়া লোকসকল হব আৰু জাহান্নামত অধিক সংখ্যক মহিলা থাকিব ।
( চহীহ বুখাৰীৰ ” কিতাবু বাদউল খালক্ব ” অধ্যায়ৰ পৰা সংগৃহীত )।
আল্লাহে আমাক সকলোকে ইমান ফজিলত পূৰ্ণ নিয়ামত সমূহৰ অংশীদ্বাৰ হোৱাকৈ দুনিয়াইত চহীহ আক্বীদাৰে আমল কৰাৰ তৌফিক দান কৰক । । । । আমীন । । । আমীন । । । ।

— Muktabul Hussain