———————————————————————————–
আহক! চাওঁ কুৰআন, চুন্নাহ আৰু বিভিন্ন ইছলামিক স্কলাৰ সকলৰ মতে জান্নাতত কি পাব নাৰীসকলে :
.
ইছলামে নাৰীসকলক অনুমতি দিছে জান্নাতত তেওঁলোকৰ পুৰষ্কাৰ সম্পর্কে জনাৰ কিয়নো মানুহৰ আত্মা তাৰ গন্তব্য আৰু ভৱিষ্যৎ লৈ চিন্তা কৰা পছন্দ কৰে । ৰাছুল (ছাঃ) এনেধৰণৰ প্রশ্ন চাহাবা সকলৰ ওচৰৰ পৰা প্ৰায়েই পাইছিল । যেনেঃ তেওঁলোকে ৰাছুল (ছাঃ) ক সুধিছিল জান্নাতৰ দালান বোৰৰ সম্পর্কে, ৰাছুল (ছাঃ) কৈছেঃ সোনৰ ইটাৰ ওপৰত ৰূপৰ ইটা এইভাৱে এটাৰ ওপৰত আৰু এটাৰ অৱস্থান।
.
তেওঁলোকে ৰাছুল (ছাঃ)ক আৰু সুধিছিল তেওঁলোকে কি তেওঁলোকৰ স্ত্রী সকলৰ লগত মিলিব পাৰিব আৰু ৰাছুল (ছাঃ) কৈছিল হয় পাৰিব ।
.
জান্নাতৰ বর্ণনা আৰু ইয়াক পোৱাৰ আকাঙ্খাই যিকোনো মানুহৰ হৃদয় আৰু মন উৎফুল্লিত কৰিব পাৰে; তাত নাৰী-পুৰুষৰ কোনো ভেদাভেদ নাই । মৌখিকভাৱে, এইটো অৱশ্যেই ভাল আকাঙ্খা যাৰ মাধ্যমত নেক কামৰ আগ্রহ বাঢ়ে । মহান আল্লাহ্ ঈমানদাৰ সকলৰ উদ্দেশ্যে পৱিত্র কুৰআনত কৈছেঃ
“এই যে জান্নাতৰ উত্তৰাধিকাৰী তোমালোক হৈছা, এইটো তোমালোকৰ কর্মফল” (আয-যুখৰুফঃ৭২)
অথবা, তেওঁলোকেই আচলতে জান্নাত কামনা কৰে যিসকল তদানুযায়ী আমল কৰে
.
জান্নাত আৰু ইয়াৰ আনন্দময় শান্তি কেৱল পুৰুষৰ বাবে নহয়; বৰং
“এইটো বনোৱা হৈছে পৰহেজগাৰ সকলৰ বাবে”(আলে-ইমৰানঃ১৩৩)।
ইয়াত পৰহেজগাৰ বুলিলে কেৱল পুৰুষসকলক বুজোৱা নহয় বৰং নাৰী-পুৰুষ উভয়কেই বুজোৱা হৈছে; যেনেকৈ মহান আল্লাহ্ কৈছেঃ
যি লোক পুৰুষ হওঁক বা নাৰী, কোনো সৎকর্ম কৰে আৰু বিশ্বাসী হয়; সেয়ে তেওঁলোকে জান্নাতত প্রৱেশ কৰিব আৰু তেওঁলোকৰ প্রাপ্য তিল পৰিমাণো নষ্ট নহব । ( ছুৰা নিছাঃ ১২৪)
.
যি কামটো নাৰীসকলে কৰা উচিত নহয় সেইটো হল জান্নাতত কি পাম? কি নাপাম? তাত তেওঁলোকে কি কৰিব? কত থাকিব? কত যাব? এইবোৰৰ ভিতৰত আৱদ্ধ থকা, আৰু আলোচনা, সমালোচনা কৰাৰ মাজত নিজৰ মূল্যৱান সময় নষ্ট কৰা । মুছলিম নাৰীসকলৰ বাবে এইটো জনা যথেষ্ট যে এবাৰ জান্নাতত প্রৱেশ কৰিলে তেওঁলোকে পাহৰি যাব দুখ, বেদনা, কষ্ট আৰু পাহৰি যাব অতৃপ্তি যি সি/তাই পৃথিৱীত সম্মুখীন হৈছিল ; কিয়নো জান্নাতত তেওঁলোকৰ জীৱন হব অসমাপ্ত সুখৰ ।
.
মুছলিম নাৰীসকলৰ বাবে এইটো জনা যথেষ্ট যে মহান আল্লাহ্ কৈছেঃ
“
তাত তেওঁলোকৰ মুঠেই কষ্ট নহয় আৰু তাৰ পৰা বহিষ্কৃত নহয়” (আল-হিজৰঃ ৪৮)
“তেওঁলোকৰ ওচৰত পৰিবেশন কৰা হব সোনৰ থাল ও পানপাত্র আৰু তাত আছে মনে যি বিচাৰে আৰু চকু যাতে তৃপ্ত হয়, তোমালোকে তাত চিৰকাল থাকিবা” (আয-যুখৰুফঃ৭১)
“ তেওঁলোকৰ বাবে উদ্যান আছে , যাৰ তলদেশত নদীসমূহ প্রবাহিত হব; তেওঁলোক তাতেই চিৰকাল থাকিব; আল্লাহ্ তেওঁলোকৰ প্রতি সন্তুষ্ট; এইটোৱেই মহান সফলতা” (আল-মায়িদাহঃ১১৯)
.
জান্নাতৰ সকলো প্রকাৰ আনন্দময় শান্তিৰ আভাস মহান আল্লাহ্ পৱিত্র কুৰআনত যিভাৱে বর্ণনা কৰিছেঃ যেনে খোৱাৰ ধৰণ, বিচিত্রপুর্ণ দৃশ্য, ঘৰবাৰী আৰু পোছাক যিবোৰ নাৰী-পুৰুষ উভয়েই সমান সমান পাব। কেৱল এটা বস্তু পুৰুষৰ বাবে এককভাৱে বনোৱা হৈছে সেইটো হলঃ “হুৰ”।
.
এতিয়া বহুত নাৰীয়ে প্রশ্ন কৰিব পাৰে কিয় নাৰীসকলৰ বাবে এনে কৰা নহল? হয়, আপোনালোকৰ প্রশ্নৰ উত্তৰ তলত উল্লেখ কৰা হলঃ
.
• মহান আল্লাহ্ কৈছেঃ “তেওঁ যি কৰে, সেই বিষয়ে তেওঁ জবাবদিহি নহ’ব , কিন্তু সিহঁতকেই প্রশ্ন কৰা হব” (আল-আম্বিয়াঃ২৩)। তথাপি, চৰীয়ত ও ইছলামী ৰীতিনীতিৰ বর্ণনাত যুক্তি বিচাৰা কোনো বাধা বা ক্ষতি নাই ।
• এইটো আমি জানো যে, জন্মগত বা প্রকৃতিগতভাৱে নাৰী সকল লজ্জাশীল হৈ থাকে সেই কাৰণে, মহান আল্লাহ্ তেওঁলোকক সেই ক্ষেত্ৰত উৎসাহিত কৰা নাই যি ক্ষেত্ৰত তেওঁলোকক লোক সমাজত বিব্রতকৰ অৱস্থাৰ সম্মুখীন হব লাগে ।
• নাৰীসকল পুৰুষৰ প্রতি আসক্তি অৱশ্যেই পুৰুষসকল নাৰীসকলৰ প্রতি আসক্তিৰ দৰে জোৰাল নহয় । সেই কাৰণেই আল্লাহ্ চুবহা’নাহু ওয়া তা’আলাই জান্নাতী ৰমণীসকলক আগতীয়া খবৰ পুৰুষ সকলক জনোৱাৰ মাধ্যমত পৰহেজগাৰ হবলৈ উৎসাহিত কৰিছে, এই ক্ষেত্ৰত ৰাছুল (ছাঃ) কৈছেঃ মই নাৰীসকলতকৈ ডাঙৰ কোনো ধৰণৰ ফিতনা পুৰুষসকলৰ বাবে ৰাখি যোৱা নাই (বুখাৰী)
• নাৰীসকলৰ ক্ষেত্রত লক্ষনীয়, পুৰুষসকলৰ তুলনাত তেওঁলোকৰ সাজসজ্জা, অলংকাৰ, গহনা এইবোৰ পছন্দ কৰে, কাৰণ তেওঁলোক জন্মগতভাৱেই সেইবোৰৰ প্রতি আকৃষ্ট থাকে; যেনেকৈ মহান আল্লাহ্ পৱিত্র কুৰআনত কৈছেঃ “ যিবিলাক অলঙ্কাৰেৰে লালিত পালিত হয়” (আয-যুখৰুফঃ১৮)
• শ্বেইখ ইবন উথায়মিন (ৰাহিমাহুল্লাহ) কৈছেঃ “মহান আল্লাহ্ জান্নাতী ৰমণীসকলৰ বিষয়ে কৈছে কিয়নো পুৰুষ সকল প্রকৃতিগতভাৱেই নাৰীসকলক কামনা কৰে; যিটো নাৰীসকলৰ ক্ষেত্রত লক্ষ্যনীয় নহয় । সেই কাৰণেই আল্লাহ্ চুবহা’নাহু ওয়া তা’লাই জান্নাতত নাৰীসকলৰ বাবে স্বামীৰ বিষয়ে কোৱা নাই ; কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তেওঁলোকৰ কোনো স্বামী নাথাকিব , বৰং তেওঁলোকৰ বাবে থাকিব মনুষ্য স্বামী”
.
এই পৃথিৱীত, যি নাৰীসকল জান্নাতত যাব তেওঁলোকক তলৰ ক্যাটাগৰি অনুযায়ী বিভক্ত কৰা হবঃ
• যি নাৰী বিয়াৰ আগতেই মৃত্যু বৰণ কৰিছে
• যি নাৰীৰ ডিভোৰ্চ অৱস্থাত আৰু ২য় বিয়াৰ আগতেই মৃত্যু হৈছে
• বিবাহিত নাৰী যাৰ স্বামী তাৰ লগত জান্নাতত যাব নোৱাৰিব (আল্লাহ্ আমাক ৰক্ষা কৰক)
• যি নাৰী বিয়াৰ পিছত মৃত্যু বৰণ কৰিছে
• যি নাৰীৰ স্বামী তাইৰ আগতেই মৃত্যু হৈছে আৰু তেওঁ আমৃত্য আৰু বিয়া কৰা নাই
• যি নাৰীৰ স্বামী তাইৰ আগতেই মৃত্যু হৈছে আৰু তেওঁ আৰু এটা বিয়া কৰিছে।
.
উল্লেখিত প্রতিটো নাৰীয়েই জান্নাতত এটা বিশেষ মর্যাদা পাবঃ
• যি নাৰী বিয়াৰ আগতেই মৃত্যু বৰণ কৰিছেঃ এই নাৰী এজন পুৰুষক বিয়া কৰিব (মনুষ্য স্বামী)। ৰাছুল (ছাঃ) কৈছেঃ জান্নাতত কোনো ব্যাক্তিই অবিবাহিত অৱস্থাত নাথাকে (মুছলিম)।
শ্বেইখ ইবন উথায়মিন (ৰাহিমাহুল্লাহ) কৈছেঃ “যদি কোনো নাৰী অবিবাহিত অৱস্থাত মৃত্যু হয় আল্লাহ্ এনে এজনৰ লগত জান্নাতত তাইৰ বিয়া দিব যিয়ে তাৰ হৃদয়ঙ্গম কৰিব । জান্নাতৰ পৰিপুর্ণ শান্তি নাৰী-পুৰুষ উভয়ৰ বাবেই সমান; সেইটো অৱশ্যেই বিবাহকেই বুজায়”
• একেই নিয়ম যি নাৰীৰ ডিভোর্চ অৱস্থাত আৰু ২য় বিয়াৰ আগতেই মৃত্যু হৈছে তাৰ বাবে
• একেই নিয়ম বিবাহিত নাৰী যাৰ স্বামী তাৰ লগত জান্নাতত যাব নোৱাৰিব । শ্বেইখ ইবন উথায়মিন কৈছেঃ যদি কোনো নাৰী জান্নাতত প্রৱেশ কৰে অবিবাহিত অৱস্থাত অথবা বিবাহিত কিন্তু তাৰ স্বামী জান্নাতী নহয় মহান আল্লাহ্ জান্নাতৰ মাজৰ পৰা অবিবাহিত এজন পুৰুষৰ লগত তাইৰ বিয়া দিব।
• যি নাৰী বিয়াৰ পিছত মৃত্যু বৰণ কৰিছে তেওঁ তাইৰ স্বামীৰ লগত থাকিব জান্নাতত
• যি নাৰীৰ স্বামী তাইৰ আগতেই মৃত্যু হৈছে আৰু তেওঁ আমৃত্য আৰু বিয়া কৰা নাই তেওঁ তাৰ স্বামীৰ লগত জান্নাতত থাকিব
• যি নাৰীৰ স্বামী তাইৰ আগতেই আগেই মৃত্যু হৈছে আৰু তেওঁ আৰু এটা বিয়া কৰিছে সেই ক্ষেত্রত তাৰ সর্বশেষ স্বামীই তাৰ লগত জান্নাতত থাকিব (স্বামীৰ সংখ্যা যিমানেই নহওঁক কিয়)। ৰাছুল (ছাঃ) কৈছেঃ নাৰী সকল তেওঁলোকৰ সর্বশেষ স্বামীৰ লগতে জান্নাতত থাকিব (শ্বেইখ আল-বানী ৰাহিমাহুল্লাহ)
.
হুযাইফা (ৰাঃ) তাৰ স্ত্রীক কৈছেঃ “যদি তুমি মোৰ লগত জান্নাতত থাকিব বিচৰা তেনেহলে মোৰ মৃত্যূৰ পিছত কাকো বিয়া নকৰিবা”। নাৰীসকলে জান্নাতত তাইৰ শেষ স্বামীৰ সৈতে থাকিব আৰু সেই বাবেই আল্লাহ্ চুবহা’নাহু ওয়া-তা’লাই নবী-স্ত্রীসকলক নবীসকলৰ মৃত্যু হোৱাৰ পিছত ২য় বিয়া কৰিব নিষেধ কৰিছে; কিয়নো তেওঁলোক নবীসকলৰ লগতেই জান্নাতত থাকিব।
.
আনফালে,চহীহ হাদিচত আহিছে, ৰাছুল(ছাঃ) নাৰীসকলৰ উদেশ্যে কৈছেঃ জাহান্নামৰ অধিবাসীসকলৰ ভিতৰত অধিকাংশই নাৰী জাতি। আন এক হাদিচত আহিছে জান্নাতৰ অধিবাসীসকলৰ ভিতৰত নাৰীসকলৰ অংশ খুবেই কম । (বুখাৰী ও মুছলিম)
.
যিয়েই নহওঁক, আন এটা হাদিচৰ বর্ণনাত আহিছেঃ জান্নাতত, এই পৃথিৱীৰ প্রতিটো পুৰুষৰ বাবে এই পৃথিৱীৰ পৰা ২টা কৰি স্ত্রী থাকিব।
.
অথবা উল্লেখিত হাদিচ সমূহৰ সমন্বয়ৰ ভিত্তিত তিনিটা মতামত আছে যিবোৰৰ মাধ্যমত বুজা যাব; নাৰীসকলৰ অধিকাংশ কি জান্নাতত থাকিব নে জাহান্নামত থাকিবঃ
• নাৰীসকলৰ অধিকাংশই জান্নাতত ও জাহান্নামত থাকিব; কাৰণ তেওঁলোক পুৰুষসকলৰ সংখ্যাতকৈ বেছি হব (আল-ক্কাৰি ইয়াদাহ)
• নাৰীসকলৰ অধিকাংশই জাহান্নামৰ অধিবাসী
• উল্লেখিত হাদিচ অনুযায়ী নাৰীসকলৰ অধিকাংশই জাহান্নামৰ অধিবাসী আৰু তেওঁলোক অধিকাংশ জান্নাতৰো অধিবাসী ও পুৰুষৰ সংখ্যাতকৈ বেছি নাৰীসকলক হুৰ সকলৰ লগত সমন্বিত কৰা হব ।
• আৰম্ভণীৰ ফালে নাৰীসকলৰ অধিকাংশই জাহান্নামৰ অধিবাসী হিচাবে থাকিব, আৰু তাৰপিছত নাৰী সকলৰ অধিকাংশকেই জান্নাতৰ অধিবাসী কৰা হব যেতিয়া মুছলিম নাৰীসকলক জাহান্নামৰ পৰা বাহিৰ কৰি অনা হব (তেওঁলোকৰ পাপৰ শাস্তি কমোৱাৰ পিছত)। আল ক্কুৰতুবি ৰাছুল (ছাঃ) ৰ “জাহান্নামৰ অধিবাসী সকলৰ ভিতৰত অধিকাংশই নাৰী জাতি” এই হাদিচৰ বিষয়ে মতামত দিছে এইভাৱেঃ মহান আল্লাহ্ যিহেতু কৈছে সেই সমস্ত বান্দা যিসকলে ঘোষণা দিছে লা ইলা ইল্লাল্লাহ-ৰ তেওঁলোকক জাহান্নামৰ পৰা বাহিৰ কৰি অনা হব ।
ইয়াত মূল বক্তব্য হল এই যে প্রত্যেক মুমিন নাৰীৰ চিন্তা ভাবনা এনে হোৱা উচিত তেওঁলোক যেন জাহান্নামৰ বাসিন্দা হোৱাৰ পৰা নিজক মুক্ত ৰাখিবলৈ সচেষ্ট কৰে ।
যি সকল নাৰী জান্নাতৰ অধিবাসী তেওঁলোকক তেওঁলোকৰ যৌৱন ও কুমাৰীত্ব পুনৰ দিয়া হব। যেনেকৈ ৰাছুল (ছাঃ) কৈছেঃ কোনো বৃদ্ধা মহিলা জান্নাতত প্রৱেশ কৰিব নোৱাৰিব …যেতিয়া মহান আল্লাহ্ তেওঁলোকক জান্নাতত প্রৱেশ কৰাব তেতিয়া তেওঁলোকৰ কুমাৰীত্ব পুনৰ দিয়া হব ।
ঐতিহ্যৰ ফালৰ পৰা, জান্নাতী নাৰীসকল হুৰসকলতকৈ বহুত বেছি সুন্দৰী হব কাৰণ তেওঁলোক পৃথিৱীত মহান আল্লাহ্ৰ ইবাদত কৰিছিল ।
ইবন আল-ক্কাইয়ুম (ৰাহিমাহুল্লাহ) কৈছেঃ “জান্নাতত যি কোনো পুৰুষৰ বাবে আন পুৰুষৰ স্ত্রীৰ ওচৰত যোৱা নিষেধ হব”
গতিকে, জান্নাত সুসজ্জিত কৰা হৈছে নাৰী-পুৰুষ উভয়ৰ বাবেই মহান আল্লাহ্ পৱিত্র কুৰআনত কৈছেঃ “ মুত্তাক্বীসকল থাকিব জান্নাত ও নিজৰা সমূহৰ মাজত । যোগ্য আসনত সর্বাধিপতি সম্রাটৰ সান্নিধ্যত ” (আল ক্কামাৰঃ ৫৪ ও ৫৫)
আমাৰ সচেতন হোৱা দৰকাৰ এই সুযোগ যাতে হাত এৰা হৈ নাযায়; কাৰণ এই পৃথিবী খুব সোনকালেই শেষ হবলৈ ধৰিছে আৰু আখিৰাতৰ জীৱনৰ বাহিৰে আৰু কোনো বস্তুই অৱশিষ্ট নাথাকে ;হয়তো জান্নাত অথবা জাহান্নাম । জান্নাতৰ বাসিন্দা সকলৰ ভিতৰত এজন হোৱাৰ চেষ্টা থকাটোৱেই মূললক্ষ্য আৰু এইটো মূৰত ৰখাটো জৰুৰী যে, মিছা আশ্বাস ও অৱজ্ঞা কেতিয়াও জান্নাত দিব নোৱাৰে বৰং বিশ্বাস আৰু নেক আমলৰ দ্বাৰাই একমাত্র জান্নাত অর্জন কৰা সম্ভব । এইটো সকলো সময় মনত ৰাখিব লাগিব যে, ৰাছুল (ছাঃ) কৈছেঃ যদি কোনো মহিলাই ৫ ওয়াক্ত ছালাত আদায় কৰে, ৰমজান মাহত ছিয়াম পালন কৰে; নিজৰ সম্ভ্রম ৰক্ষা কৰে আৰু স্বামীৰ আনুগত্য কৰে তেতিয়া তেওঁলোকক কোৱা হবঃ তুমি জান্নাতত প্রৱেশ কৰা যিটো দৰ্জা দি পছন্দ কৰা । (আহমদঃ১৬৬৪)
সতর্ক থাকক সেই সমস্ত “মুক্তমনা” ও মনগঢ়া “নাৰী স্বাধীনতা”-ৰ চেতনাৰ পৰা; কিয়নো সিহঁতে আপোনাৰ বিশ্বাস, মৰাল, এথিকস বিনষ্টকাৰী আৰু জান্নাতৰ সুগন্ধিৰ পৰা বঞ্ছিতকাৰী ।সেই সমস্ত তছলিমা নাছৰিনময় মুক্ত চিন্তাৰ লেখক সকলৰ লিখনি আপোনাক মূৰ্খ বনোৱাৰ বাহিৰে আৰু একোৱেই কৰিব নোৱাৰে ।
.
পবিত্র কুৰআনৰ এটা আয়াত দি শেষ কৰিছো; মহান আল্লাহ্ কৈছেঃ “সিহঁতে বিচাৰে যে, সিহঁত যেনেকুৱা কাফিৰ, তোমালোকো সিহঁতৰ দৰে কাফিৰ হৈ যোৱা, যাতে তোমালোক আৰু সিহঁত সকলোৱে সমান হৈ যোৱা ” (আন-নিছাঃ৮৯)
#আল্লাহুম্মা_ইন্নি_আছআলুকাল_জান্নাহ
#আল্লাহুম্মা_ইন্নি_আছাআলুকাল_জান্নাহ
#আল্লাহুম্মা_ইন্নি_আছআলুকাল_জান্নাহ।
✍✍.. (অসমীয়া অনুবাদ :- তাহেৰা বেগম )