জাগা মুমিন জাগা – ৫৮

জাগা মুমিন জাগা – ৫৮
আপোনালোকে কেতিয়াবা অনুসন্ধান কৰি চাইছেনে পৰম্পৰাগত ভাবে আদায় কৰি থকা বিতিৰ চালাতৰ দলীল কি ?? চহীহ হাদীচত উল্লেখ থকা নবী(চঃ)য়ে আদায় কৰা পদ্ধতিৰ সৈতে আপুনি আদায় কৰি থকা পদ্ধতি একে হয়নে ?? হাদীচৰ বিশেষজ্ঞই আপুনি আদায় কৰি থকা বিতিৰৰ পদ্ধতিৰ শুদ্ধতাৰ বিষয়ে কি কৈছে ?? যদি এই বিষয়ে আপুনি অজ্ঞ , তেন্তে নিম্ন উল্লেখিত দলীল সমূহ আপোনাৰ বাবে দাঙি ধৰা হল, প্ৰয়োজন বোধ কৰিলে ইনচাআল্লাহ নিজা অনুসন্ধানেৰে সিদ্ধান্ত গ্ৰহণ কৰিলে লাভাম্বিত হব !!
প্ৰচলিত নিয়ম অনুসৰি বিতিৰ চালাতৰ দ্বিতীয় ৰাকাতৰ অন্তত বহি আত্তাহিয়াতু পঢ়ি পুনৰ ঠিয় হৈ তৃতীয় ৰাকাতৰ কেৰাত শেষ কৰি কান্দ্ধ লৈকে হাত দাঙি দোৱা কুনুত পঢ়া পদ্ধতিৰ কোনো চহীহ হাদীচ নাই !! যুগৰ অন্যত্বম মুহাদ্দীচ শেইখ নাছিৰুদ্দিন আলবানী ( ৰহঃ) স্পষ্ট কৰিছে এই পদ্ধতি সঠিক নহয় তথা সম্পূৰ্ণ ভিত্তিহীন , যিহেতু ইয়াৰ সপখ্য়ে কোনো চহীহ দলীল নাই ( ইৰওয়াউল গালীল, হাঃ/৪২৭,২/১৬৯ পৃষ্ঠা )।এই পদ্ধতি সংগ্ৰহ কৰা হৈছে মাওলানা মুহিউদ্দিন খান চাহাবৰ লিখিত কিতাব ” তালীমুস-সালাত ” পৃষ্ঠা নং ১৭১ ৰ পৰা । একেটাই ভিত্তিহীন ত্বথ্য় উল্লেখিত হৈছে ড. ইলিয়াস ফায়সাল চাহেবৰ লিখিত কিতাপ ” নবীজীৰ নামাজ ” ৰ পৃষ্ঠা নং ২৪৬,২৪৭ ৰ পৰা । উল্লেখযোগ্য যে দুয়োখন কিতাবতে এই পদ্ধতি কোন হাদীচৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰো কোনো উল্লেখ নাই !!
[06/11 11:11 PM] mukib: ইয়াৰ বিপৰীতে যদি নবী(চঃ)ৰ বিতিৰ চালাতৰ পদ্ধতিৰ হাদীচ অধ্যয়ন কৰো তেন্তে দেখিবলৈ পাওঁ যে এক, তিনি, পাঁচ , সাত আদি ৰাকাতৰ বিতিৰ নবী(চঃ)য়ে আদায় কৰাৰ চহীহ দলীল পোৱা যায় । বিশেষ ভাবে তিনি ৰাকাতৰ বিতিৰৰ পদ্ধতিত দুই ৰাকাতৰ পাছত কোনো বৈঠক নাছিল , একেধাৰে তিনি ৰাকাত আদায় কৰিছিল । দলীল — ১) আয়েশা(ৰাঃ) বৰ্ণনা কৰিছে ৰছূল(চঃ) য়ে তিনি ৰাকাত বিতিৰ পঢ়িছিল কিন্তু শেষৰ ৰাকাতৰ বাহিৰে বৈঠক কৰা নাছিল ( বায়হাক্বী হাঃ/৪৮০৩, ৩য় খন্ড , পৃষ্ঠা ৪১ / সনদ চহীহ )।
২) ক্বাতাদা ( ৰাঃ) ৰ দ্বাৰা বৰ্ণিত নবী(চঃ)য়ে তিনি ৰাকাতৰ বিতিৰ পঢ়িছিল কিন্তু অন্তিম ৰাকাতৰ আগত বৈঠক কৰা নাছিল ( মা’ৰেফাতুস সুনান ওয়াল আছাৰ, হাঃ/১৪৭১,৪/২৪০)।
৩) আত্বা ( ৰাঃ) তিনি ৰাকাতৰ বিতিৰ পঢ়িছিল কিন্তু মাজত বহা নাছিল আৰু শেষ ৰাকাতৰ ব্যতিত তাশ্বাহুদ পঢ়া নাছিল ( মুস্তাদৰাক হাকেম , হাঃ/১১৪২)।
সত্য প্ৰচাৰৰ দায়িত্ববোধক সৰোগত কৰি আমাৰ অধ্যয়নলদ্ধ ত্বথ্য় আপোনালোকৰ সন্মুখত দাঙি ধৰিছো, নিশ্চয় আপোনাৰ সিদ্ধান্তই আপোনাৰ কৰ্ম্মফল হিচাবে বিবেচিত হব। সোৱঁৰাই দিব বিচাৰো তাগিদেৰে নবী(চঃ)য়ে কৈ গৈছে -” চাল্লু ক্বামা ৰাআইতুমুনি ৱাচাল্লী “, অৰ্থাৎ চালাত আদায় কৰা যেনেদৰে মোক আদায় কৰা দেখিছা……………………….

Muktabul Hussain

Leave a comment