জাগা মুমিন জাগা — ৫৭
আলহামদুলিল্লাহ , আল্লাহে আমাক শ্ৰেষ্ঠ জীৱ মানুহ হিচাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছে আৰু লগত দিছে এক সুস্থ বিবেক । আমাৰ বাহ্য়িক অঙ্গ সমূহৰ দ্বাৰা যিদৰে আমি নিদিষ্ট কাম সমূহ সমাধান কৰো, যেনেকৈ হাতেৰে ধৰো, মুখেৰে খাওঁ , কাণেৰে শুনো, চকুৰে চাওঁ ইত্যাদি , ঠিক তেনেদৰেই আমাৰ আভ্য়ন্তৰীণ অঙ্গ সমূহৰো প্ৰত্যেকৰে নিদিষ্ট কাম থাকে । এই আটাইবোৰ অঙ্গৰ ভিতৰত সফল ব্যক্তি হবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গটি হৈছে মানুহৰ মগজু বা বিবেক । যিয়েই এই অঙ্গৰ সঠিক ব্যৱহাৰ কৰিব তেৱেই ইনচাআল্লাহ দুনিয়াই ও আখেৰতত সফল ব্যক্তি হিচাবে বিবেচিত হব ।
এতিয়া আহকচোন আমি মানুহৰ ভিতৰত শ্ৰেষ্ঠ মুছলমান বুলি দাবী কৰা লোকসকলে আমাৰ মগজুক উপযুক্ত ভাবে ব্যৱহাৰ কৰিছোনে নাই তাৰ এক ত্বথ্য়ভিত্তিক পয্য়ালোচনা কৰাৰ চেষ্টা কৰো !! সামগ্রিক ভাবে আমি নিজকে বা আমাৰ সমাজ খনলৈ চালে আমি দেখা পাম যে পাৰ্থিৱ জীৱনত বজাৰৰ দহটকীয়া এককেজি আলু কিনাৰ পৰা আদি কৰি নিজৰ সন্তানক লাখ লাখ টকা খৰছ কৰি বিদেশত অধ্যয়ন কৰোৱালৈ আমাৰ বিবেকক পূৰ্ণমাত্ৰাই আমি ব্যৱহাৰ কৰো, কিন্তু নিজৰ আমলৰ শুদ্ধতা বিবেচনাৰ খেত্ৰত নিজৰ সেই একেটাই শিক্ষিত বিবেকক একেদৰে প্ৰয়োগ কৰোনে ?? আল্লাহৰ কামত আমি বিবেকক কিমান নিস্ক্ৰিয় কৰি ৰাখো, কিমান আমি স্বাৰ্থপৰ কেতিয়াবা চিন্তা কৰিছোনে ?? একেবাৰে অশিক্ষিত নিজৰ চহীটোকে কৰিব নজনা লোক এজনকো বুজাই দিলে বুজি পাব যে আমি কৰা যিকোনো আমল নবী(চঃ) বা চাহাবায়ে কেৰাম সকলে কৰিছিল বুলি চহীহ হাদীচৰ দ্বাৰা প্ৰমাণিত হলে সেইয়া হব চুন্নত , আৰু চহীহ হাদীচত নাথাকিলে সেইয়া হব
[05/11 7:08 AM] mukib: বিদআত !! কিন্তু আমি নিজকে শিক্ষিত বুলি কৈ এই সাধাৰণ কথাটোকে বুজি নোপোৱাৰ ভাও জোৰাটো আপোনাৰ বিবেকক চয়তানে নিস্ক্ৰিয় কৰি দিয়াৰ প্ৰমান নহয়নে ?? কত সাৰি যাব হে শিক্ষিত মুছলমান ভাইসকল, আল্লাহে আমাক শিক্ষিত বনাইছে ভূল শুদ্ধ বিবেচনা কৰি কোৰাআন হাদীচ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ , আলীম উলেমাৰ সকলো কথা বিবেচনা নকৰাকৈ চলি বিলাসীতাৰ জীৱন পাৰ কৰিবলৈ নহয় !! চহীহ হাদীচ মানি চলা সকলকেই আজি ইছলামৰ শত্ৰু সাজি নিজকে যিসকলে আহলে চুন্নাতুল জামাত বুলি দাবী কৰিছে, তেখেত সকল সঁচাকৈয়ে নবী(চঃ)ৰ চুন্নতৰ ওপৰত প্ৰতিস্হিত বুলি চহীহ হাদীচৰ ত্বথ্য়ৰে প্ৰমাণ কৰিব পাৰিবনে ?? সমাজৰ শিক্ষিত লোকসকলক আমি আহ্বান জনাওঁ, আমি চালাতৰ বাবে ঠিয় হওঁতে জাইনামাজৰ দোৱা পঢ়া, চালাতৰ শাব্দিক নিয়ত পঢ়া, নাভীৰ তলত হাত বন্ধা, ফৰজ চালাতৰ শেষত সমূহীয়া দোৱা কৰা ইত্যাদি প্ৰতিষ্ঠিত চুন্নত বুলি প্ৰমান কৰিবলৈ আমাক পৰিচালিত কৰা ধৰ্ম্মীয় নেতা সকলক আহ্বান কৰক !! শিক্ষিত হিচাবে আপোনালোকেও হাদীচ অধ্যয়ন কৰি এইবোৰ যে চুন্নত নহয় সেই বিষয়ে নিজে নিশ্চিত হৈ আনৰ বাবে সত্য প্ৰচাৰ কৰক !! আল্লাহে আমাক শিক্ষিত বনোৱাৰ অন্ততঃ সিমানখিনি চেষ্টা আল্লাহৰ বাবে কৰক !! অন্যথা আমি সকলো শিক্ষিত লোকে আল্লাহৰ পৰা বাচি যোৱাৰ কোনো সুবিধা নাপাম, শিক্ষিত হৈ অশিক্ষিতৰ দৰে বিবেকক পৰিচালিত কৰিলে তিল তিলকৈ ভূগিব লাগিব।
সেয়েহে আপুনি যদি সচাকৈয়ে পৰকালৰ বিশ্বাসী, তেন্তে এগৰাকী শিক্ষিত লোকৰ দায়িত্ববোধেৰে সত্য সন্ধানত জাগ্ৰত হওক, ইনচাআল্লাহ মৃত্যুৰ পাছত আল্লাহে ইয়াৰ উপযুক্ত প্ৰতিদান দিব । । । । । । । ।
Muktabul hussain