ছালাত !!! ছালাত !!! ছালাত !!!
নিশ্চয় ইছলামৰ সৰ্ব্বোত্তম ইবাদত হৈছে ছালাত যি মুমিনৰ বাবে একমাত্র সকলো অৱস্থাতে নিৰ্ধাৰিত ফৰজ ( বাকাৰা, ২৩৮-৩৯/ নিছা, ১০১-০৩)। পবিত্র কোৰআনত সৰ্ব্বাধিক আলোচ্য় বিষয় হৈছে ছালাত । ই ইমানেই গুৰুত্বপূৰ্ণ ইবাদত যাক ৭ বছৰ বয়সৰ পৰাই আদায় কৰাৰ অভ্যাস কৰিবলৈ নিৰ্দ্দেশ দিয়া হৈছে ( আবুদাউদ /২৪৭, মিশকাত /৫৭২ )। নবী কৰীম(চঃ)ৰ জীৱনৰ অন্তিম অচিয়ত আছিল ছালাত ও ইয়াৰ হিফাজত ( আবুদাউদ /৫১৫৬, ইবনে মাজাহ/২৬৯৮)। ইছলামীয় শ্বৰীয়তৰ বিধান অনুসৰি যি ব্যক্তিয়ে উদাসীন ভাবে ছালাত আদায় কৰে আৰু ব্যস্ততাৰ বাবে ছালাত ত্যাগ কৰি ছালাতৰ কোনো হিফাজত নকৰে, তেনে মুছল্লীৰ বাবে স্বয়ং আল্লাহে কৰিছে ধ্বংসৰ কামনা ( মাউন/৪-৬)। সেয়েহে এনে ব্যক্তি ছালাত আদায় কৰাৰ স্বত্তেও জাহান্নামৰ বাসিন্দা হবলৈ বাধ্য !!
ছালাতৰ হিফাজত কৰাৰ অৰ্থ হৈছে চহীহ ইখলাচ ও গভীৰ মনোযোগেৰে সঠিক সময়ত একমাত্র নবী(চঃ)ৰ ৰুকু চিজদাহৰ পৰা আদি কৰি সকলোবোৰ চুন্নতি তৰিকা অতুত ৰাখি আদায় কৰা ছালাত । উল্লেখযোগ্য যে ছালাতৰ এই গুৰুত্বপূৰ্ণ হিফাজতৰ হুকুম বাখ্যা কৰি হাফীজ ইবনুল ক্বায়ইম ( ৰহঃ ) য়ে কৈছে-
১) যি ব্যক্তিয়ে অৰ্থ সম্পদৰ মোহত ছালাত আদায় কৰাত গাফিলতি কৰিব তেওঁৰ হাচৰ হব মুচা ( আঃ) ৰ চাচত ভায়েক বখীল ধনকুবেৰ ক্বাৰূনৰ লগত ।
২) ৰাষ্ট্ৰীয় বা ৰাজনৈতিক ব্যস্ততাৰ অজুহাতত যি ব্যক্তিয়ে ছালাতত গাফিলতি কৰিব তেওঁৰ হাচৰ হব মিচৰৰ অত্যাচাৰী শাসক ফিৰআউনৰ লগত ।
৩) মন্ত্ৰীত্ব বা চাকৰীৰ অজুহাতত যি লোকে ছালাতত উদাসীন হব তেওঁৰ হাচৰ হব ফিৰআউনৰ প্ৰধানমন্ত্ৰী হামানৰ লগত ।
৪) ব্যৱসায়িক ব্যস্ততাৰ বাবে যি লোকে ছালাতত গাফিলতি কৰিব তেনেলোকৰ হাচৰ হব মক্কাৰ কাফিৰ ব্যৱসায়ীৰ নেতা উবাই বিন খালাফেৰ লগত ।
( ইবনুল ক্বায়ইম, সাইয়িদ সাবিক ফিকহুস সুন্নাহ/১৪১২,১৯৯২/১,৭২)
কোৱা বাহুল্য় যে কিয়ামতৰ দিনা কাফিৰৰ লগত হাচৰ হোৱা মানেই জাহান্নাম নিশ্চিত ।
হে সন্মানীয় মুছল্লী সকল, আহক আমি সকলোৱেই আমাৰ জীৱনযোৰা ছালাতৰ পৰিণতি জাহান্নাম হবলৈ নিদি গুৰুত্ব সহকাৰে প্ৰকৃত অৰ্থৰে ছালাতৰ হিফাজত কৰো। একমাত্র নবী(চঃ)ৰ চহীহ চুন্নতৰ পদ্ধতিৰে ছালাত আদায় কৰি বাকী সকলো তৰিকা আজিয়েই ত্যাগ কৰি আল্লাহৰ প্ৰিয়পাত্ৰ হোৱাৰ সাহসী সংকল্প লওঁ । পৰম্পৰাগত ত্বথ্য়বিহীন ভাবে আদায় কৰি অহা চুন্নত খিলাফী চালাতৰ পৰা মুক্ত হোৱাৰ প্ৰতিগ্য়া কৰো। আমি সদায়েই কৈ অহাৰ দৰে আজিও স্পষ্ট ভাষাৰে কওঁ – প্ৰচলিত হানাফী মজহবৰ চালাতৰ কোনো হিফাজত নাই। এই মজহবী ছালাতে নবী(চঃ)ক জিব্ৰাইল(আঃ)য়ে শিক্ষা দিয়া চহীহ ৱক্ত আৰু পদ্ধতিক তিলতিলকৈ নাকচ কৰিছে। আৰম্ভণিৰ শাব্দিক নিয়তৰ পৰা আৰম্ভ কৰি চালাম ফিৰোৱাৰ পাছত কৰা সমূহীয়া মোনাজাত লৈকে কেৱল বিদআত ও বিদআতেৰে ভৰপূৰ । চুন্নতৰ হিফাজতৰ স্হান লৈছে বিদআতৰ হিফাজতে !!
ত্বথ্য়বিহীন বুজৰগানে দ্বীনৰ যুক্তি দেখুৱাই মূল্যহীন বিতৰ্কৰে তৰ্ক জিকাৰ ওকালতি কৰাতকৈ জ্ঞানী লোকৰ দৰে চহীহ হাদীচ অনুসন্ধান কৰক !! ইন শ্বা আল্লাহ ” দুধ কি দুধ , পানী কি পানী ” নিজেই সহজতে দেখা পাব। আমি মাথোঁ সজাগতাৰ বাবে কবহে পাৰো -” জাগা মুমিন জাগা “………
জাগা মুমিন জাগা – ৫২
সাৱধান !!! সাৱধান !! সাৱধান !
আমাৰ এনে ধাৰাবাহিক লিখনীৰ একমাত্র উদ্দেশ্যই হৈছে পৰকালৰ সফলতাৰ বাবে নিজৰ লগতে সাধাৰণ লোককো সত্যৰ দিশলৈ আহ্বান জনোৱা । ইছলাম বিৰোধী আমল দৃষ্টিগোচৰ কৰোৱাই বিপদত নপৰিবলৈ সাৱধান কৰি দিয়া !! কোৰাআন হাদীচৰ দৃষ্টিভংগীৰে যিকোনো ব্যক্তিয়েই যদি আমি পালন কৰি থকা ইছলামলৈ চায় তেন্তে প্ৰতিটো খ্য়েত্ৰতেই আপোনাৰ চকু কপালত উঠিব যদিহে সঁচাকৈয়ে আপুনি পৰকালৰ বিশ্বাসী সচেতন ব্যক্তি !!
ইছলাম ধৰ্ম্মালম্বী প্ৰতিগৰাকী ব্যক্তিয়েই অন্তৰাত্মাৰে বিশ্বাস কৰে যে পবিত্ৰ কোৰাআন হৈছে আল্লাহৰ প্ৰত্যক্ষ বাণী যাক ওহীয়ে মাতলু বোলা হয়। এই কোৰাআনৰ মাধ্যমেৰে আল্লাহে মানৱ জাতিক বিভিন্ন বিষয়ৰ মৌলিক দিশ সমূহ দাঙি ধৰিছে । বিশ্বজগতৰ লগতে মানৱ জাতিৰ সৃষ্টি ৰহস্যৰ বিতং ত্বথ্য় আল্লাহে মানৱ সম্প্ৰদায়ক অৱগত কৰাইছে। পৃথিৱীৰ মাটিৰ পৰা আল্লাহে প্ৰথম মানৱ আদম( আঃ)ক সৃষ্টি কৰি মৃত্যু ও পুনৰ জীৱত কৰাৰ সন্দৰ্ভত কৈছে-” মই সেই মাটিৰ পৰাই তোমালোকক সৃষ্টি কৰিছো আৰু তালৈকে তোমালোকক ঘূৰাই নিম আৰু তাৰপৰাই তোমালোকক আকৌ এবাৰ উলিয়াই আনিম ( চুৰা ত্বা-হা, আয়াত-৫৫)। এতিয়া আল্লাহৰ এই নিজস্ব বাণীক আমি এনে এক স্হানত অপব্যৱহাৰ কৰিছো যত আল্লাহৰ এই সৃষ্টিৰ কতৃত্ব কওঁতাই নিজে দাবী কৰা বুজাব ! আমি কবৰত মাটি দিওঁতে প্ৰথম মুঠি মাটি দি কওঁ -“মিনহা খালাকনাকুম “, অৰ্থাৎ মই এই মাটিৰ পৰাই তোমাক সৃষ্টি কৰিছো। দ্বিতীয় মুঠি মাটি দিওঁতে কওঁ -” ৱা ফিহা নুয়িদুকুম “, অৰ্থাৎ তালৈকে তোমাক ঘূৰাই নিম। শেষত তৃতীয় মুঠি মাটি দি কওঁ -” ৱা মিনহা নুখৰিজুকুম তাৰাতান ওখৰা “, অৰ্থাৎ তাৰ পৰাই তোমালোকক আকৌ এবাৰ উলিয়াই আনিম ।
এতিয়া আপোনালোকে নিজৰ বিবেকেৰেই চিন্তা কৰকচোন আল্লাহে কৰা সৃষ্টিক আমি এনে কৰ্ম্মৰ দ্বাৰা মাটি দিওঁতাই নিজে কৰা বুলি ব্যক্ত কৰা নাইনে ??
হাদীচ অধ্যয়ন কৰিলে দেখা যায় যে – আবু হুৰায়ৰাহ(ৰাঃ) দ্বাৰা বৰ্ণিত হৈছে স্বয়ং নবী(চঃ)য়ে মৃতকৰ কবৰত তিনি মুঠি মাটি দিওঁতে কেৱ্ল বিচমিল্লাহ শব্দহে ব্যৱহাৰ কৰিছিল ( ইবনে মাজাহ, হাঃ নং-১৫৬৫ )।তেন্তে স্বাভাৱিকতেই প্ৰশ্ন হয় ভয়ঙ্কৰ শব্দাৰ্থেৰে ওপৰত উল্লেখিত কবৰত মাটি দিয়া দোৱা আহিল কৰ পৰা ?? কাৰোবাক আল্লাহৰ সমকখ্য় কৰিলেই যিহেতু সৰ্ব্বোবৃহত অপৰাধ শ্বীৰ্ক হয় তেন্তে আল্লাহে কৰা কামক আমি কৰা বুলি কলে কি হব পাৰে ??
এনেবোৰ দিশ অধ্যয়ন কৰি আমি ভাবিবলৈ বাধ্য হৈছো যে আমাৰ আলীম সমাজে সাধাৰণ মানুহক হাদীচ পঢ়িলে গুমৰাহ হব বুলি প্ৰচাৰ চলোৱাৰ ৰহস্য কি ?? নবী(চঃ)ৰ চহীহ হাদীচৰ জ্ঞান ললে যদি মানুহ গুমৰাহ হয় তেন্তে পথভ্ৰষ্ট নহবলৈ আমাক হুজুৰ(চঃ)য়ে কোৰাআন আৰু চুন্নতক খামূচি ধৰিবলৈ কিয় কৈ গল ?? সাধাৰণ মানুহে চহীহ হাদীচৰ জ্ঞান পালে আমাক দি থকা ভূল জ্ঞান সমূহ ধৰা পৰাৰ ভয়তে এনে চতুৰ অপপ্ৰচাৰ কৰা হৈছে নেকি ?? এনে ধৰণৰ অসংখ্য প্ৰশ্নই আজি সচেতন দ্বীনদৰদী লোকক জাগ্ৰত কৰি তুলিছে !! ত্বথ্য়ভিত্তিক উত্তৰ বিচাৰিলেই আমি হৈ পৰো ইছলামৰ শত্ৰু ইংৰাজৰ সৃষ্টি !! কি আচৰিত বিশেষণ !! বোকা চতিওৱা চৰিত্ৰ পৰিহাৰ কৰি এবাৰৰ বাবে হলেও বিবেকক প্ৰাধান্য দি চিন্তা কৰকচোন , ইংৰাজৰ সৃষ্টিৰ দলে কিহৰ যুক্তিত চহীহ হাদীচৰ প্ৰতি আকৃষ্ট হব বা তাৰ ওপৰত আমল কৰিব ??
অসমৰ সন্মানীয় আলীম সমাজলৈ আমাৰ কাতৰ অনুৰোধ , ইছলামৰ মূখ্য আদৰ্শ ঐক্য় আৰু সংহতি অতুত ৰখাৰ স্বাৰ্থত চহীহ হাদীচৰ ত্বথ্য়ৰে আমাৰ প্ৰশ্নত্তোৰ সমূহৰ সমাধান দিয়ক। কোনো কাকো শত্ৰু জ্ঞান নকৰাৰ পৰিবেশ সৃষ্টিত আপোনালোকে বলিষ্ট পদক্ষেপ গ্ৰহন কৰক। আল্লাহৰ কালাম আৰু চহীহ হাদীচ সাধাৰণ মানুহক নিজৰ ভাষাত বুজাই দিয়ক । ইছলামীয় শান্তিৰে সমাজ একত্ৰিত কৰক । । । এয়েই হৈছে সময়ৰ আহ্বান । । । । । । । । । ।
জাগা মুমিন জাগা – ৫৪
ইছলাম ধৰ্ম্মালম্বী প্ৰায় প্ৰতিগৰাকী লোকৰেই মছজিদৰ প্ৰতি এক বিশেষ আন্তৰিকতা আছে। নতুনকৈ মছজিদ এটা নিৰ্ম্মান কৰা বা সুন্দৰকৈ নিজৰ মছজিদটি সজাই পৰাই তোলাৰ খ্য়েত্ৰত আমি প্ৰত্যেকেই সদায় সহযোগিতা আগবঢ়াই আহিছো। কিন্তু কোৰাআন হাদীচৰ আলোকত মছজিদৰ আদব আৰু মছজিদ নিৰ্ম্মানৰ বেলিকা আমি অৱলম্বন কৰিব লগা কিছু গুৰুত্বপূৰ্ণ দিশ পালন কৰা উচিত ।
১) মছজিদৰ পৰা কবৰস্হান দূৰত থকা বান্চনীয় । উপায়ান্তৰ হৈ কাষতে কবৰস্হান থাকিলে মাজত দেৱাল দিব লাগিব । মছজিদ নিৰিবিলি আৰু কোলাহলমুক্ত পৰিবেশত হব লাগে ( তিৰমিযি , ইবনে মাজাহ , মিশকাত /৭৩৭ )।
২) মছজিদ চিধাচিধি আৰু অনাঢ়ম্বৰ হব লাগে । কোনো ধৰনৰ সাজসজ্জা বা জাক জমকতা ভাবে মছজিদ সজাব নোৱাৰিব আৰু মছজিদক লৈ কোনেও গৰ্ব কৰিব নোৱাৰিব ( আবুদাউদ , নাসাই, মিশকাত / ৭১৮-৭১৯ )।
৩) মছজিদৰ মিম্বৰ তিনি স্তৰৰ অধিক হব নোৱাৰিব ( বুখাৰী /৯১৭-১৯, ইবনে মাজাহ /১৪১৪ )।
৪) মছজিদৰ ক্বিবলা দিশত ” আল্লাহু ” বা কা’বা গৃহৰ ছবি , মেহৰাবৰ দুই কাষে গম্বুজ আকৃতিৰ নিৰ্মাণ কৰি তাৰ ওপৰত সুসজ্জিত টায়েলচ্ , যিকোনো লিখা বা খূদিত কৰিব নোৱাৰিব ( মিৰ’আত, ২/৪২৮ )।
৫) কোনো কাৰণতে মছজিদত জোন-তৰাৰ ছবি ৰখা বা পকাত খূদিত কৰিব নোৱাৰিব, কিয়নো আল্লাহৰ বিভিন্ন সৃষ্টিৰ ভিতৰত চন্দ্ৰ তৰা আদিও আল্লাহৰেই সৃষ্টি । আল্লাহৰ নিজস্ব আকাৰ আছে , কিন্তু সেই আকাৰক কোনো বস্তুৰ লগত কেতিয়াও তুলনা কৰিব নোৱাৰি । বিশ্বজগতৰ কোনো বস্তুৱেই তেওঁৰ লগত ৰিজনি নাখাটে ( আচ-ছূৰা/১১)। চন্দ্ৰ সূৰ্য্যৰ লগত ইছলামৰ কোনো প্ৰতখ্য় সম্বন্ধও নাই বা এইবোৰ ইছলামৰ প্ৰতিক চিন্হও নহয়।
মছজিদৰ আদৱ — ৬) মছজিদত প্ৰবেশ কৰি পোনে পোনে নবহি দুই ৰাকাত আল্লাহৰ উদ্দেশ্য তাহয়াতিল নফল চালাত আদায় কৰিব লাগে ( মিশকাত /৭০৪ )।
৭) মছজিদত খুতবাৰ বাহিৰে উচ্চ স্বৰত কথা কোৱা বা হুলস্থুল কৰা নিষেধ ( মিশকাত /১০৮৯)।
৮) মছজিদত কোনো হেৰুৱা বস্তুৰ বিজ্ঞপ্তি বা জাননী প্ৰচাৰ কৰিব নোৱাৰিব ( মিশকাত /৭০৬)।
৯) মছজিদৰ ভিতৰত একমাত্র ইমামৰ বাহিৰে আন কোনো ব্যক্তিৰ বাবে স্হান নিদিষ্ট কৰি বা জাইনামাজ পাৰি আবদ্ধ কৰি ৰাখিব নোৱাৰিব ( আবুদাউদ /৮৬২ )।
১০) মছজিদে নববী আৰু মছজিদুল আক্বছাৰ বাহিৰে বাকী সকলো মছজিদৰ ময্য়দা সমান ( মিশকাত /৬৯৩ )। এতেকে অধিক চাবাবৰ আশাত সৰু মছজিদ এৰি ডাঙৰ মছজিদলৈ চালাত আদায় কৰিবলৈ যোৱাটো অনুচিত ।
১১) মছজিদ কমিটিৰ সভাপতি প্ৰমোখ্য়ে সকলো সদস্যই সদায়েই মছজিদৰ তদাৰক ও সংৰক্ষণৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব , অন্যথা আল্লাহৰ ওচৰত জবাবদিহি হব লাগিব ( মিশকাত /৩৬৮৫)। তেওঁলোকে মছজিদত কোনো বিদাতী কায্য় হবলৈ বা বিদাতীক প্ৰশ্চয় দিব নোৱাৰিব , এনে কৰিলে তেওঁলোকৰ ওপৰত আল্লাহৰ লা’নত পৰিব আৰু কোনো নেক আমল কবুল নহব ( মিশকাত /২৭২৮)।
আল্লাহে আমাক সকলোকে বাতিল কামৰ পৰা দূৰত ৰাখি হক্ক ৰাস্তাত চলিবলৈ তৌফিক দান কৰক । । । আমীন । । । । । । ।
জাগা মুমিন জাগা – ৫৫
আলহামদুলিল্লাহ আজি শুক্ৰবাৰ, নিশ্চিত ভাবে আমি বহুতেই জুম্মাৰ অতি গুৰুত্বপূৰ্ণ চালাত ইতিমধ্যে আদায় কৰি আহিলো। প্ৰায় প্ৰতিটো মছজিদতে আজি চালাত আদায় কৰিবলৈ লোকে লোকাৰণ্য় হৈ পৰে। এই মুছল্লী সকলৰ ভিতৰত গৰিষ্ট সংখ্যকেই সপ্তাহীয়া নামাজী !! অৰ্থাৎ চালাতক সপ্তাহত এদিন আদায় কৰাতহে প্ৰাধান্য দিয়ে। বাকী কিছু সংখ্যক আকৌ ঘৰুৱা নামাজী, অৰ্থাৎ তেখেতসকলে হয়তো পাঁচ ৱক্ত চালাত আদায় কৰে যদিও বাকীবোৰ দিনত ফৰজ চালাতো ঘৰতে আদায় কৰে কিন্তু জুম্মাৰ চালাতহে জামাতৰ সৈতে মছজিদত আদায় কৰাত প্ৰাধান্য দিয়ে!! এনেদৰেই বিভিন্ন প্ৰকৃতিৰ মুছল্লীৰে সামগ্ৰিক ভাৱে সপ্তাহত এদিন হলেও মছজিদবোৰ ভৰি পৰা দেখা যায়। জুম্মাৰ কিছু সময়ৰ পাছতেই আছৰৰ চালাতত গৈ দেখিলে এনে লাগে যেন মছজিদৰ প্ৰতিটো চুকে কোনে চিঞৰি চিঞৰি কান্দি আছে, কিয়নো প্ৰথম কাতাৰটোৱেই পূৰ্ণ হবলৈ মুছল্লীৰ অভাৱ !! ইমান সুন্দৰকৈ আমিয়েই বনোৱা মছজিদটোৱে শান্তি পাবলৈ অপেক্ষা কৰিব লাগিব সূদীৰ্ঘ পৰৱৰ্তী জুম্মাৰ দিনটোলৈ !! এয়েই হৈছে আমি নিজকে মুছলমান বুলি গৌৰৱেৰে পৰিচয় দিয়া লোকৰ আল্লাহৰ হুকুম পালন কৰা দায়িত্ববোধৰ নমুনা !!
হে সন্মানীয় মুছলীম ভাইসকল , ইছলামক লৈ অন্ততঃ এনেদৰে চুপতি মাৰি নিজৰ পবিত্র আৰু সৰ্ব্বোত্তম ধৰ্ম্মটোক নিজেই ইতিকিং কৰাৰ চেষ্টা নকৰিব !! আল্লাহৰ নিদিষ্ট পৰিকল্পনা আৰু আমাৰ মহানবী মহম্মদ(চঃ) ও তেখেতৰ সহপাঠী সকলৰ অশেষ কষ্ট আৰু আত্মবলিদানৰ ফলতহে পৃথিৱীৰ বুকুত আল্লাহে ইছলামক নিয়ামতৰ এক পূৰ্নাংগ ধৰ্ম্ম হিচাবে প্ৰতিষ্ঠা কৰিছে। আমি যদি ইয়াৰ অনুগত্য় নকৰো তেন্তে ভয়ঙ্কৰ শাস্তিৰ পৰা কোনো বচাব নোৱাৰিব। পাচঁ ৱক্তৰ চালাত প্ৰতি গৰাকী মুছলমান পুৰুষ মহিলাই একমাত্ৰ নবী(চঃ)য়ে আদায় কৰা নিদিষ্ট পদ্ধতিত যথাসময়ত আমি সকলোৱেই দৈনিক যিকোনো পৰিস্থিতিত হলেও আদায় কৰিবই লাগিব , তাত তিলমানো excuse নচলিব । উল্লেখযোগ্য যে এই চালাতৰ পদ্ধতি যদি নবী(চঃ)য়ে দেখুৱাই যোৱা অনুসৰি নহয়, তেতিয়াও আপোনাৰ চালাতে ৰোজ হাচৰত আপোনাক জাহান্নামলৈ পঠিয়াব, কিয়নো আপোনাৰ চালাত সিদিনা বিদআতী চালাত হিচাবে বিবেচিত হব। আপোনালোকৰ জ্ঞাতাৰ্থে সতৰ্ক কৰি দিব বিচাৰো যে আপুনি যদিও পাচঁ ৱক্তৰ চালাত আদায়কাৰী এগৰাকী মুছল্লী, কিন্তু আপোনাৰ চালাতত যদি বিদআত থাকে তেন্তে চহীহ হাদীচ অনুসৰি আপোনাৰো ঠিকানা নিঃসন্দেহে জাহান্নাম !! বিদআতৰ মিশ্ৰণ আপোনাৰ যিকোনো ইবাদতত আছে নে নাই সেইটো গম পোৱাৰ সহজ পদ্ধতি হৈছে আপুনি অনুসন্ধান কৰক আপুনি কৰা প্ৰতিটো ইবাদত চহীহ হাদীচত আছে নে নাই ?? যদি আছে তেন্তে আলহামদুলিল্লাহ আপুনি চুন্নতৰ ওপৰত আছে, যদি নাই তেন্তে সতৰ্ক হৈ শুধৰণীৰ চেষ্টা কৰক, যিহেতু নিঃসন্দেহে আপুনি বিদাতি আমল কৰি আছে । নবী(চঃ)য়ে স্পষ্ট কৰি গৈছে বিদাত কৰা লোকৰ কোনো ভাল আমল আল্লাহে কবুল নকৰে আৰু তেওঁলোকৰ স্হান নিশ্চিত ভাবে হব জাহান্নাম !! গতিকে কি সাহসত আপোনাৰ আমলত বিদআতৰ সংমিশ্ৰণ ঘটাই আপুনি জাহান্নাম যাব বিচাৰিছে ?? আপোনাৰ ইবাদত সমূহ আজিয়েই অনুসন্ধান কৰি নিশ্চিত হওক আপুনি প্ৰকৃততে চুন্নতী নে বিদআতী?? কাৰো মুখৰ কথাত পতিয়ন নগৈ হাদীচত অনুসন্ধান কৰিলেহে আপুনি আপোনাৰ প্ৰকৃত পৰিচয় বিচাৰি পাব !! আমি দৃঢ়তাৰে আপোনাক জনাওঁ, আপোনাৰ চালাতত যদি আপুনি আৰম্ভণিত জাইনামাজ পাকৰ দোৱা ইন্নিৱাজ্জাহাতু ………পঢ়িলে, চালাতৰ শাব্দিক নিয়ত নাৱাইতুৱান ৱাচল্লীয়া …………পঢ়িলে, জুম্মাত নিদিষ্ট কৰি দিয়া কাবলাল জুম্মা, বাঅদাল জুম্মা নামৰ চালাত আদায় কৰিলে তেন্তে কিন্তু আপুনি অনুসন্ধানৰ অভাৱৰ বাবে চুন্নত ত্যাগ কৰি বিদআত কৰি আছে । কিয়নো এই আমল সমূহ নবী(চঃ) বা কোনো চাহাবায়ে কৰা নাছিল , পৰৱৰ্তী সময়ত এইবোৰ দ্বীনত নতুন অৰ্ন্তভূক্ত কৰা হৈছে যাক বিদআত বোলা হয় । কিয়নো দ্বীনত প্ৰতিটো নতুন অৰ্ন্তভূক্তিকেই বিদআত বোলা হৈছে, ভাল বিদআত বেয়া বিদআত বুলি বিদআতৰ কোনো ভাগ নাই । । ।
গতিকে সন্দেহ ত্যাগ কৰিবলৈ আপোনাৰ আমল অনুসন্ধান কৰক আৰু চহীহ তৰিকাৰে পাচঁ ৱক্ত চালাত সকলোৱে আদায় কৰাৰ সংকল্প লওক, আল্লাহে আমাক তৌফিক দিয়ক । । আমীন । ।
জাগা মুমিন জাগা — ৫৭
আলহামদুলিল্লাহ , আল্লাহে আমাক শ্ৰেষ্ঠ জীৱ মানুহ হিচাবে পৃথিৱীলৈ প্ৰেৰণ কৰিছে আৰু লগত দিছে এক সুস্থ বিবেক । আমাৰ বাহ্য়িক অঙ্গ সমূহৰ দ্বাৰা যিদৰে আমি নিদিষ্ট কাম সমূহ সমাধান কৰো, যেনেকৈ হাতেৰে ধৰো, মুখেৰে খাওঁ , কাণেৰে শুনো, চকুৰে চাওঁ ইত্যাদি , ঠিক তেনেদৰেই আমাৰ আভ্য়ন্তৰীণ অঙ্গ সমূহৰো প্ৰত্যেকৰে নিদিষ্ট কাম থাকে । এই আটাইবোৰ অঙ্গৰ ভিতৰত সফল ব্যক্তি হবলৈ আটাইতকৈ গুৰুত্বপূৰ্ণ অঙ্গটি হৈছে মানুহৰ মগজু বা বিবেক । যিয়েই এই অঙ্গৰ সঠিক ব্যৱহাৰ কৰিব তেৱেই ইনচাআল্লাহ দুনিয়াই ও আখেৰতত সফল ব্যক্তি হিচাবে বিবেচিত হব ।
এতিয়া আহকচোন আমি মানুহৰ ভিতৰত শ্ৰেষ্ঠ মুছলমান বুলি দাবী কৰা লোকসকলে আমাৰ মগজুক উপযুক্ত ভাবে ব্যৱহাৰ কৰিছোনে নাই তাৰ এক ত্বথ্য়ভিত্তিক পয্য়ালোচনা কৰাৰ চেষ্টা কৰো !! সামগ্রিক ভাবে আমি নিজকে বা আমাৰ সমাজ খনলৈ চালে আমি দেখা পাম যে পাৰ্থিৱ জীৱনত বজাৰৰ দহটকীয়া এককেজি আলু কিনাৰ পৰা আদি কৰি নিজৰ সন্তানক লাখ লাখ টকা খৰছ কৰি বিদেশত অধ্যয়ন কৰোৱালৈ আমাৰ বিবেকক পূৰ্ণমাত্ৰাই আমি ব্যৱহাৰ কৰো, কিন্তু নিজৰ আমলৰ শুদ্ধতা বিবেচনাৰ খেত্ৰত তিলমানো প্ৰয়োগ নকৰো ?? আল্লাহৰ কামত আমি বিবেকক কিমান নিস্ক্ৰিয় কৰি ৰাখো, কিমান আমি স্বাৰ্থপৰ কেতিয়াবা চিন্তা কৰিছোনে ?? একেবাৰে অশিক্ষিত নিজৰ চহীটোকে কৰিব নজনা লোক এজনকো বুজাই দিলে বুজি পাব যে আমি কৰা যিকোনো আমল নবী(চঃ) বা চাহাবায়ে কেৰাম সকলে কৰিছিল বুলি চহীহ হাদীচৰ দ্বাৰা প্ৰমাণিত হলে সেইয়া হব চুন্নত , আৰু চহীহ হাদীচত নাথাকিলে সেইয়া হব বিদআত !! কিন্তু আমি নিজকে শিক্ষিত বুলি কৈ এই সাধাৰণ কথাটোকে বুজি নোপোৱাৰ ভাও জোৰাটো আপোনাৰ বিবেকক চয়তানে নিস্ক্ৰিয় কৰি দিয়াৰ প্ৰমান নহয়নে ?? কত সাৰি যাব হে শিক্ষিত মুছলমান ভাইসকল, আল্লাহে আমাক শিক্ষিত বনাইছে ভূল শুদ্ধ বিবেচনা কৰি কোৰাআন হাদীচ অনুসৰি জীৱন অতিবাহিত কৰিবলৈ , আলীম উলেমাৰ সকলো কথা বিবেচনা নকৰাকৈ চলি বিলাসীতাৰ জীৱন পাৰ কৰিবলৈ নহয় !! চহীহ হাদীচ মানি চলা সকলকেই আজি ইছলামৰ শত্ৰু সাজি নিজকে যিসকলে আহলে চুন্নাতুল জামাত বুলি দাবী কৰিছে, তেখেত সকল সঁচাকৈয়ে নবী(চঃ)ৰ চুন্নতৰ ওপৰত প্ৰতিস্হিত বুলি চহীহ হাদীচৰ ত্বথ্য়ৰে প্ৰমাণ কৰিব পাৰিবনে ?? সমাজৰ শিক্ষিত লোকসকলক আমি আহ্বান জনাওঁ, আমি চালাতৰ বাবে ঠিয় হওঁতে জাইনামাজৰ দোৱা পঢ়া, চালাতৰ শাব্দিক নিয়ত পঢ়া, নাভীৰ তলত হাত বন্ধা, ফৰজ চালাতৰ শেষত সমূহীয়া দোৱা কৰা ইত্যাদি প্ৰতিষ্ঠিত চুন্নত বুলি প্ৰমান কৰিবলৈ আমাক পৰিচালিত কৰা ধৰ্ম্মীয় নেতা সকলক আহ্বান কৰক !! শিক্ষিত হিচাবে আপোনালোকেও হাদীচ অধ্যয়ন কৰি এইবোৰ যে চুন্নত নহয় সেই বিষয়ে নিজে নিশ্চিত হৈ আনৰ বাবে সত্য প্ৰচাৰ কৰক !! আল্লাহে আমাক শিক্ষিত বনোৱাৰ অন্ততঃ সিমানখিনি চেষ্টা আল্লাহৰ বাবে কৰক !! অন্যথা আমি সকলো শিক্ষিত লোকে আল্লাহৰ পৰা বাচি যোৱাৰ কোনো সুবিধা নাপাম, শিক্ষিত হৈ অশিক্ষিতৰ দৰে বিবেকক পৰিচালিত কৰিলে তিল তিলকৈ ভূগিব লাগিব।
সেয়েহে আপুনি যদি সচাকৈয়ে পৰকালৰ বিশ্বাসী, তেন্তে এগৰাকী শিক্ষিত লোকৰ দায়িত্ববোধেৰে সত্য সন্ধানত জাগ্ৰত হওক, ইনচাআল্লাহ মৃত্যুৰ পাছত আল্লাহে ইয়াৰ উপযুক্ত প্ৰতিদান দিব । । । । । ।
জাগা মুমিন জাগা – ৫৮
আপোনালোকে কেতিয়াবা অনুসন্ধান কৰি চাইছেনে পৰম্পৰাগত ভাবে আদায় কৰি থকা বিতিৰ চালাতৰ দলীল কি ?? চহীহ হাদীচত উল্লেখ থকা নবী(চঃ)য়ে আদায় কৰা পদ্ধতিৰ সৈতে আপুনি আদায় কৰি থকা পদ্ধতি একে হয়নে ?? হাদীচৰ বিশেষজ্ঞই আপুনি আদায় কৰি থকা বিতিৰৰ পদ্ধতিৰ শুদ্ধতাৰ বিষয়ে কি কৈছে ?? যদি এই বিষয়ে আপুনি অজ্ঞ , তেন্তে নিম্ন উল্লেখিত দলীল সমূহ আপোনাৰ বাবে দাঙি ধৰা হল, প্ৰয়োজন বোধ কৰিলে ইনচাআল্লাহ নিজা অনুসন্ধানেৰে সিদ্ধান্ত গ্ৰহণ কৰিলে লাভাম্বিত হব !!
প্ৰচলিত নিয়ম অনুসৰি বিতিৰ চালাতৰ দ্বিতীয় ৰাকাতৰ অন্তত বহি আত্তাহিয়াতু পঢ়ি পুনৰ ঠিয় হৈ তৃতীয় ৰাকাতৰ কেৰাত শেষ কৰি কান্দ্ধ লৈকে হাত দাঙি দোৱা কুনুত পঢ়া পদ্ধতিৰ কোনো চহীহ হাদীচ নাই !! যুগৰ অন্যত্বম মুহাদ্দীচ শেইখ নাছিৰুদ্দিন আলবানী ( ৰহঃ) স্পষ্ট কৰিছে এই পদ্ধতি সঠিক নহয় তথা সম্পূৰ্ণ ভিত্তিহীন , যিহেতু ইয়াৰ সপখ্য়ে কোনো চহীহ দলীল নাই ( ইৰওয়াউল গালীল, হাঃ/৪২৭,২/১৬৯ পৃষ্ঠা )।এই পদ্ধতি সংগ্ৰহ কৰা হৈছে মাওলানা মুহিউদ্দিন খান চাহাবৰ লিখিত কিতাব ” তালীমুস-সালাত ” পৃষ্ঠা নং ১৭১ ৰ পৰা । একেটাই ভিত্তিহীন ত্বথ্য় উল্লেখিত হৈছে ড. ইলিয়াস ফায়সাল চাহেবৰ লিখিত কিতাপ ” নবীজীৰ নামাজ ” ৰ পৃষ্ঠা নং ২৪৬,২৪৭ ৰ পৰা । উল্লেখযোগ্য যে দুয়োখন কিতাবতে এই পদ্ধতি কোন হাদীচৰ পৰা সংগ্ৰহ কৰা হৈছে তাৰো কোনো উল্লেখ নাই !!
ইয়াৰ বিপৰীতে যদি নবী(চঃ)ৰ বিতিৰ চালাতৰ পদ্ধতিৰ হাদীচ অধ্যয়ন কৰো তেন্তে দেখিবলৈ পাওঁ যে এক, তিনি, পাঁচ , সাত আদি ৰাকাতৰ বিতিৰ নবী(চঃ)য়ে আদায় কৰাৰ চহীহ দলীল পোৱা যায় । বিশেষ ভাবে তিনি ৰাকাতৰ বিতিৰৰ পদ্ধতিত দুই ৰাকাতৰ পাছত কোনো বৈঠক নাছিল , একেধাৰে তিনি ৰাকাত আদায় কৰিছিল । দলীল — ১) আয়েশা(ৰাঃ) বৰ্ণনা কৰিছে ৰছূল(চঃ) য়ে তিনি ৰাকাত বিতিৰ পঢ়িছিল কিন্তু শেষৰ ৰাকাতৰ বাহিৰে বৈঠক কৰা নাছিল ( বায়হাক্বী হাঃ/৪৮০৩, ৩য় খন্ড , পৃষ্ঠা ৪১ / সনদ চহীহ )।
২) ক্বাতাদা ( ৰাঃ) ৰ দ্বাৰা বৰ্ণিত নবী(চঃ)য়ে তিনি ৰাকাতৰ বিতিৰ পঢ়িছিল কিন্তু অন্তিম ৰাকাতৰ আগত বৈঠক কৰা নাছিল ( মা’ৰেফাতুস সুনান ওয়াল আছাৰ, হাঃ/১৪৭১,৪/২৪০)।
৩) আত্বা ( ৰাঃ) তিনি ৰাকাতৰ বিতিৰ পঢ়িছিল কিন্তু মাজত বহা নাছিল আৰু শেষ ৰাকাতৰ ব্যতিত তাশ্বাহুদ পঢ়া নাছিল ( মুস্তাদৰাক হাকেম , হাঃ/১১৪২)।
সত্য প্ৰচাৰৰ দায়িত্ববোধক সৰোগত কৰি আমাৰ অধ্যয়নলদ্ধ ত্বথ্য় আপোনালোকৰ সন্মুখত দাঙি ধৰিছো, নিশ্চয় আপোনাৰ সিদ্ধান্তই আপোনাৰ কৰ্ম্মফল হিচাবে বিবেচিত হব। সোৱঁৰাই দিব বিচাৰো তাগিদেৰে নবী(চঃ)য়ে কৈ গৈছে -” চাল্লু ক্বামা ৰাআইতুমুনি ৱাচাল্লী “, অৰ্থাৎ চালাত আদায় কৰা যেনেদৰে মোক আদায় কৰা দেখিছা….
myviewdocumentary.blogspot.com