জাগা মুমিন জাগা – ৪০ , ৪১

জাগা মুমিন জাগা – ৪০
আমাৰ পাৰ্থিৱ জীৱনৰ যিকোনো ধৰনৰ ব্যক্তিগত মহৎ কোনো কামৰ পৰিকল্পনা কৰোতে আমাৰ পৰিয়ালবৰ্গ , বন্ধু বান্ধৱ , শুভাকাংখ্য়ী আদিৰ সৈতে আলোচনা বিলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰো। উদাহৰণ স্বৰূপে ঘৰৰ কোনো বিয়া বাৰোৰ খেত্ৰতে হওক, কোনো সম্পত্তি ক্ৰয় বিক্ৰয়ৰ খেত্ৰতে হওক, ব্যক্তিগত কোনো গুৰুতৰ সিদ্ধান্ত লোৱাৰ খেত্ৰতে হওক আমি সাধাৰণতে বিভিন্ন জনৰ দিহা পৰামৰ্শ লৈ সিদ্ধান্ত গ্ৰহণ কৰো। শ্বৰীয়তে এনে ধৰনেৰেই আমাক আলোচনাৰ মাধ্যমেৰে সিদ্ধান্ত লবলৈ কৈছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে এনেধৰণৰ যিকোনো কামৰ পৰিকল্পনা কৰাৰ সময়ত আমি প্ৰথমতে আল্লাহৰ অনুমোদনৰ বাবে আল্লাহক আবেদন জনাব লাগে, এই প্ৰয়োজনীয় দিশটোক কিন্তু সাধাৰণতে গুৰুত্ব দিয়া দেখা নাযায়।
এনেখেত্ৰত আল্লাহক অনুমতি বিচৰাৰ এক নিদিষ্ট নিতী মহানবী (চলল্লাহু আলাইহি ৱাচাল্লামে ) আমাক জনাই দিছে। এই নিতী অনুসৰি মহম্মদ(চঃ)য়ে কৈছে -” তোমালোকে যেতিয়া কোনো মহৎ কাম কৰিবলৈ মনস্হ কৰা , তেতিয়া তোমালোকে ফৰজ চালাতৰ ওপৰিও দুই ৰাকাত নফল ইস্তিখাৰ চালাত আদায় কৰা। এই চালাত আদায় কৰি আল্লাহৰ সৈতে মোনাজাত কৰি কোৱা — হে আল্লাহ মই আপোনাৰ কুদৰতি জ্ঞানৰ দ্বাৰা আপোনাৰ পৰা পৰামৰ্শ বিচাৰিছো। আপোনাৰ কুদৰতৰ দ্বাৰা মই শক্তি আৰু আপোনাৰ মহান অনুগ্ৰহ কামনা কৰিছো।আপুনিয়েই খ্য়মতাৰ অধিকাৰী, মোৰ কোনো খ্য়মতা নাই। আপোনাৰ সকলোবোৰ অৱগত আৰু আমি একেবাৰে অজ্ঞ । আপুনি অদৃশ্য সম্পৰ্কে সকলোবোৰ জানে। হে আল্লাহ ! আপুনি অৱগত যে মোৰ এই কাম ( বিতং ভাবে পৰিকল্পিত কামৰ সবিশেষ স্পষ্টকৈ উল্লেখ কৰিব লাগিব ) যদি মোৰ দ্বীন ,পাৰ্থিৱ জীৱন, পৰকাল আদিৰ বাবে সৰ্ব্বোত্তোপ্ৰকাৰে যদি মঙ্গলময় হয়, তেন্তে এই কাম কৰিবলৈ মোক শক্তি দিয়া, সম্পন্ন কৰিবলৈ মোৰ বাবে সহজ কৰি দিয়া আৰু এই কামত মোক বৰকত দান কৰা। কিন্তু এই কাম যদি মোৰ বাবে অকল্য়ানকৰ ও খ্য়তিকাৰক হয় তেন্তে হে আল্লাহ ! এই কাম সম্পন্ন কৰাটো মোৰ বাবে অসাধ্য় কৰি দিয়া আৰু মোৰ মন ইয়াৰ পৰা আঁতৰাই আনা। যি কাম মোৰ বাবে মঙ্গলময় হয় সেই কামহে কৰিবলৈহে মোক তৌফিক দান কৰা সি লাগিলে যতেই নহওক কিয় ” । ( সহীহুল বুখাৰী , হাদীচ নং ১০৯৬ ৰ পৰা উদ্ধৃত )।
এনেদৰে আমাৰ জীৱনৰ যিকোনো গুৰুত্বপূৰ্ণ কাম কৰাৰ আগতে আল্লাহৰ পৰা প্ৰাথমিক পৰামৰ্শ বিচাৰিলে ইনচাআল্লাহ নিশ্চয় আল্লাহে আমাক সহায় কৰিব আৰু ভূল সিদ্ধান্ত গ্ৰহনৰ পৰা আঁতৰাই আনিব। আল্লাহৰ পৰা এনে ৰহমত পাবলৈ আমি আল্লাহৰ হুকুম আহকাম সমূহ যথাযথ ভাবে পালন কৰিব লাগিব আৰু আল্লাহৰ মহত্বক গভীৰ বিশ্বাসত লব লাগিব, নিশ্চয় আল্লাহ পৰম কৰুণাময় আৰু পৰম দয়ালু………..

জাগা মুমিন জাগা – ৪১
আজিৰে পৰা প্ৰায় ৫-৬ বছৰ মান আগত অসমৰ বিভিন্ন অন্চলবোৰলৈ হঠাৎ আহিল এক প্ৰবল চুনামি !! যি চুনামিত বলি হল অন্চলবোৰৰ প্ৰায় ৮০ শতাংশ বৃদ্ধ -বৃদ্ধা, বালক-বালিকা,যুৱক-যুৱতী, শিক্ষিত – অশিক্ষিত প্ৰায়বোৰ বাসিন্দা । জানিব পৰা গল যে উক্ত চুনামিৰ উপ্তত্তিৰ স্হান হৈছে উত্তৰ প্ৰদেশৰ মেৱাট নামৰ এক অখ্য়াত গাঁও আৰু প্ৰসাৰিত হৈছে দিল্লীৰ নিজামুদ্দিন মৰকজৰ পৰা । চুনামিৰ নাম হৈছে জামাতে তবলীগ !!
অতি কম সময়ৰ ভিতৰত এই চুনামিয়ে চৌদিশে প্ৰসাৰতা লাভ কৰিবলৈ সখ্য়ম হল। সকলোৰে মুখত ” চিল্লা ” নামৰ এক অপৰিচিত শব্দই আত্মপ্ৰকাশ কৰিলে “। চাৰিওফালে মাথোঁ এটাই কথা শুনিব পোৱা গল যে – যি ব্যক্তিয়ে জীৱনত এবাৰ হলেও চিল্লা নলগাব তেনে ব্যক্তিৰ চালাত, চিয়াম, হজ্জ আদি একোৱেই কবুল নহয়, আনকি তেনে ব্যক্তি কেতিয়াও জান্নাত যাব নোৱাৰিব ( অৱশ্যে পৰৱৰ্তী সময়ত এনেবোৰ গুজব ৰহস্যজনক ভাবে সমাজৰ পৰা অৰ্ন্তধান হৈ গল )। সহজ সৰল সাধাৰণ শ্ৰেণীৰ লোক সকল short cut পদ্ধতিত জান্নাত পোৱাৰ আশাৰে চাৰিওফালৰ পৰা দলে দলে মচজিদ অভিমুখে ঢাপলি মাৰিবলৈ ধৰিলে। নিৰ্ধাৰিত নিয়ম অনুসৰি মচজিদ সমূহত ফৰজ চালাতৰ পাছত এজন ব্যক্তি ঠিয় হৈ ঘোষণা কৰাৰ প্ৰথা আৰম্ভ হল-” বাদ নামাজ ইনচাআল্লাহ খন্তেক বহিব ইমান একিনৰ কথা হব “। পৰিকল্পনা অনুসৰি তাৰে দুজন মান নাকে কাণে পৰৱৰ্তী চুন্নত চালাত আদায় কৰে বা নকৰে, মচজিদৰ মূল দ্বাৰত ঠিয় হৈ মানুহবোৰক উক্ত মজলিছ ত্যাগ কৰি নাযাবলৈ আহ্বান জনোৱা দেখা গল। সেই মজলিছৰ পৰাই অতি সহজ পদ্ধতিৰে মাত্ৰ সোঁহাত খন দাঙি ” ইনচাআল্লাহ ” শব্দটি কলেই চিল্লালৈ যোৱা দলৰ সদস্য হব পাৰি। স্হানীয় আমীৰ গৰাকীৰ তত্বাৱধানত এনেদৰে চিল্লালৈ যোৱা দল সমূহ গঠন কৰি বিভিন্ন স্হানলৈ প্ৰেৰন কৰা হয় আৰু একেদৰেই বাহিৰৰ পৰা প্ৰেৰিত দলে সেই মচজিদত আহি অৱস্থান গ্ৰহণ কৰে। বহু সময়ত মাহটোত আটাইবোৰ দিনেই মচজিদ বিভিন্ন ঠাইৰ জামাতৰ লোকসকলৰ দ্বাৰা মচজিদ সমূহ পূৰ্ণ হৈ থকা দেখা গৈছিল । মুঠতে হঠাৎ আমাৰ সমাজ সমূহলৈ পৰিৱৰ্তনৰ এক নতুন ইছলামীয় চুনামি আহিল !! ঘৰ সংসাৰ, কণ কণ লৰা ছোৱালী , বৃদ্ধ পিতা মাতা সকলোবোৰৰ দায়িত্ব ত্যাগ কৰি দলে দলে মানুহ ওলাই গল চাৰিমহীয়া চিল্লাৰ নামত !! ঘৰৰ টি ভি টোৱে স্হান পালে পিছফালৰ গুদাম ঘৰত, ডাইনিং টেবুল সামৰি মাটিত লেপেতি খাই খোৱাৰ সংস্কৃতিৰ আগমন ঘটিল ইত্যাদি আৰু যে কিমান ধৰণৰ নতুনত্তই স্হান পালে তাৰ কোনো হিচাব নাই । উল্লেখযোগ্য যে গৰিষ্ট সংখ্যক মচজিদৰ আলীম উলেমা এই খেত্ৰত কিন্তু বিশেষ সক্ৰিয় ভূমিকা লোৱা দেখা নগল, কিয়নো দুই চাৰিদিন চিল্লা মাৰি দীঘল জোব্বা আৰু পাগুৰী পৰিধান কৰাটোৱে হেনো তেওঁলোকৰ অভিমান বুলি শুনিব পোৱা গল !!
ইছলামত এনে ধৰনৰ বিভিন্ন নতুন পদ্ধতিৰ অৰ্ন্তভূক্তিয়ে কিছুসংখ্য়ক ইছলাম দৰদী লোকৰ মনত আল্লাহে চিন্তাৰ খোৰাক উদয় কৰালে। মানুহে বিষয়বস্তু অধ্যয়ন কৰি যেতিয়া ইয়াৰ অধিক গভীৰতালৈ সোমাই গল, তেতিয়া এই নতুন পদ্ধতিৰ ইবাদত সম্পৰ্কে শ্বৰীয়তৰ দৃষ্টিভংগী কেনে সেই বিষয়ে অধিক ত্বথ্য় লাভ কৰিবলৈ সখ্য়ম হল। এই পদ্ধতিত যে প্ৰকৃততে আল্লাহে আমাক যিদৰে একমাত্র কোৰাআন আৰু চুন্নতৰ তবলীগ কৰিবলৈ হুকুম কৰিছে, সেই আদেশ কেনেকৈ অমান্য় কৰিছে সেই দিশটো স্বচ্ছ হৈ পৰিল। কেনেদৰে কিছুমান মনেসজা কল্পকাহিনীৰে ভৰপূৰ কিছুমান নিদিষ্ট কিতাব কৌশলগত ভাবে মানুহক পঢ়িবলৈ দি কোৰাআন হাদীচৰ পৰা মানুহক আঁতৰাই পঠাইছে সেই কথা মানুহে বুজিবলৈ ধৰিলে। আৰ্থিক দিশৰ অভাৱগ্ৰস্ত লোকসকলৰ চাৰি মাহৰ চিল্লাৰ পৰা আহি পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হল। চৰকাৰী চাকৰীয়াল সকলে মিছা ত্বথ্য়ৰে চৰকাৰৰ পৰা চুটি লৈ চিল্লাত যোৱাৰ দিশটো সমালোচনা হবলৈ ধৰিলে। কিছু সংখ্যক লোক মানসিক ভাৰসাম্যতা হেৰাই পেলোৱাও দেখা গল। এনে এক সন্ধিখ্য়নত বিশ্বৰ সৰ্ব্বজ্য়ানী আলীম সকলৰ দ্বাৰা গঠিত চৌদী আৰবৰ বিশ্ব ফতোৱা কেন্দ্ৰই এই ভাৰতীয় মূলৰ তবলীগ জামাতক বিদাতী বুলি দিয়া ফতোৱা সৰ্ব্বজনবিদিত হৈ পৰিল। বাদ প্ৰতিবাদেৰে কোৰাআন হাদীচৰ আলোকত বিশ্ব পয্য়ায়ৰ উলেমায়ে দ্বীন সকলে এই জামাতক সমালোচনাৰে থকা সৰকা কৰাৰ বিষয়ে সচেতন লোকসকল অৱগত হল। স্হানীয় ভাবেও বিভিন্ন বাতৰি কাকত সমূহত ধাৰাবাহিক ভাবে সমালোচনা মূলক বাতৰি প্ৰকাশ পাবলৈ ধৰিলে ।
লাহে লাহে মানুহ জাগ্ৰত হল, short cut পদ্ধতিৰে জান্নাত পাব বিচৰা সুবিধাবাদী সকলে লাহে লাহে এই জামাত ত্যাগ কৰি আঁতৰিবলৈ ধৰিলে। আলহামদুলিল্লাহ তাৰে কিছু সংখ্যকে আল্লাহৰ হিদায়ত প্ৰাপ্ত হৈ কোৰাআন হাদীচ অধ্যয়ন কৰি চহীহ আক্বীদাৰ ইছলামক আকুৱালি ললে। ৫-৬ বছৰৰ আগৰ অসমত খলকনি লগোৱা চিল্লাৰ চুনামি আজি ক্ৰমান্বয়ে স্হৱিৰ হবলৈ ধৰিলে। মাহেকত গড়ে প্ৰায় ২৫ দিন জামাতেৰে দপদপাই থকা বহুতো মচজিদত আজি বছৰ দিনলৈ এনে জামাতৰ পদধূলি নপৰা পৰিলক্ষিত হল , ৱক্তিয়া চালাতৰ পাছত ইমান একিনৰ মজলিছত গড়ে ৩৫-৪০ জনৰ পৰিসংখ্যা অভাৱনীয় ভাবে ৪-৫ জনলৈ অৱনমিত হোৱা দেখা গল। এক কথাত কবলৈ গলে গৰিষ্ট সংখ্যক মচজিদৰ আলীম উলেমা এই খেত্ৰত কিন্তু বিশেষ সক্ৰিয় ভূমিকা লোৱা দেখা নগল, কিয়নো দুই চাৰিদিন চিল্লা মাৰি দীঘল জোব্বা আৰু পাগুৰী পৰিধান কৰাটোৱে হেনো তেওঁলোকৰ অভিমান বুলি শুনিব পোৱা গল !!
ইছলামত এনে ধৰনৰ বিভিন্ন নতুন পদ্ধতিৰ অৰ্ন্তভূক্তিয়ে কিছুসংখ্য়ক ইছলাম দৰদী লোকৰ মনত আল্লাহে চিন্তাৰ খোৰাক উদয় কৰালে। মানুহে বিষয়বস্তু অধ্যয়ন কৰি যেতিয়া ইয়াৰ অধিক গভীৰতালৈ সোমাই গল, তেতিয়া এই নতুন পদ্ধতিৰ ইবাদত সম্পৰ্কে শ্বৰীয়তৰ দৃষ্টিভংগী কেনে সেই বিষয়ে অধিক ত্বথ্য় লাভ কৰিবলৈ সখ্য়ম হল। এই পদ্ধতিত যে প্ৰকৃততে আল্লাহে আমাক যিদৰে একমাত্র কোৰাআন আৰু চুন্নতৰ তবলীগ কৰিবলৈ হুকুম কৰিছে, সেই আদেশ কেনেকৈ অমান্য় কৰিছে সেই দিশটো স্বচ্ছ হৈ পৰিল। কেনেদৰে কিছুমান মনেসজা কল্পকাহিনীৰে ভৰপূৰ কিছুমান নিদিষ্ট কিতাব কৌশলগত ভাবে মানুহক পঢ়িবলৈ দি কোৰাআন হাদীচৰ পৰা মানুহক আঁতৰাই পঠাইছে সেই কথা মানুহে বুজিবলৈ ধৰিলে। আৰ্থিক দিশৰ অভাৱগ্ৰস্ত লোকসকলৰ চাৰি মাহৰ চিল্লাৰ পৰা আহি পানীত হাঁহ নচৰা অৱস্থাৰ সন্মুখীন হল। চৰকাৰী চাকৰীয়াল সকলে মিছা ত্বথ্য়ৰে চৰকাৰৰ পৰা চুটি লৈ চিল্লাত যোৱাৰ দিশটো সমালোচনা হবলৈ ধৰিলে। কিছু সংখ্যক লোক মানসিক ভাৰসাম্যতা হেৰাই পেলোৱাও দেখা গল। এনে এক সন্ধিখ্য়নত বিশ্বৰ সৰ্ব্বজ্য়ানী আলীম সকলৰ দ্বাৰা গঠিত চৌদী আৰবৰ বিশ্ব ফতোৱা কেন্দ্ৰই এই ভাৰতীয় মূলৰ তবলীগ জামাতক বিদাতী বুলি দিয়া ফতোৱা সৰ্ব্বজনবিদিত হৈ পৰিল। বাদ প্ৰতিবাদেৰে কোৰাআন হাদীচৰ আলোকত বিশ্ব পয্য়ায়ৰ উলেমায়ে দ্বীন সকলে এই জামাতক সমালোচনাৰে থকা সৰকা কৰাৰ বিষয়ে সচেতন লোকসকল অৱগত হল। স্হানীয় ভাবেও বিভিন্ন বাতৰি কাকত সমূহত ধাৰাবাহিক ভাবে সমালোচনা মূলক বাতৰি প্ৰকাশ পাবলৈ ধৰিলে ।
লাহে লাহে মানুহ জাগ্ৰত হল, short cut পদ্ধতিৰে জান্নাত পাব বিচৰা সুবিধাবাদী সকলে লাহে লাহে এই জামাত ত্যাগ কৰি আঁতৰিবলৈ ধৰিলে। আলহামদুলিল্লাহ তাৰে কিছু সংখ্যকে আল্লাহৰ হিদায়ত প্ৰাপ্ত হৈ কোৰাআন হাদীচ অধ্যয়ন কৰি চহীহ আক্বীদাৰ ইছলামক আকুৱালি ললে। ৫-৬ বছৰৰ আগৰ অসমত খলকনি লগোৱা চিল্লাৰ চুনামি আজি ক্ৰমান্বয়ে স্হৱিৰ হবলৈ ধৰিলে। মাহেকত গড়ে প্ৰায় ২৫ দিন জামাতেৰে দপদপাই থকা বহুতো মচজিদত আজি বছৰ দিনলৈ এনে জামাতৰ পদধূলি নপৰা পৰিলক্ষিত হল , ৱক্তিয়া চালাতৰ পাছত ইমান একিনৰ মজলিছত গড়ে ৩৫-৪০ জনৰ পৰিসংখ্যা অভাৱনীয় ভাবে ৪-৫ জনলৈ অৱনমিত হোৱা দেখা গল। এক কথাত কবলৈ গলে গৰিষ্ট সংখ্যক মানুহেই বুজিবলৈ সখ্য়ম হল যে -” উজ্জ্বল বস্তু মাত্ৰেই সোণ নহয় “………….
( উজনি অসমৰ খেত্ৰভিত্তিক অধ্যয়নৰ আধাৰত যোগোতোৱা ত্বথ্য়ৰ ভিত্তিত প্ৰস্তুত কৰা লিখনী )

Leave a comment