জাগা মুছলিম জাগা

জাগা  মুছলিম জাগা

 সকলো বাতিল শক্তি ঐক্যবদ্ধ হব পাৰে কিন্তু এন্দুৰৰ নিচিনাকৈ খাৰু পিন্ধা নামধাৰী ইছলামী দল ঐক্যবদ্ধ হব নোৱাৰে কাৰণ সিহঁতৰ ইছলামৰ নামত  কৰা ব্যৱসায় বন্ধ হৈ যাব ।

মুছলিম সকল আজি নিৰ্যাতিত আৰু লাঞ্চিত হোৱাৰ এটাই কাৰণ ,
ক্বুৰআন আৰু চুন্নাহৰ পৰা আতৰি গৈ নিজ ইচ্ছামতে চলা ।

ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ জাম’আতৰ  পৰা বাহিৰ হৈ বিভিন্ন নতুন নতুন দল বনাই দলৰ চিন্তাবিদসকলৰ কথাৰ অনুসৰণ কৰি আল্লাহ তা’লাৰ বাণীক উপেক্ষা কৰি দল উপ দলত বিভক্ত হৈ আজি ইমান দুৰ্বল ।
আল্লহে কৈছে , আৰু তোমালোক সকলোৱে আল্লাহৰ ৰছীক দৃঢ়ভাৱে ধাৰণ কৰা আৰু পৰস্পৰে বিচ্ছিন্ন নহবা ।
( ছূৰা আল ইমৰাণ ১০৩)

আৰু আমি ক’লো , বিভিন্ন দলত বিভক্ত হৈ যোৱা , আল্লাহৰ আইন নামানিলো , আকৌ সুবিধামতে ফতওৱা ও দিওঁ , যিসকলে আল্লাহৰ আইন নামানে সেইসকল কাফিৰ , ফাছিক, যালিম । তেনেহলে আমালোক আজি ক’ত আছোঁ ?

Leave a comment