____________________________________________
আচ্ছালামু ‘আলাইকুম।
বহুতে কয় বিশেষকৈ হানাফিসকলৰ অথবা মাজহাবৰ প্রতি দুর্বল বহুতেই এই দাবী কৰি থাকে যে, জঈফ বা দুর্বল হাদীছৰ ওপৰত আমল কৰাত সমস্যা কি আছে? জঈফ হাদীছ তো ছহীহও হ’ব পাৰে। তেনেহ’লে জঈফ হাদীছৰ ওপৰত আমল কৰিলে সেইটো বিদ’আত হয় কেনেকৈ?
.
ইয়াৰ উত্তৰত কব পাৰি যে, জঈফ হাদীছ ছহীহ হ’ব পাৰে। কিন্তু সেইটো তো একেবাৰে মিছাও হ’ব পাৰে। তেনেহ’লে প্রথমেই দেখা গৈছে যে, ইয়াত এটা বিৰাট “কিন্তু” আছে আৰু আল্লাহৰ দ্বীনৰ ক্ষেত্ৰত কোনো “কিন্তু” থাকিব নোৱাৰে। বৰং আল্লাহৰ দ্বীনৰ ক্ষেত্ৰত থাকিব লাগিব একেবাৰেই নিশ্চিত যে, হয়, এইটো একেবাৰে ১০০% গ্যাৰান্টি সহকাৰেই আল্লাহৰ তৰফৰ পৰা আহিছে। দ্বীনৰ ক্ষেত্ৰত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামে যিবোৰ কৈছে, সেই সকলোবোৰ স্বয়ং আল্লাহৰ পৰা আহিছে, যি কুৰআনত বিদ্যমান আছে আৰু বিদ্যমান আছে ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ প্রমাণিত হাদীছৰ মাজত। গতিকে আল্লাহৰ পৰা অহা যিকোনো কথা একেবাৰে ১০০% নিশ্চিত নহ’লে দ্বীনৰ ক্ষেত্ৰত কোনো কথাৰ ওপৰত আমল কৰা জায়েজ নহয় আৰু আল্লাহ সম্পর্কে বা আল্লাহৰ দ্বীন সম্পর্কে একেবাৰে স্বচ্ছ প্রমাণৰ বাহিৰে কথা কোৱা বা আমল কৰা আল্লাহ বা আল্লাহৰ দ্বীন সম্পর্কে মিথ্যাৰোপ কৰাৰ সৈতে চামিল, যি এটা চিৰিয়াচ ক্রাইম আৰু কঠিন গুনাহৰ কাম। আল্লাহে কুৰআনত কৈছে–
“আৰু তাতকৈ ডাঙৰ যালিম আন কোন যিয়ে আল্লাহৰ ওপৰত মিথ্যা ৰটনা কৰে………” (ছুৰা আন’আম- আয়াত ২১)।
আল্লাহে পুনৰ কৈছে, “মূছাই সিহঁতক ক’লে, ‘তোমালোকৰ দুর্ভাগ্য! তোমালোকে আল্লাহৰ প্রতি মিথ্যাৰোপ নকৰিবা। কৰিলে তেওঁ আযাবৰ দ্বাৰা তোমালোকক সমূলে ধ্বংস কৰি দিব আৰু যি ব্যক্তিয়ে মিথ্যাৰোপ কৰে, সিয়েই ব্যর্থ হয়” (ছুৰা ত্বহা- আয়াত ৬১)।
আল্লাহে কুৰআনত বাৰে বাৰে আন্দাজ-অনুমানৰ ওপৰত ভিত্তি কৰি কথা কবলৈ নিষেধ কৰিছে। আল্লাহে কৈছে–
“নিশ্চয় সি (চয়তান) তোমালকক আদেশ দিয়ে বেয়া আৰু অশ্লীল কামৰ আৰু আল্লাহ সম্পৰ্কে এনেকুৱা কিছু কবলৈ, যি তোমালোকে নাজানা” (ছুৰা বাক্বাৰাহঃ আয়াত ১৬৯)।
প্রথমেই কৈছোঁ যে, যিসকলে ধাৰণা কৰে যে, জঈফ হাদীছ তো ছহীহও হ’ব পাৰে, সিহঁতক কওঁ যে, জঈফ হাদীছ তো মিছাও হ’ব পাৰে।
আল্লাহৰ ৰাছুল চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামে কৈছে,
“মই যি কোৱা নাই সেই কথা যিয়ে মোৰ নামত কব বা প্ৰচাৰ কৰিব তাৰ আবাসস্থল হ’ব জাহান্নাম” (ছহীহুল বুখাৰী)।
.
গতিকে, কোনো হাদীছৰ ক্ষেত্ৰত একেবাৰে নিশ্চিত নবীৰ কথা বুলি যেতিয়ালৈকে প্রমাণিত নহ’ব, তেতিয়ালৈকে তাৰ ওপৰত আমল কৰাৰ কথা চিন্তাও কৰিব পৰা নাযাব আৰু ইয়াৰ কাৰণ হ’ল দ্বীনৰ বিষয়ত আল্লাহৰ ৰাছুল চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ কথা মানেই স্বয়ং আল্লাহৰ কথা। এইকাৰণে দ্বীনৰ ক্ষেত্ৰত একেবাৰে ১০০% নিশ্চিত নহ’লে একোৰে ওপৰত আমল কৰা জায়েজ নাই। জঈফ বা দুর্বল হাদীছৰ ওপৰত আমল কৰা মানে সন্দেহৰ ওপৰত আমল কৰা। আল্লাহৰ দ্বীন সন্দেহৰ ওপৰত প্রতিষ্ঠিত নহয়। বৰং আল্লাহৰ দ্বীন দিনৰ পোহৰৰ দৰে স্বচ্ছ আৰু পৰিষ্কাৰ আৰু ইয়াৰ ওপৰতেই আল্লাহৰ দ্বীন প্রতিষ্ঠিত। গতিকে, দ্বীনৰ বিষয়ত কোনো এটা নিশ্চিত নহৈ, হাদীছৰ ক্ষেত্রত ছহীহ অথবা কমপক্ষে হাছান সূত্রে প্রমাণিত নহ’লে সেই হাদীছৰ ওপৰত আমল কৰাৰ ক্ষেত্ৰত আল্লাহক ভয় কৰা উচিত। এইটো দ্বীনৰ বিষয় আৰু এই বিষয়ত অত্যন্ত সতর্ক থকাটো নিত্যান্তই আৱশ্যক। যিহেতু জঈফ হাদীছ সন্দেহৰ ওপৰত ভিত্তি কৰি আহে আৰু যিহেতু ৰাছুলুল্লাহ চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামৰ পৰা স্পষ্টভাৱে প্রমাণিত নহয়, সেয়ে মুহাদ্দিছীন-উলামায়ে কিৰামৰ ভাষ্য অনুযায়ী জঈফৰ ওপৰত আমল কৰা হ’ল বিদ’আত। তাৰোপৰি যদি কোনোবাই কয় যে, জঈফ হাদীছ যিহেতু ছহীহও হ’ব পাৰে, তেনেহ’লে কোনো জঈফ হাদীছৰ ওপৰত আমলকাৰীক বিদ’আতি বুলিলে তো নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ নামত মিথ্যাচাৰও হব পাৰে।
তেনেহ’লে একেদৰে তাৰ কথাক ওলোতাই দি কব পাৰি যে, জঈফ হাদীছ ছহীহ হ’ব পাৰে, তেনেকৈ তো সেইটো মিছাও হ’ব পাৰে, যিটো আগতেই কোৱা হৈছে। মিছাৰ ওপৰত আমল কৰিলে তো কেৱল বিদ’আতেই নহয় বৰং আৰু কিছু হ’ব পাৰে। হাদীছ যেতিয়া জঈফ হিচাবে চিহ্নিত হয়, তেতিয়া সি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ পৰা আহিছে বুলি প্রমাণিত নহয় আৰু যি ৰাছুলুলাহ চাল্লাল্লাহ আলাইহি ৱাছাল্লামৰ পৰা প্রমাণিত নহয়, সেইটোৰ ওপৰত আমল কৰাই তো বিদ’আত। একেবাৰেই simple বিষয়। আৰু আল্লাহে কুৰআনত স্পষ্টভাৱে সন্দেহৰ পৰা দূৰত থাকিবলৈ কৈছে, আন্দাজ-অনুমানৰ ওপৰত নির্ভৰ কৰিবলৈ নিষেধ কৰিছে। আল্লাহে তেওঁৰ দ্বীনক আন্দাজ-অনুমানৰ ওপৰত ভিত্তি কৰি নাযিল কৰা নাই। বৰং আল্লাহৰ দ্বীন একেবাৰেই স্বচ্ছ আৰু পৰিষ্কাৰ আৰু এইধৰণৰ প্রশ্ন কৰি যিসকলে পেচাত থাকে, সিহঁতক সুন্দৰভাৱে আৰু সৰলভাৱে বুজাওঁক। তাৰ পিছতো পেচাত থাকিলে আৰু বিতর্ক কৰি থাকিলে তাক এৰি দিয়ক। আপুনি আৰু তাৰ সৈতে তর্ক কৰি নাথাকিব। সিহঁতৰ উদ্দেশ্য হ’ল বিতর্ক কৰা, যিটো চয়তানৰ মহাসাফল্য। চয়তানে বিচাৰে দ্বীনৰ বিষয় লৈ বান্দাই বিতর্কত লিপ্ত হওঁক আৰু এনেকৈ গোমৰাহ হওঁক। আচমানৰ তলত আৰু জমিনৰ ওপৰত যি পৰিমাণ ছহীহ-হাছান হাদীছ আছে, সেই সকলোবোৰৰ ওপৰত আমল কৰিবলৈ এজন মানুহে হয়তো গোটেই জীৱনতো কোনেও নোৱাৰিব। ছহীহ-হাছান হাদীছৰ সংখ্যা হ’ল হাজাৰ হাজাৰ ও অসংখ্য। ইমানবোৰ বিশুদ্ধ হাদীছ থকাৰ পিছতো মানুহে কিয় সন্দেহৰ ফালে ধাবিত হয়। এইটোৱেই তো অন্তৰৰ ৰোগ। এইটোৱেই তো অন্তৰৰ বক্রতা। এইটোৱেইতো মনৰ কু-প্রবৃত্তিৰ অনুসৰণ কৰা।
নিশ্চয় কোনোবাই একেবাৰে নির্ভেজাল খোৱা-বস্তু থাকোতে এনেকুৱা কিবা খাব নিবিচাৰে, যাৰ মাজত এনেকুৱা সন্দেহ আছে যে, সেই খোৱা-বস্তুৰ মাজত বিষো থাকিব পাৰে আৰু নাথাকিবও পাৰে। একেদৰে কাৰোবাৰ মজবুত দালান থাকোতে এনেকুৱা কোনো দুর্বল দালানত ৰাতি কটাব নিবিচাৰে, য’ত সম্ভাৱনা আছে যে এই দালান যি কোনো মূহুর্তত ভাঙি যাব পাৰে। তেনেহ’লে যিটো দ্বীনৰ বিষয়, যাৰ ওপৰত ভিত্তি কৰি আছে আমাৰ পৰকালৰ ফলাফল, তালৈ কিয় আমি ৰিস্ক লৈ যাম আৰু কিয়ইবা আমাৰ সেই সন্দেহযুক্ত আমলবোৰৰ কাৰণে আল্লাহৰ ওচৰত প্রশ্নৰ সন্মুখীন হম? কিয় আমি বিশুদ্ধ থাকোতে দুর্বল বা সন্দেহৰ ফালে ধাবিত হম?
গতিকে, আঁহক! আমি সকলোৱেই দ্বীনৰ বিষয়ত আল্লাহে যি সু-স্পষ্টভাৱে নাযিল কৰিছে তথা কুৰআন আৰু ছহীহ/হাছান হাদীছৰ ওপৰত আমল কৰোঁ আৰু জাল-জঈফ হাদীছক “না” বুলি ধৰি লওঁ। এইটোৱেই পৰিণামত উৎকৃষ্টতৰ।
.
আল্লাহেই উত্তম জানে।