ﻣﻦ ﺗﺸﺒﻪ ﺑﻘﻮﻡ ﻓﻬﻮ ﻣﻨﻬﻢ
‘যি ব্যক্তিয়ে অন্য জাতিৰ লগত সাদৃশ্যতা ৰাখিব তেওঁ তেওঁলোকৰ দলভুক্ত বুলি গণ্য হব। (আবু দাউদ : ৪০৩৩)।
: ইমামৰ ছূৰা ফাতিহা বা অন্য ছূৰা পাঠ কৰা অবস্থাত শামিল হলে মুক্তাদীয়ে ইস্তিফতাহ্ বা ছানা পঢ়িব নালাগে। বৰঞ্চ মনে মনে কেৱল ‘আঊযু বিল্লাহ্-বিছমিল্লাহ্’ পঢ়ি ছূৰা ফাতিহা পাঠ কৰিব। (আলমুমতে’, শাৰহে ফিক্হ, ইবনে উষাইমীন ৩/৩৯৪)।
নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ বিবৃতিৰ দ্বাৰা এইটো আৰু সুস্পষ্টভাৱে বৰ্ণনা কৰি দিয়া হৈছে। যেনে, তেখেতে কৈছেঃ لا صلاة لمن لم يقرأ بفاتحة الكتاب (صحيح بخاري وصحيح مسلم) তাৰ ছালাত নহয় যিয়ে ছালাতত ছুৰা ফাতিহা পাঠ নকৰে। (ছহীহ বুখাৰী আৰু ছহীহ মুছলিম) এই হাদিছত من শব্দটো অনিৰ্দিষ্টবোধক, য’ত সকলো ছালাত আদায়কাৰী (নামাজী) অন্তৰ্ভূক্ত। অকলশৰীয়া হওক বা ইমাম, অথবা ইমামৰ পিছত মুক্তাদী হৈ, নিম্ন স্বৰীয় ছালাত হওক বা উচ্চস্বৰীয়, ফৰজ ছালাত হওক বা নফল প্ৰত্যেক ছালাত আদায়কাৰীৰ বাবে ছুৰা ফাতিহা পাঠ কৰা অপৰিহাৰ্য।
চালাতত (নামাযত) সশব্দত আমীন (উচ্চস্বৰত) কোৱাৰ হাদীছসমূহঃ
০১) বুখাৰী ১ম খন্ড ১০৮ পৃষ্ঠা
০২) মুছলিম ১৭৬ পৃষ্ঠা
০৩) আবু দাউদ ১৩৪ পৃষ্ঠা
০৪) তিৰমিজি ৫৭,৫৮ পৃষ্ঠা
০৫) নাছায়ী ১৪০ পৃষ্ঠা
০৬) ইবনে মাজাহ ৬২ পৃষ্ঠা
০৭) মুয়াত্তা মালেক ১০৮ পৃষ্ঠা
০৮) বায়হাকী ২য় খন্ড ৫৯ পৃষ্ঠা
০৯) দাৰা কুৎনী ১২৭ পৃষ্ঠা
১০) মিশকাত ১ম খন্ড ৭৯,৮০ পৃষ্ঠা
১১) যাদুল মাআদ ১ম খন্ড ১৩২ পৃষ্ঠা
১২) মুছনাদে ইমাম শাফী ২৩ পৃষ্ঠা
১৩) ইবনে আবি শাইবাহ ২৮ পৃষ্ঠা
১৪) ফাতহুল বাৰী ২য় খন্ড ২৬৭ পৃষ্ঠা
১৫) হিদায়া দিৰায়াহ ১০৮ পৃষ্ঠা
১৬) আবকাৰুল মিনান ১৮৯ পৃষ্ঠা
১৭) ফাতহুল বায়ান ৩৪ পৃষ্ঠা
১৮) মুহাল্লা ২৬৩ পৃষ্ঠা
১৯) ৰাফউল ওজাজাহ ৩০০ পৃষ্ঠা
২০) তোহফাতুল আহয়াজি ১ম খন্ড ২০৮ পৃষ্ঠা
২১) তানভীৰুল হায়ালেক ১০৮ পৃষ্ঠা
২২) মন্তাকা ৫৯ পৃষ্ঠা
২৩) নায়লুল আওতাৰ ২য় খন্ড ২৪৪ পৃষ্ঠা
২৪) আহকাম ২০৭ পৃষ্ঠা
২৫) আত তাৰগীব ২৩ পৃষ্ঠা
২৬) চুবুলুছ ছালাম ২৪৩ পৃষ্ঠা
২৭) কানজুল ওম্মাল ৫৯ পৃষ্ঠা
২৮) জামিউল ফাৱায়েদ ৭৬ পৃষ্ঠা
২৯) তাল খিছুল হাবীৰ ৯০ পৃষ্ঠা
৩০) আউনুল মাবুদ ২৫২ পৃষ্ঠা
৩১) তাইছীৰুল ওছুল ২১৭ পৃষ্ঠা
হানাফী মাজহাবৰ কিতাবোৰত উচ্চস্বৰত আমীনঃ
১) আইনুল হিদায়া ১ম খন্ড ৩৬৫ পৃষ্ঠা
২) নুৰুল হিদায়া ৯৭ পৃষ্ঠা
৩) ফতহুল কাদীৰ ৩৬৩ পৃষ্ঠা
৪) মাদাৰেজুন্নবুয়াত ৪০১ পৃষ্ঠা
৫) তানবীৰুল আইনাইন ৪১ পৃষ্ঠা
৬) গুনিয়াতুত তালেবীন ১১ পৃষ্ঠা
৭) তাহকীকুল কালাম ১০ পৃষ্ঠা
৮) তালিকুল মুমাজ্জাদ ১০৫ পৃষ্ঠা (ভাৰতৰ প্রখ্যাত
মুহাদ্দিছ আব্দুল হাই লাক্ষ্ণৌভী হানাফী )
ইমাম আবু হানিফা (ৰহঃ) ৰ উস্তাদ আতা ইবনে আবি ৰাবাহ (ৰহঃ) ই কৈছে –
“মই মছজিদুল হাৰাম কাবাত কমপক্ষেও দুশ জন চাহাবীক আৰু বিভিন্ন দিনত হাজাৰ হাজাৰ চাহাবীক এনে অৱস্থাত পাইছো যে, যেতিয়া ইমামে “ৱালাদ্দল্লীন” কৈছিল তেতিয়া মই তেওঁলোকৰ আমীনৰ প্রতিধ্বনি দীর্ঘ সময়লৈকে শুনিছিলো” [বাইহাকী ২য় খন্ড ৫৯ পৃষ্ঠা, আইনী ৬ষ্ঠ খন্ড ৪৮ পৃষ্ঠা, ফাতহুল বাৰী ২য় খন্ড ২৬৭ পৃষ্ঠা]