_____________________
#ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছুৰা ইখলাছ সম্পর্কে কৈছেঃ
*“নিঃসন্দেহে এইটো কুৰআনৰ এক তৃতীয়াংশৰ সমান”।* (মুছলিম ৮১২, তিৰমিযী ২৮৯৯, ইবনু মাজাহ ৩৭৮৭, আহমাদ ৯২৫১)।
#ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে চাহাবীসকলক ক’লে,
*“তোমালোকে এটা ৰাতিত এক তৃতীয়াংশ কুৰআন পঢ়িব পাৰিবানে”?* প্রস্তাৱটি চাহাবাসকলৰ কাৰণে কঠিনবোধ হ’ল। সেয়ে তেওঁলোকে কৈ উঠিল, *“হে আল্লাহৰ ৰাছুল! এই কাম আমাৰ মাজৰ কোনে কৰিব পাৰিব”?* (অর্থাৎ কোনেও নোৱাৰিব)। তেওঁ ক’লে, *“ক্কুল হু ওৱাল্লাহু আহাদ, আল্লাহুচ স্বামাদ¸¸¸¸¸” (ছুৰা ইখলাছ) কুৰআনৰ এক তৃতীয়াংশৰ সমান”।* (অর্থাৎ এই ছুৰা এবাৰ পঢ়িলে এক তৃতীয়াংশ কুৰআন পঢ়াৰ সমান নেকী পোৱা যাব)।
(ছহীহুল বুখাৰী ৫০১৫, নাছাঈ ৯৯৫, আবু দাউদ ১৪৬১, আহমাদ ১০৬৬৯)।
#এজন চাহাবীয়ে আহি ক’লে,
*“হে আল্লাহৰ ৰাছুল! মই এই (ছুৰা) ক্কুল হু ওৱাল্লাহু আহাদক ভালপাওঁ”।* তেওঁ ক’লে, *“ইয়াৰ ভালপোৱাই তোমাক জান্নাতত প্রৱেশ কৰাব”।* (বুখাৰীৰ ৭৭৪নং হাদীছৰ পৰৱর্তী অধ্যায়, তিৰমিযী ২৯০১, আহমাদ ১২০২৪)।
#ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
*“যি ব্যক্তিয়ে ছুৰা ইখলাছ ১০ বাৰ পাঠ কৰিব, তাৰ কাৰণে জান্নাতত এটি ঘৰ বনোৱা হ’ব”।*
(ছহীহ আল-জামি আচ-ছগীৰ ৬৪৭২)।
#ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এজন ব্যক্তিক ছুৰা ইখলাছ তিলাওৱাত কৰা শুনিলে। তেওঁ ক’লে- *“এইটো তাৰ অধিকাৰ”।* চাহাবাসকলে প্ৰশ্ন কৰিলে, তাৰ অধিকাৰ কি? তেওঁ উত্তৰ দিলে, *“তাৰ অধিকাৰ হৈছে জান্নাত”।*
(মুছনাদে আহমাদঃ ৭৬৬৯)।
দিনে-ৰাতিয়ে যিমানবাৰ ইচ্ছা, বেছি বেছিকৈ *ছুৰা ইখলাছ* পঢ়া উচিত।