এটি লাভজনক ব্যৱসায়:-
______________________________
মদিনাৰ বাগানসমূহৰ মাজত এজন ইয়াতীম ল’ৰাৰ এখন বাগান আছিল। তাৰ বাগানৰ সৈতে লগোৱা বাগানৰ মালিক আছিল আবু লুবাবা নামৰ এজন লোক। সেই ইয়াতীম ল’ৰাজনে নিজৰ বাগান বৰাবৰ এখন প্রাচীৰ দিবলৈ গৈ দেখিলে, প্রতিবেশীৰ এডাল খেজুৰ গছ সীমাৰ মাজত পৰি গৈছে। ল’ৰাজনে তাৰ প্রতিবেশীৰ ওচৰলৈ গৈ সমস্যাটোৰ কথা কৈ সীমাৰ খেজুৰ গছডাল কিনিব বিচাৰিলে যাতে প্রাচীৰখন পোন হয়। কিন্তু প্রতিবেশী আবু লুবাবা কোনোমতেই ৰাজী নহ’ল।
কোনো উপায় নপাই সেই ইয়াতীমজন ৰাছুলুল্লাহ্ ﷺ ৰ ওচৰলৈ গৈ সম্পূৰ্ণ ঘটনা বুজাই ক’লে। আল্লাহৰ ৰাছুল ﷺ য়ে আবু লুবাবাক মাতি পঠালে। সি মছজিদে নববীলৈ অহাত নবী কৰীম ﷺ য়ে সেই খেজুৰ গছডাল অর্থৰ বিনিময়ত হ’লেও ইয়াতীম ল’ৰাজনক দিবলৈ অনুৰোধ কৰিলে।
আবু লুবাবাই কোনো কাৰণতেই ৰাজী নহ’ল। ৰাছুলুল্লাহ্ ﷺ য়ে এটা পর্যায়ত তাক ক’লে, “তোমাৰ ভাইক সেই খেজুৰ গছডাল দি দিয়া। মই তোমাৰ কাৰণে জান্নাতত এডাল খেজুৰ গছৰ জিম্মাদাৰ হম।”
বিস্ময়কৰ হ’লেও আবু লুবাবা তাৰপিছতো সেই খেজুৰ গছডাল দিবলৈ সন্মত নহ’ল। ৰাছুলুল্লাহ্ ﷺ য়ে এই পর্যায়ত চুপ হৈ গ’ল। ইয়াতকৈ অধিক তেওঁ ﷺ য়ে তাক আৰু কি কব পাৰে!
উপস্থিত চাহাবীসকলৰ মাজত চাবিত ৰাদ্বিয়াল্লাহু আনহু আছিল। তেওঁ আবু দাহদাহ নামে পৰিচিত আছিল। মদিনাত তেওঁৰ খুব সুন্দৰ এখন বাগান আছিল। তাত প্রায় ৬০০ খেজুৰ গছৰ ওপৰিও এটি মনোৰম ঘৰ আৰু এটি পানীৰ কুঁৱা আছিল। মদিনাৰ ডাঙৰ ব্যৱসায়ীসকলৰ ওচৰত আবু দাহদাহ ৰাদ্বিয়াল্লাহু আনহুৰ বাগানখন সু-পৰিচিত আছিল। তেওঁ সপৰিয়ালে তাত বসবাস কৰিছিল।
আবু দাহদাহ ৰাদ্বিয়াল্লাহু আনহুৱে হঠাৎ ৰাছুলুল্লাহ্ ﷺ -ৰ ওচৰলৈ গৈ ক’লে, ‘হে আল্লাহ্’ৰ ৰাছুল ﷺ ! মই যদি আবু লুবাবাৰ ওচৰৰ পৰা সেই খেজুৰ গছডাল কিনি এই ইয়াতীমক দি দিওঁ, তেনেহ’লে মইও জান্নাতত এডাল খেজুৰ গছৰ মালিক হ’ব পাৰিমনে?’ ৰাছুলুল্লাহ্ ﷺ য়ে ক’লে, “হয়, তোমাৰ কাৰণেও জান্নাতত খেজুৰ গছ থাকিব।” আবু দাহদাহ ৰাদ্বিয়াল্লাহু আনহুৱে লগে লগে আবু লুবাবাক ক’লে, ‘আপুনি মোৰ সেই সম্পূর্ণ বাগানখন গ্রহণ কৰি সেই খেজুৰ গছডাল মোক দি দিয়ক।’
আবু লুবাবা ‘দুনিয়াবী’ এই বিনিময় বিশ্বাস কৰিব পৰা নাছিল! হুঁছ অহাত তেওঁ ক’লে, ‘হয়¸ মই আপোনাৰ খেজুৰ গছৰ বাগানখন গ্রহণ কৰিলোঁ আৰু বিনিময়ত মোৰ সেই খেজুৰ গছডাল আপোনাক দি দিলোঁ।’
আবু দাহদাহ ৰাদ্বিয়াল্লাহু আনহুৱে সেই মূহুর্ততে খেজুৰ গছডাল ইয়াতীম ল’ৰাজনক উপহাৰ হিচাবে দি দিলে। তাৰ পিছত ৰাছুলুল্লাহ্ ﷺ ৰ ফালে চাই ক’লে, ‘হে ৰাছুলুল্লাহ্ ﷺ ! এতিয়া মই জান্নাতত এডাল খেজুৰ গছৰ মালিক হ’লো নে’? ৰাছুলুল্লাহ্ ﷺ য়ে ক’লে, “আবু দাহদাহ’ৰ কাৰণে জান্নাতত এতিয়া কিমান বিশাল বিশাল খেজুৰৰ বাগানে অপেক্ষা কৰি আছে।”
বর্ণনাকাৰী আনাচ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, এই কথাটি ৰাছুলুল্লাহ্ ﷺ য়ে এবাৰ, দুবাৰ বা তিনিবাৰ কোৱা নাই; বৰং খুছী হৈ বাৰে বাৰে কৈছে।
শেষত আবু দাহদাহ ৰাদ্বিয়াল্লাহু আনহু তাৰ পৰা বাহিৰ হৈ সদ্য বিক্রীকৃত সেই বাগানলৈ উভতি গ’ল। ঘৰৰ দৰ্জালৈ আহি তেওঁ নিজৰ স্ত্রীক মাত লগালে, ‘হে উম্মে দাহদাহ! আমাৰ সন্তানসকলক লৈ এই বাগানৰ পৰা ওলাই আহাঁ। মই দুনিয়াৰ এই বাগান বিক্রী কৰি দিছোঁ’। তেওঁৰ স্ত্রীয়ে ক’লে, ‘আপুনি কাৰ ওচৰত এই বাগানখন বিক্রী কৰিছে? কোনে কিমান দাম দি এইখন কিনি নিছে?’
আবু দাহদাহ ৰাদ্বিয়াল্লাহু আনহুৱে ক’লে, ‘মই জান্নাতত এখন খেজুৰৰ বাগানৰ বিনিময়ত তাক বিক্রী কৰি দিছোঁ’। তেওঁৰ স্ত্রীয়ে ক’লে, ‘আল্লাহু আকবাৰ! হে আবু দাহদাহ! আপুনি নিশ্চয় অত্যন্ত লাভজনক এটি ব্যৱসায় কৰিছে’।
[মুছনাদে আহমাদ, হাদীছ: ১২৫০৪; ইবনে হীব্বান, হাদীছ: ৭১৫৯; আচ-চিলচিলা ছহীহাহ, হাদীছ: ২৯৬৪; মুস্তাদৰাকে হাকীম, হাদীছ: ২১৯৪]