ছালাতৰ বিস্তাৰিত নিয়ম-কানূন বিভিন্ন হাদীছত বর্ণিত হৈছে । এতেকে নিম্নেৰ হাদীছটোত অধিকাংশ বিধান একত্রিত পোৱা যায় ।-
আবু হুমায়েদ সা‘এদী (ৰা:) এদিন দহজন ছাহাবীক ক’লে , মই ৰাছুল (ছাঃ)-ৰ ছালাত সম্পর্কে আপোনালোকতকৈ অধিক অবগত। সিহঁতে ক’লে , তেনেহলে কোৱা। তেতিয়া তেওঁ কবলৈ আৰম্ভ কৰিলে যে, ৰাছুলুল্লাহ (ছাঃ)এ যেতিয়া ছালাতত থিয় হৈছিল, তেতিয়া
(১) দুই হাত কান্ধৰ সমান উঠাই তাকবীৰ কৈছিল । তাৰপিছত ক্বিৰাআত কৰিছিল । তাৰপিছত তাকবীৰ দি
(২) দুই হাত কান্ধৰ সমান উঠাই ৰুকুত গৈছিল। সেইসময়ত দুই হাত আঠুৰ ওপৰত ৰাখিছিল আৰু মূৰ আৰু পিঠি চিধা ৰাখিছিল । তাৰপিছত ছামি‘আল্লা-হু লেমান হামিদাহ কৈ ৰুকুৰ পাৰে উঠি চিধা হৈ থিয় হোৱাৰ সময়ত ,
(৩) দুই হাত কান্ধৰ সমান উঠাইছিল । তাৰপিছত তাকবীৰ দি ছিজদাত গৈ দুই হাত দুই পাঁজৰ পৰা ফাঁক ৰাখিছিল আৰু দুই ভৰিৰ আংগুলিবিলাক খোলা ৰাখিছিল । (‘ক্বিবলাৰ পিনে কৰি ৰাখিছিল ’ -বুখাৰী হা/৮২৮; ঐ, মিশকাত হা/৭৯২)।
তাৰপিছত উঠিছিল আৰু বাওঁ ভৰিৰ পাতাৰ ওপৰত চিধা হৈ বহিছিল, প্রত্যেক হাড় স্ব স্ব স্থানত ঠিকমতে বহি যোৱা লৈকে বহি আছিল । তাৰপিছত থিয় হৈছিল । তাৰপিছত দ্বিতীয় ৰাকাততও এনেদৰেই কৰিছিল । গতিকে তাৰপিছত যেতিয়া দ্বিতীয় ৰাক‘আতৰ শেষত (তৃতীয় ৰাক‘আতৰ বাবে ) উঠাইছিল , তেতিয়া তাকবীৰ দি থিয় হৈ (৪) দই ’হাত কাণৰ সমান এনেভাৱে উঠিছিল , যেনেকৈ তাকবীৰে তহৰীমাৰ সময়ত উঠাইছিল । এনেকৈয়ে তেওঁ অবশিষ্ট ছালাতত কৰিছিল কৰিছিল ।
অবশেষত যেতিয়া শেষৰ ছিজদাত গৈ পাইছিল যাৰ পিছত চালাম ফিৰাব লাগে তেতিয়া বাওঁ ভৰি সোঁফালে আগবঢ়াই দিছিল আৰু বাওঁ নিতম্বৰৰ ওপৰত বহিছিল ।
(قَعَدَ مُتَوَرِّكًا)। তাৰপিছত চালাম ফিৰাইছিল ’। এই বর্ণনা শুনাৰ পিছত উপস্থিত দহজন চাহাবীৰ সকলোৱে কৈ উঠিছিল ‘ছাদাক্বতা’ (صَدَقْتَ),
‘ আপুনি সত্য কৈছে ’। এনেকৈয়ে ৰাছুলুল্লাহ (ছাঃ) এ ছালাত আদায় কৰিছিল ’।[1]
[1] . আবুদাঊদ হা/৭৩০ ‘হাদীছ ছহীহ’; দাৰেমী, তিৰমিজি , ইবনু মাজাহ প্রভৃতি; ঐ, মিশকাত হা/৮০১ ‘ছালাত’ অধ্যায়-৪ ‘ছালাতৰ বিবৰণ ’ অনুচ্ছেদ-১০; বঙ্গানুবাদ মেশকাত শৰীফ (ঢাকা : এমদাদিয়া লাইব্রেৰী , ৫ম মুদ্রণ ১৯৮৭) হা/৭৪৫ (১২), ১/৩৪০ পৃঃ।