ছালাতে- মন ভালে ৰাখে।
ছালাতে- টেনচন দূৰ কৰে।
ছালাতে- মন পবিত্ৰ কৰে।
ছালাতে- মনুষ্যত্ব শিকায়।
ছালাতে- ভাতৃত্ববোধ সুদৃঢ় কৰে।
ছালাতে- কল্যাণ কঢ়িয়াই আনে।
ছালাতে- প্ৰশান্তি বোৱাই আনে।
ছালাতে- শাৰীৰিক অনুশীলন শিকায়।
ছালাতে- সময়ৰ সৎ ব্যৱহাৰ শিকায়।
ছালাত- আল্লাহ ভীতিৰ প্ৰমাণ।
ছালাত- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ আনুগত্যৰ দলীল।
কেনেকুৱা ছালাত? সেই ছালাত, যি ছালাতৰ বিষয়ে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে, “চাল্লু কামা ৰাআইতুমুনি উচাল্লি” অৰ্থাৎ “ছালাত তেনেকৈ পঢ়িবা¸ যেনেকৈ মোক পঢ়োঁতে দেখিছা।” (বুখাৰী, ১/৮৮; মিশকাত)।
অৰ্থাৎ ছহীহ হাদীছ মতে পঢ়া ছালাত। ইমাম আহমদ বিন হাম্বল {(ৰহঃ) ১৬৪-২৪১ হিঃ/৭৮১-৮৫৫ খৃঃ} কৈছিল, তুমি যদি বাগদাদৰ এশটা মছজিদত ছালাত আদায় কৰা¸ কোনো এটা মছজিদতে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লাম ও চাহাবায়ে কেৰামসকলৰ ছালাত দেখা নাপাবা, গতিকে তোমালোকে নিজৰ ছালাত আৰু পৰিয়াল তথা লগৰীয়াসকলৰ ছালাতৰ প্ৰতি লক্ষ্য কৰা, এয়া আছিল আজিৰপৰা প্ৰায় ১২০০/১২৫০ বছৰৰ আগৰ কথা, বৰ্ত্তমানৰ ফিৎনাৰ যুগত অৱস্থা কিমান নিম্নগামী হৈছে, সেয়া সহজে অনুমেয়।
— Abu atika