*মুহাম্মাদ ইবনু কুদামা ইবনু জুৰাইজৰ পৰা তেওঁৰ পিতাৰ সূত্রে বর্ণিত। তেওঁ কৈছে- মই আলী (ৰাঃ) -ক নামাযত নাভিৰ ওপৰত সোঁ-হাতৰ দ্বাৰা বাওঁ-হাতৰ কব্জি ধৰি ৰখা দেখিছোঁ।
#তাহক্কীক্ক- ইমাম আবূ দাউদ (ৰহঃ)-য়ে কৈছে, চাঈদ ইবনু জুবাইৰৰ পৰা “নাভিৰ ওপৰত” বর্ণিত আছে আৰু আবূ মিজলাযে কৈছে, “নাভিৰ তলত”। আবূ হুৰায়ৰা (ৰাঃ)-ৰ পৰাও অনুৰূপ বর্ণিত আছে, কিন্তু সেইটো সিমান শক্তিশালী নহয়।
হাদীছটি যঈফঃ আলবানী
চুনানে আবু দাউদ (ইফাঃ), ২/ ছালাত (নামায)৭৫৮।
*মূছা’দ্দাদ আবূ ওৱায়েলৰ পৰা বর্ণিত। তেওঁ কৈছে, আবূ হুৰায়ৰা (ৰাঃ)-য়ে কৈছে- মই নামাযত নাভিৰ তলত (বাওঁ) হাতৰ ওপৰত (সোঁ) হাত ৰাখোঁ।
#তাহক্কীক্ক- আবূ দাউদ (ৰহঃ)-য়ে কৈছে, মই ইমাম আহমদ ইবনু হাম্বল (ৰহঃ) ইছহাক আল-কূফীকে দুর্বল ৰাবী হিচাবে অভিহিত কৰা শুনিছোঁ।
চুনানে আবু দাউদ (ইফাঃ), ২/ ছালাত (নামায)৭৫৯।
*আবূ তাওবা তাউচ (ৰহঃ) দ্বাৰা বর্ণিত। তেওঁ কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে নামাযৰত অৱস্থাত সোঁ-হাত বাওঁ-হাতৰ ওপৰত স্থাপন কৰি তাক নিজৰ বুকুৰ ওপৰত বান্ধি ৰাখিছিল।
#তাহক্কীক্ক- হাদীছৰ মানঃ ছহীহ – আলবানী।
— Abu atika