ছালাত/নামাজ কিমান বিজ্ঞানসন্মত

#চালাত কিমান বিজ্ঞানসন্মত ??

ইছলামিক নিয়ম অনুসৰি 7 বছৰৰ ওপৰত সকলো লোকৰ ওপৰতে দৈনিক পাঁচৱাক্ত নামাজৰ নিদেৰ্শনা দিয়া  হৈছে । কিন্তু আপুনি জাননে আপোনাৰ  সুস্থ স্বাস্থ্য অটুট ৰখাৰ বাবে ইয়াৰ প্ৰয়োজন কিমান?

👉,প্ৰথমে, আমি দৈনন্দিন লাখ লাখ অনুজীৱৰ সন্মুখিন হওঁ। এই  অনুজীৱবোৰে আমাৰ ছাল ,চকু, নাক আদিৰ যোগেদি দেহত সুমাই বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে । বিজ্ঞান  অনুসৰি আমি নিতৌ গা- ধোৱাৰ লগতে কমেও 5-6 বাৰ পৰিষ্কাৰকৈ হাত  – মুখ ধোৱা উচিত । গতিকে আপুনি যেতিয়া পাঁচৱাক্ত নামাজৰ বাবে পাঁচবাৰ অজু কৰিব ,তেতিয়া অনুজীৱবোৰে সহজে আপোনাক আক্ৰমণ কৰিব নোৱাৰিব ।

👉.আমাৰ দেহতৰক্ত চলাচল,  কোষৰ পুষ্ট , nerve ৰ impulse active কৰিবলৈ,   দৈনন্দিন নিয়ম অনুসৰি ব্যাম  কৰা উচিত । এটা গবেষণাৰ পৰা পোৱা গৈছে যে নামাজ হৈছে এটা ভাল ব্যামৰ লগতে #Yoga .

👉আধুনিকতাৰ প্ৰভাৱত প্ৰায় 60% লোকেই দৈনিক 7 বজাৰ পাছত টোপনিৰ পৰা উঠে আমাৰ সমাজত । চিকিত্সা বিজ্ঞান অনুসৰি ৰাতিপুৱাৰ বায়ুমণ্ডলত বহু পৰিমাণে Fresh অক্সিজেন থাকে । যিয়ে মগজুৰ লগতে আমাৰ দেহত অসক্ৰীয় হৈ থকা কোষক সক্ৰীয় কৰি তোলে । যেতিয়া আপুনি ফজৰৰ নামাজৰ বাবে ৰাতিপুৱা উঠি নামাজ পঢ়িব ,তেতিয়া Fresh অক্সিজেনে আপোনাৰ দেহ মনক অধিক সক্ৰীয় কৰি দৈনিক কামসমূহ  নিয়াৰিকৈ কৰিব’লৈ প্ৰেৰণা দিব ।
👉
  চিকিত্সা বিজ্ঞান অনুসৰি এজন মানুহে দৈনিক হাঁহাৰ লগতে অধিক বেদনাত চকুৰ পৰা পানী ওলোৱাকৈ কান্দি , নিজৰ বেদনা আনৰ আগতবিশ্লেষণ কৰিব পাৰিলে,  উচ্চ ৰক্তচাপ ,  Heart attack , nerve prblm আদিৰ আশংকা  বহুখিনি কমি যায় । গতিকে আপুনি যেতিয়া নামাজৰ শেষত প্ৰভূৰ ওচৰত নিজৰ বেদনা প্ৰকাশ কৰি কান্দিব তেতিয়া লাভৰ লগতে উপৰোক্ত বেমাৰৰ পৰা মুক্তি পাৱ পাৰে ।

👉
   আমাৰ শৰীৰে এক নিৰ্ধাৰিত সময়ত নিৰ্ধাৰিত কামবোৰ কৰিব বিচাৰে । যেনে আজি মই  11 বজাত টোপনি গ’লো তেন্তে কালি আকৌ 11 বজাতে মোৰ টোপনি আহিব । গতিকে আপুনি যেতিয়া পাঁচৱাক্ত নামাজ এক নিৰ্ধাৰিত সময়ত দৈনিক পঢ়িব তেতিয়া আন কাম কাজো নিৰ্ধাৰিত সময় হৈ যাব । যিয়ে আপোনাক সফলতাৰ দিহে লৈ যাব ।

Leave a comment