ছালাত অতি গুৰুত্বপূৰ্ণ ইবাদত।প্ৰত্যেক মুচলিমৰ ওপৰত ই অপৰিহাৰ্য

বিষয়ঃ ছালাত (নামাজ)

     ছালাত অতি গুৰুত্বপূৰ্ণ ইবাদত।প্ৰত্যেক মুচলিমৰ ওপৰত ই অপৰিহাৰ্য ।অৰ্থাত মুচলিম আৰু অমুচলিমৰ মাজৰ পাৰ্থক্যই হল ছালাত।যাৰ ছালাত নাই তাৰ ইচলাম নাই।কিছুমানৰ মুখত শুনা যায় যে “ছালাত নপৰিলে কি হব মোৰ ঈমান সঠিক আছে”।এয়া অত্যন্ত লজ্জাজনক তথা মূৰ্খামী।কিয়নো ছালাত অবিহনে কোনেও কেতিয়াও ঈমানদাৰ হব নোৱাৰে। ছালাতে আমাক অশ্লীল কামৰ পৰা বিৰত ৰাখে।কোনোবাই যদি পাঁচ ওয়াক্ত ছালাত আদায় কৰাৰ লগতে অশ্লীল কামও কৰে তেন্তে বুজিব লাগিব যে সেই ছালাত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য নহয় ।এইখিনিতে চিন্তা কৰিবলগীয়া বিষয় হল যে যি ছালাতে আমাক পৃথিৱীৰ অশ্লীল কাম (মিছাকথা কোৱা,চুৰি-ডকাইতী ,যেনা-ব্যভিচাৰ,হত্যা, অন্যায়-অবিচাৰ কৰা )ৰ পৰা বিৰত ৰাখিব নোৱাৰে, তেন্তে সেই ছালাতে আমাক কেনেকৈ পৰকালত নৰকৰ কঠিন শাস্তিৰ পৰা ৰক্ষা কৰিব?প্ৰশ্নটো আপোনালোকৰ হাতত অৰ্পণ কৰিলোঁ । উত্তৰৰ লগতে সঠিক সমাধানৰ আশাত থাকিলো।

Leave a comment