ত্বাহাৰৎ বা পবিত্রতা ( الطهارة)
ছালাতৰ আবশ্যিক পূর্বচর্ত হ’ল ত্বাহাৰৎ বা পবিত্রতা অর্জন কৰা। যি দুই’প্রকাৰৰ : আভ্যন্তৰীণ আৰু বাহ্যিক, অর্থাৎ দৈহিক। ‘আভ্যন্তৰীণ পবিত্রতা’ বুলি কওঁতে বুজায় হৃদয়ক সকলো ধৰণৰ শ্বিৰ্কী আক্বীদা আৰু ‘ৰিয়া’ মুক্ত ৰখা আৰু আল্লাহৰ ভালপোৱাৰ ঊর্ধ্বত আনৰ ভালপোৱাক হৃদয়ত স্থান নিদয়া । ‘দৈহিক পবিত্রতা’ বুলি বুজায় শ্বাৰঈ তৰীকাত অজু, গোছল বা তায়াম্মুম সম্পন্ন কৰা । আল্লাহে কৈছে , إِنَّ اللهَ يُحِبُّ التَّوَّابِيْنَ وَيُحِبُّ الْمُتَطَهِّرِيْنَ (البقرة ২২২)-
‘নিশ্চয়ই আল্লাহ (অন্তৰৰ পৰা ) তওবাকাৰী আৰু (দৈহিকভাবে) পবিত্রতা অর্জনকাৰীসকলক ভালপায় ’ (বাক্বাৰাহ ২/২২২)। ৰাছুলুল্লাহ (ছাঃ) য়ে কৈছে
, لاَ تُقْبَلُ صَلاَةٌ بِغَيْرِ طُهُوْرٍ وَلاَ صَدَقَةٌ مِنْ غُلُوْلٍ ‘পবিত্রতা অর্জন নকৰাকৈ কাৰো ছালাত কবুল নহয় আৰু হাৰাম মালৰ ছাদাক্বা কবুল নহয়’। [1]
মুছল্লীৰ বাবে দৈহিক পবিত্রতা অর্জন কৰা অত্যন্ত জৰুৰী । কিয়নো ইয়াৰ ফলত বাহ্যিক পবিত্রতা অৰ্জনৰ লগে লগে মানসিক প্রশান্তিৰ সৃষ্টি হয়, চয়তানী মনোভাৱ দূৰীভূত হয় আৰু মুমিনক আল্লাহৰ আনুগত্যেৰ প্রতি উদ্বুদ্ধ কৰে । ইছলামত দৈহিক পবিত্রতা অৰ্জনৰ তিনটা পদ্ধতি আছে – অজু , গোছল আৰু তায়াম্মুম।
[1] . মুছলিম , মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৩০১, ৩০০ ‘পবিত্রতা’ অধ্যায়-৩, ‘যিবিলাকে অজু ওৱাজিব কৰে ‘ অনুচ্ছেদ-১।
, অনুচ্ছেদঃ অজু(ক) অজু ( الوُضوء ) : আভিধানিক অর্থ স্বচ্ছতা (الوَضاءة)। পাৰিভাষিক অর্থ পবিত্র পানীৰ দ্বাৰা শ্বাৰঈ পদ্ধতিত হাত, মুখ, ভৰি ধোৱা আৰু ( সেমেকা হাতেৰে ) মূৰ মাচাহ কৰাক ‘অজু’ বোলে ।অজুৰ ফৰজ : অজুৰ ফৰজ হ’ল চাৰিটা । ১. কুলি কৰা , নাকত পানী দিয়া পূৰ্ণ মুখমন্ডল ভালকৈ ধোৱা । ২. দুই হাত কিলাকুঠিলৈকে ধোৱা , ৩. ( সেমেকা হাতেৰে ) কাণসহ মূৰ মাচাহ কৰা আৰু ৪. দুই ভৰিৰ সৰুগাঠিলৈকে ধোৱা ।যেনেকৈ আল্লাহে কৈছে ,يَا أَيُّهَا الَّذِيْنَ آمَنُوْا إِذَا قُمْتُمْ إِلَى الصَّلاَةِ فَاغْسِلُوْا وُجُوْهَكُمْ وَأَيْدِيْكُمْ إِلَى الْمَرَافِقِ وَامْسَحُوْا بِرُءُوْسِكُمْ وَأَرْجُلَكُمْ إِلَى الْكَعْبَيْنِ… (المائدة 6)-অর্থ : ‘হে বিশ্বাসীসকল ! যেতিয়া তোমালোক ছালাতৰ বাবে প্রস্ত্তত হোৱা , তেতিয়া তোমালোকৰ মুখমন্ডল আৰু হস্তদ্বয় কিলাকুঠিলৈকে ধোৱা আৰু তোমালোকৰ মূৰ মাচাহকৰা আৰু দু ভৰি সৰুগাঠিলৈকে ধোৱা …..’ (মায়েদাহ ৬)।[2]এই আয়াতত বর্ণিত চাৰিটা ফৰজ বাহিৰে অজুৰ বাকী সকলো চুন্নত ।
[2] . ছূৰা মায়েদাহ মদীনাত অবতীর্ণ হৈছিল । সেইকাৰণে অনেকৰ ধাৰণা অজু প্রথম মদীনাতেই ফৰজ হৈছিল । এইটো ঠিক নহয় । ইবনু আবদিল বাৰ্ৰে কৈছে , মাক্কী জীবনত ৰাছুলুল্লাহ (ছাঃ)য়ে বিনা অজুত কেতিয়াও ছালাত আদায় কৰা নাই । যদিও মাদানী জীবনত এই আয়াত নাযিলৰ মাধ্যমেৰে ইয়াক ফৰজিয়াত ঘোষণা কৰা হয় মাত্র (দ্র : ফাৎহুল বাৰী ‘অজু’ অধ্যায় ১/১৩৪ পৃঃ)। যায়েদ বিন হাৰিছাহ (ৰা:) ৰাছুল (ছাঃ) ৰ পৰা বর্ণনা কৰিছে যে, জিব্রীল ( আ:) প্রথমত যেতিয়া তেওঁৰ ওচৰত ‘অহি’ লৈ আহিছিল , তেতিয়া তেওঁক অজু আৰু ছালাত শিক্ষা দিছিল ’…(আহমাদ, ইবনু মাজাহ হা/৪৬২; দাৰাকুৎনী, মিচকাত হা/৩৬৬, ‘পবিত্রতা’ অধ্যায়-৩, ‘পেচাব-পায়খানাৰ আদব’ অনুচ্ছেদ-২; চিলচিলা ছহীহাহ হা/৮৪১)।
অনুচ্ছেদঃ অজুৰ ফযীলত ( فضائل الوضوء) :(১) ৰাছুলুল্লাহ (ছাঃ) য়ে ইৰশ্বাদ কৰিছে ,…… ক’লা ঘোঁৰা সমূহৰ মাজত কপাল চিতা ঘোঁৰা যেনেকৈ চিনি পোৱা যায়.. ক্বিয়ামতৰ দিন মোৰ উম্মতৰ অজুৰ অঙ্গবিলাকৰ উজ্জ্বলতা দেখি মই সিহঁতক একেদৰেই চিনিব পাৰিম আৰু সিহঁতক হাউয কৌচৰৰ পানী খুৱাবলৈ আগতেই পৌঁছি যাম’।[3] ‘গতিকে যিয়ে বিচাৰে সি যেন তাৰ উজ্জ্বলতা বঢ়োৱাৰ চেষ্টা কৰে।[4]
(২) তেওঁ ক’লে , ‘মই কি তোমালোকক কম , কোন বস্ত্তৰ দ্বাৰা আল্লাহে তোমালোকৰ গোনাহ সমূহ অধিকহাৰে দূৰ কৰে আৰু সম্মানৰ স্তৰ বৃদ্ধি কৰে ?….. সেইটো হ’ল কষ্টেৰ সময় ভালকৈ অজু কৰা , বেছি বেছি মসজিদত যোৱা আৰু এক ছালাতৰ পিছত দ্বিতীয় ছালাতৰ বাবে অপেক্ষা কৰা।[5]
(৩) তেওঁ আৰু ক’লে, ‘ছালাতৰ চাবি হ’ল অজু । [6]
(৪) তেওঁ ক’লে , ‘মুছলমান যেতিয়া ফৰজ ছালাত আদায়ৰ উদ্দেশ্যে সুন্দৰকৈ অজু কৰে আৰু পূর্ণ মনোনিবেশ আৰু ভীতি সহকাৰে সুষ্ঠুভাবে ৰূকূ-চিজদা আদায় কৰে , তেতিয়া সেই অজু আৰু ছালাতে তাৰ পিছৰ সকলো গুনাহৰ কাফফাৰা হিচাবে গৃহীত হয়। গোনাহে কাবীৰাহৰ বাহিৰে’।[7] অন্য বর্ণনাত আহিছে, সেই ব্যক্তি গোনাহৰ পৰা এনেভাৱে মুক্ত হয়, যেনেভাৱে তাৰ মা তাক পৰিচ্ছন্নভাবে প্রসব কৰিছিল ।[8]
(৫) অজু কৰাৰ পিছত সদায় দুই ৰাক‘আত ‘তাহিইয়াতুল অজু’ আৰু মসজিদত প্রবেশ কৰাৰ পিছত দুই ৰাক‘আত ‘তাহিইয়াতুল মছজিদ ’ নফল ছালাত আদায় কৰিব । এই আকাংখিত সদভ্যাসৰ কাৰণেই জান্নাতত বিলাল (ৰা:) ৰ অগ্রগামী পদশব্দ ৰাছুলুল্লাহ (ছাঃ) সপোনৰ মাজত শুনিছিল । [9] কিন্তু মছজিদত গৈ জামা‘আত চলা অবস্থাত পালে বা এক্বামত হৈ গ’লে লগেলগে জামা‘আতত যোগ দিব।[10]
[3] . মুছলিম, মিচকাত হা/২৯৮, ‘পবিত্রতা’ অধ্যায়-৩, পৰিচ্ছেদ-৩। [4] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/২৯০। [5] . মুছলিম , মিচকাত হা/২৮২। [6] . আবুদাঊদ, তিৰমিযী, দাৰেমী, মিচকাত হা/৩১২, ‘পবিত্রতা’ অধ্যায়-৩, অনুচ্ছেদ-১। [7] . মুছলিম, মিচকাত হা/২৮৬ ‘পবিত্রতা’ অধ্যায়-৩, পৰিচ্ছেদ -১। [8] . মুছলিম, মিচকাত হা/১০৪২ ‘ছালাত’ অধ্যায়-৪, ‘নিষিদ্ধ ওৱাক্ত সমূহ’ অনুচ্ছেদ-২২। [9] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/১৩২২; তিৰমিজি , আহমাদ, মিচকাত হা/১৩২৬ ‘ঐচ্ছিক ছালাত’ অনুচ্ছেদ-৩৯। [10] . মুছলিম, মিচকাত হা/১০৫৮ ‘জামা‘আত আৰু ইয়াৰ ফযীলত’ অনুচ্ছেদ-২৩।
অনুচ্ছেদঃ অজুৰ বিৱৰণ ( صفة الوضوء) :
অজুৰ আগতে ভালকৈ মিচওৱাক কৰা চুন্নাত। ৰাছুলুল্লাহ (ছাঃ) ইৰছাদ কৰিছে ,
لَوْلاَ أَنْ أَشُقَّ عَلَى أُمَّتِيْ لَأَمَرْتُهُم ْ بِتَأْخِيْرِ الْعِشَاءِ وَ بِِالسِّوَاكِ عِنْدَ كُلِّ صَلاَةٍ-
‘মোৰ উম্মতৰ ওপৰত কষ্টকৰ হব বুলি নাভাৱিলে মই সিহঁতক ইশ্বাৰ ছালাত দেৰিকৈ আৰু প্রতি ছালাতত মিচওৱাক কৰাৰ নির্দেশ দিলোহেতেন ’।[11] ইয়াত ‘প্রতি ছালাতত অর্থ ‘প্রতি ছালাতৰ বাবে অজু কৰাৰ সময়’। [12] গতিকে টোপনিৰ পৰা উঠি আৰু প্রতি ওৱাক্ত ছালাতৰ বাবে অজুৰ আগতে মিচওৱাক কৰা উত্তম। এই সময়ত জিভাৰ ওপৰতে ভালকৈ হাত ঘহি গৰগৰা আৰু কুলি কৰিব ।
অজুৰ তৰীকা :
(১) প্রথমে মনে মনে অজুৰ নিয়ত কৰিব ।[13]
তাৰপাছত
(২) ‘বিছমিল্লাহ’ কব । [14] তাৰপাছত
(৩) সোঁ হাতত পানী লৈ [15] দুই হাত কব্জি সহ ধুব [16] আৰু আংগুলি সমূহ খিলাল কৰিব [17] তাৰপাছত
(৪) সোঁ হাতত পানী লৈ ভালকৈ কুলি কৰিব আৰু প্রয়োজনত নতুন পানী লৈ নাকত দি বাওঁ হাতেৰে ভালকৈ নাক চাফা কৰিব ।[18] তাৰপিছত
(৫) কপালৰ গুৰিৰ পৰা দুই কাণৰ লতী হৈ থুৎনীৰ তল পর্যন্ত সম্পূৰ্ণ মুখমন্ডল ধোৱা । [19] আৰু দাড়ি খিলাল কৰিব ।[20] ইয়াৰ বাবে এক অঞ্জলি পানী লৈ থুৎনীৰ তলত দিব।[21] তাৰপিছত
(৬) প্রথমে সোঁ ও পিছত বাওঁ হাত কিলাকুঠিলৈকে ধুব । [22] তাৰপাছত
(৭) পানি লৈ [23] দুই হাতৰ তিতা আংগুলিবিলাক মূৰৰ সম্মুখ সন্মুখৰ পৰা পিছফালে আৰু পিছফালৰ পৰা সম্মুখৰ ফালে এবাৰ সম্পূৰ্ণ মূৰ মাচাহ কৰিব ।[24] তাৰ লগতেই তিতা শ্বাহাদাত আংগুলিৰ দ্বাৰা কাণৰ ভিতৰৰ অংশত আৰু বুঢ়া আংগুলিৰ দ্বাৰা পাছফালৰ অংশত মাচাহ কৰিব ।[25] পাগুৰীবিহীন অবস্থাত মূৰৰ কিছু অংশ বা মূৰৰ এক চতুর্থাংশ মাচাহ কৰাৰ কোনো দলীল নাই । বৰং কেৱল সম্পূৰ্ণ মূৰ অথবা মূৰৰ সন্মুখৰ কিছু অংশ সহ পাগুৰীৰ ওপৰত মাচাহ অথবা কেৱল পাগুৰীৰ ওপৰ মাচাহ প্রমাণিত।[26]
তাৰপিছত
(৮) সোঁ আৰু বাওঁ ভৰিৰ সৰুগাঠিলৈকে ভালকৈ ধুব [27] আৰু বাওঁহাতৰ আংগুলিৰ দ্বাৰা [28] ভৰিৰ আংগুলিবিলাক খিলাল কৰিব ।
(৯) এনেকৈ অজুৰ শেষত বাওঁহাতেৰে কিছু পানী লৈ লজ্জাস্থানৰ ওপৰত চটিয়াই দিব [29] আৰু নিম্নোক্ত দো‘আ পাঠ কৰিব –
أَشْهَدُ أَنْ لآ إلَهَ إِلاَّ اللهُ وَحْدَهُ لاَ شَرِيْكَ لَهُ، وَأَشْهَدُ أَنَّ مُحَمَّدًا عَبْدُهُ وَرَسُوْلُهُ، اَللَّهُمَّ اجْعَلْنِيْ مِنَ التَّوابِيْنَ وَاجْعَلْنِيْ مِنَ الْمُتَطَهِّرِيْنَ-
উচ্চাৰণ : আশ্বহাদু আল লা ইলা-হা ইল্লাল্লা-হু ওয়াহ্দাহূ লা-শ্বৰীকা লাহূ, ওৱা আশ্বহাদু আন্না মুহাম্মাদান ‘আব্দুহূ ওৱা ৰাছুলুহু । আল্লা-হুম্মাজ্‘আল্নী মিনাত্ তাউয়াবীনা ওয়াজ্‘আল্নী মিনাল মুতাত্বাহ্হিৰীন ।
অর্থ : ‘মই সাক্ষী দিছোঁ যে , আল্লাহৰ বাহিৰে কোনো উপাস্য নাই । তেওঁ একক আৰ শ্বৰীক ( অংশীদাৰ ) বিহীন। মই সাক্ষী দিছোঁ যে , মুহাম্মাদ (ছাঃ) তাৰ বান্দা আৰু ৰাছুল (মুছলিম )। হে আল্লাহ! আপুনি মোক তওবাকাৰীসকলৰ আৰু পবিত্রতা অর্জনকাৰীসকলৰ অন্তর্ভুক্ত কৰা !! (তিৰমিজি)।।
ওমৰ ফাৰুক (ৰা:) ৰ পৰা বৰ্ণিত উক্ত হাদীছত ৰাছুল (ছাঃ) য়ে ইৰচাদ কৰিছে , ‘যি ব্যক্তি পূর্ণভাবে অজু কৰিব আৰু কালেমায়ে শ্বাহাদত পাঠ কৰিব , তাৰ বাবে জান্নাতৰ আটটা দৰজা খুলি দিয়া হব । যিটোৱেদি ইচ্ছা সি প্ৰৱেশ কৰিব’।[30] উল্লেখ্য যে, এই দো‘আ পাঠৰ সময় আকাশৰ ফালে চোৱাৰ হাদীছটো ‘মুনকাৰ ’ বা যঈফ।[31]
[11] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৩৭৬ ‘পবিত্রতা’ অধ্যায়-৩, ‘মিচওৱাক’ অনুচ্ছেদ-৩। [12] . কিয়নো উক্ত হাদীছৰ ব্যাখ্যা অন্য হাদীছত আহিছে ,
مَعَ كُلِّ وُضُوْءٍও عِنْدَ كُلِّ وُضُوْء
ٍ অর্থাৎ ‘প্রত্যেক অজুৰ লগত বা সময়ত (আহমাদ আৰু বুখাৰী – তা‘লীক্ব ‘ছওম’ অধ্যায়, ২৭ অনুচ্ছেদ); আলবানী, ইৰওৱাউল গালীল হা/৭০, ১/১০৯। [13] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/১। [14] . আহমাদ, তিৰমিজি , ইবনু মাজাহ, মিচকাত হা/৪০২, ‘ অজুৰ চুন্নত সমূহ’ অনুচ্ছেদ-৪; আবুদাঊদ হা/১০১-০২; চুবুলুচ ছালাম হা/৪৬৩; নওৱাব ছিদ্দীক হাচান খান ভূপালীয়ে ইয়াক ‘ফৰজ’ গণ্য কৰিছিল – আৰ-ৰওযাতুন নাদিইয়াহ ১/১১৭। [15] . আবুদাঊদ, মিচকাত হা/৪০১; নায়লুল আওত্বাৰ ১/২০৬ ‘কুলি কৰাৰ পূর্বে দুই’হাত ধুৱা’ অনুচ্ছেদ। [16] . মুত্তাফাক্ব ‘আলাইহ, আহমাদ, নাছাঈ , নায়লুল আওত্বাৰ ১/২০৬ ও ২১০। [17] . নাছাঈ, আবুদাঊদ, তিৰমিজি , ইবনু মাজাহ, মিচকাত হা/৪০৫ ‘ অজুৰ চুন্নত সমূহ’ অনুচ্ছেদ-৪। [18] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৩৯৪; দাৰেমী, মিচকাত হা/৪১১; মিৰক্বাত ২/১৪ পৃঃ; মাজমূ‘ ফাতাওয়া উছায়মীন (ৰিয়াদ: ১ম সংস্কৰণ ১৪১৯/১৯৯৯) ১২/২৫৭ পৃঃ । [19] . মুত্তাফাক্ব ‘আলাইহ, নায়লুল আওত্বাৰ ১/২১০। [20] . তিৰমিজি হা/২৯-৩১, অনুচ্ছেদ-২৩; ইবনু মাজাহ হা/৪৩০, নায়লুল আওত্বাৰ ১/২২৪। [21] . আবুদাঊদ হা/১৪৫, ‘পবিত্রতা’ অধ্যায়-১, ‘দাড়ি খিলাল কৰা’ অনুচ্ছেদ-৫৬। [22] . বুখাৰী হা/১৪০, নায়লুল আওত্বাৰ ১/২২৩। [23] . তিৰমিজি , মিচকাত হা/৪১৫ ‘ অজুৰ চুন্নত সমূহ’ অনুচ্ছেদ-৪। [24] . মুওয়াত্তা, মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৩৯৩-৯৪। [25] . নাছাঈ হা/১০২, ইবনু মাজাহ, নায়ল ১/২৪২-৪৩ ; আবুদাঊদ, তিৰমিজি , মিচকাত হা/৪১৪। [26] . মুত্তাফাক্ব ‘আলাইহ, মিৰ‘আত হা/৩৯৬, ৪০১ -ৰ ব্যাখ্যা দ্রষ্টব্য ২/৯২, ১০৪। [27] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৩৯৪; মুছলিম, মিচকাত হা/৩৯৮। [28] . আবুদাঊদ, তিৰমিজি , ইবনু মাজাহ, মিচকাত হা/৪০৬-০৭। [29] . আবুদাঊদ হা/৩২-৩৩, ১৬৮; আবুদাঊদ, নাছাঈ , মিচকাত হা/৩৬১, ৩৬৬ ‘পেচাব -পায়খানাৰ আদব’ অনুচ্ছেদ-২; ছহীহাহ হা/৮৪১। [30] . মুছলিম , তিৰমিজি , মিচকাত হা/২৮৯ ‘পবিত্রতা’ অধ্যায়-৩। [31] . আলবানী, ইৰওৱাউল গালীল ১/১৩৫ পৃঃ, হা/৯৬-ৰ ব্যাখ্যা।
অনুচ্ছেদঃঅজু আৰু মাচাহৰ অন্যান্য মাচায়েল ( مسائل أخري فى الوضوء والمسح ) :
(১) অজুৰ অঙ্গবিলাক এক, দুই বা তিনবাৰ কৰি ধুৱা যাব।[32] ৰাছুলুল্লাহ (ছাঃ) তিনবাৰ কৈ বেছি ধুইছিল । [33] তিনতকৈ অধিকবাৰ বাড়াবাড়ি।[34] ধুৱাৰ মাজত যোৰ-বেযোৰ কৰা যাব।[35]
(২) অজুৰ মাজত ‘তাৰতীব’ বা ধাৰাবাহিকতা বজায় ৰখা জৰুৰী ।[36]
(৩) অজুৰ অঙ্গবিলাকৰ নখ পৰিমাণ স্থান শুকান থাকিলেও পুনৰ অজু কৰিব লাগিব।[37] দাঢ়িৰ গুৰিত পানী পৌঁছাবৰ চেষ্টা কৰিব লাগিব । নহলেও অজু সিদ্ধ হব।[38]
(৪) শীতত হওঁক বা গ্রীষ্মত হওঁক পূর্ণভাবে অজু কৰিব লাগিব ।[39] কিন্তু পানীৰ অপচয় কৰা নাযাব । আল্লাহৰ নবী (ছাঃ) সাধাৰণতে : এক ‘মুদ্দ’ বা ৬২৫ গ্রাম পানীৰে অজু কৰিছিল ।[40]
(৫) অজুৰ বাবে ব্যবহৃত পানী বা অজুৰ শেষেত পাত্রত অবশিষ্ট পানী নাপাক নহয় । বৰং সেই পানীৰে পুনৰবাৰ অজু বা পবিত্রতা হাছিল কৰিব পাৰি। ৰাছুল (ছাঃ) ও ছাহাবায়ে কেৰামে একেই অজুৰ পাত্রত বাৰে বাৰে হাত ডুবাই অজু কৰিছিল । [41]
(৬) অজুৰ অঙ্গ বিলাক সোঁফালৰ পৰা ধুৱা আৰম্ভ কৰা চুন্নত । [42]
(৭) অজুৰ শেষত পবিত্র টাৱেল , গামোচা বা তেনে কিবা বস্তুৰ দ্বাৰা তিতি থকা অঙ্গ মুচা জায়েয আছে।[43]
(৮) অজু থাকক বা নাথাকক , ৰাছুলুল্লাহ (ছাঃ) ৰ প্রতি ওৱাক্ত ছালাতৰ পূর্বে অজু কৰাৰ অভ্যাস আছিল ।[44] তবে মক্কা বিজয়ৰ দিন তেওঁ এক অজুৰে পাঁচ ওৱাক্ত ছালাত আদায় কৰিছিল আৰু সেই সময়ত মোজাৰ ওপৰত মাচাহ কৰিছিল ।[45]
(৯) মুখেৰে অজুৰ নিয়ত পঢ়াৰ কোনো দলীল নাই । অজু কৰাকালীন সময়ত পৃথক কোনো দো‘আ আছে বুলি জনা নাযায় । একেদৰেই অজুৰ প্রত্যেক অঙ্গ ধুৱাৰ পৃথক পৃথক দো‘আৰ হাদীছ ‘জাল’।[46] অজুৰ শেষত ছূৰা ‘ক্বদৰ ’ পাঠ করার হাদীছ মওযূ বা জাল। [47]
(১০) গর্দন বা ডিঙি মাচাহ কৰাৰ কোনো বিশুদ্ধ প্রমাণ নাই । ইমাম নবভী (ৰহ: ) য়াক ‘বিদ‘আত’ বুলি কৈছে । [48] ‘যি ব্যক্তি অজুত ডিঙি মাচাহ কৰিব , ক্বিয়ামতৰ দিন তাৰ ডিঙিত বেড়ী পিন্ধোৱা নহব ’ বুলি যি হাদীছ কোৱা হৈ থাকে, সেইটো মওযূ বা জাল। [49]
(১১) ‘মাচাহ’ অর্থ স্পর্শ কৰা । পাৰিভাষিক অর্থ, ‘অজুৰ অঙ্গত তিতা হাত নৰমভাবে বুলাই দিয়া, যি মূৰ বা মোজাৰ ওপৰত কৰা হয়’। জুতাৰ বাহিৰে যি বস্ত্তৰ দ্বাৰা পুৰা ভৰিৰ পাতা সৰুগাঠিৰ ওপৰ পর্যন্ত ঢাকি ৰখা হয়, তাক ‘মোজা’ বুলি কোৱা হয়। লাগিলে সেইটো চামৰাৰ হওঁক বা সূতি হওঁক বা পশমী হওঁক , পাতল হওঁক বা মোটা হওঁক’। আশ্বাৰা মুবাশ্বাৰ সহ ৮০ জন ছাহাবী মোজাৰ ওপৰত মাচাহৰ হাদীছ বর্ণনা কৰিছে । এই হাদীছ মুতাওৱাতিৰ পর্যায়ভুক্ত’। নববীয়ে কৈছে , চফৰত বা বাৰীত প্রয়োজনত বা অন্য কাৰণে মোজাৰ ওপৰত মাচাহ মাসাহ কৰাৰ বিষয়ে বিদ্বানসকলৰ ঐক্যমত আছে ।[50]
(১২) অজু সহ ভৰিত মোজা পিন্ধি থাকিলে [51] নতুন অজুৰ সময়ত মোজাৰ উপৰিভাগত [52] দুই হাতেৰে তিতা আংগুলি ভৰিৰ পাতা বা তলৰ পৰা সৰুগাঠি পর্যন্ত টানি লৈ এবাৰ মাচাহ কৰিব । [53] মুক্বীম অবস্থাত এদিন এৰাতি আৰু মুচাফিৰ অবস্থাত তিনিদিন তিনিৰাতি একেলেথাৰিয়ে মোজাৰ ওপৰত মাচাহ কৰা চলিব , যেতিয়ালৈকে গোছল কৰা ফৰজ নহয় (অথবা খুলি ৰখা হয়)।[54]
(১৩) অজুৰ অঙ্গত যখমপট্টি বান্ধা থাকিলে আৰু তাতে পানী লাগিলে ৰোগ বৃদ্ধিৰ আশংকা থাকিলে তাৰ ওপৰতে তিতা হাতেৰে মাচাহ কৰিব । [55]
(১৪) পবিত্র জুতা বা যিকোনো ধৰণৰ পাক মোজাৰ ওপৰত মাচাহ কৰা চলিব । [56] জুতাৰ তলত নাপাকী লাগিলে সেইটো মাটিত ভালকৈ ঘহি ল’লে পাক হৈ যাব আৰু সেই জুতাৰ ওপৰত মাচাহ কৰা চলিব । [57]
(১৫) হালাল পশুৰ মল-মূত্র পাক।[58] গতিকে সেইবিলাক পোছাকত লাগিলে সেইটো নাপাক নহব ।
(১৬) দুগ্ধপালিত কন্যাশিশুৰ পেচাব কাপোৰত লাগিলে সেই স্থানটো ধুই লব । লৰা শিশু হ’লে তাতে পানীৰে চটিয়াই দিব। [59]
(১৭) বীর্য ও তাৰ আগে-পিছে নির্গত চৰ্দিৰ নিচিনাকৈ আঠাজাতীয় বস্ত্তক যথাক্রমে মনী, মযী ও অদী বুলি কোৱা হয়। উত্তেজনাবশত বীর্যপাত হ’লে গোছল কৰা ফৰজ হয়। বাকী দু’টাত কেৱল অঙ্গ ধুৱা লাগিব আৰু অজু কৰিব লাগে। কাপোৰত লাগিলে কেৱল সেই স্থানটোক ধুৱ বা তাতে পানী চটিয়াই দিব। আৰু শুকান হ’লে নখেৰে উঠাই পেলাব । [60] সেই কাপোৰেৰে ছালাত সিদ্ধ হব ।
[32] . বুখাৰী , মুছলিম, মিচকাত হা/৩৯৫-৯৭, ‘ অজুৰ চুন্নত সমূহ’ অনুচ্ছেদ-৪। [33] . মুত্তাফাক্ব ‘আলাইহ, মুছলিম, মিচকাত হা/২৮৭, ৩৯৭; নায়ল ১/২১৪, ২৫৮। [34] . নাছাঈ, ইবনু মাজাহ, মিচকাত হা/৪১৭। [35] . ছহীহ ইবনু খুযায়মা হা/১৭২-৭৩। [36] . ছূৰা মায়েদাহ ৬; নায়লুল আওত্বাৰ ১/২১৪, ২১৮। [37] . মুছলিম হা/২৪৩, চুবুলুচ চালাম হা/৫০। [38] . বুখাৰী হা/১৪০, নায়লুল আওত্বাৰ ১/২২৩, ২২৬। [39] . মুছলিম, মিচকাত হা/৩৯৮। [40] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৪৩৯ ‘পবিত্রতা’ অধ্যায়-৩, ‘গোছল ’ অনুচ্ছেদ-৫। [41] . মুত্তাফাক্ব ‘আলাইহ, দাৰেমী , মিচকাত হা/৩৯৪, ৪১১ ‘পবিত্রতা’ অধ্যায়-৩, অনুচ্ছেদ-৪। [42] . মুত্তাফাক্ব ‘আলাইহ, আহমাদ, আবুদাঊদ, মিচকাত হা/৪০০, ৪০১; ফাৎহুল বাৰী ১/২৩৫। [43] . ইবনু মাজাহ হা/৪৬৫, ৪৬৮, ‘পবিত্রতা’ অধ্যায়-১, ‘অজু গোছলৰ পিছত টাৱেল ব্যবহাৰ ‘ অনুচ্ছেদ-৫৯; আলোচনা দ্রষ্টব্য: ‘আওনুল মা‘বূদ ১/৪১৭-১৮; নায়ল ১/২৬৬। [44] . দাৰেমী ‘ আহমাদ, মিচকাত হা/৪২৫-৪২৬ অনুচ্ছেদ-৪। [45] . মুছলিম হা/৬৪২, ‘পবিত্রতা’ অধ্যায়-২, অনুচ্ছেদ-২৫; আবুদাঊদ হা/১৭২, ‘পবিত্রতা’ অধ্যায়-১, অনুচ্ছেদ-৬৬; নায়লুল আওত্বাৰ ১/৩১৮। [46] . মুহাম্মাদ তাহিৰ পট্টনী, তাযকিৰাতুল মাওযূ‘আত, পৃঃ ৩২; শ্বাওকানী, আল-ফাওয়ায়েদুল মাজমূ‘আহ ফিল আহা-দীছিল মাওযূ‘আহ ‘পবিত্রতা’ অধ্যায়, হা/৩৩, পৃঃ ১৩। [47] . আলবানী, চিলচিলা যঈফাহ হা/১৪৪৯। [48] . আহমাদ হা/১৫৯৯৩, আবুদাঊদ হা/১৩২, আলবানী, উভয়ৰ চনদ যঈফ; নায়লুল আওত্বাৰ ১/২৪৫-৪৭। [49] . আলবানী, চিলচিলা যঈফাহ হা/৭৪৪। [50] . মিৰ‘আতুল মাফাতীহ ২/২১২। [51] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৫১৮ ‘পবিত্রতা’ অধ্যায়-৩, ‘মোজাৰ ওপৰত মাচাহ’ অনুচ্ছেদ-৯; আবুদাঊদ হা/১৫১; নায়লুল আওত্বাৰ ১/২৭৩। [52] . আবুদাঊদ, মিচকাত হা/৫২২, ৫২৫ ‘পবিত্রতা’ অধ্যায়-৩, ‘মোজাৰ ওপৰত মাচাহ’ অনুচ্ছেদ-৯। [53] . মুছলিম, মিচকাত হা/৫১৮। [54] . মুছলিম, নাছাঈ, তিৰমিজি , মিচকাত হা/৫১৭, ৫২০। [55] . ছহীহ ইবনু খুযায়মা হা/২৭৩; ইবনু মাজাহ, নায়লুল আওত্বাৰ ১/৩৮৬, ‘তায়াম্মুম’ অধ্যায়। [56] . আহমাদ, তিৰমিজি , আবুদাঊদ, ইবনু মাজাহ, মিচকাত হা/৫২৩। [57] . আবুদাঊদ, মিচকাত হা/৫০৩ ‘পবিত্রতা’ অধ্যায়-৩, ‘অপবিত্রতা দূৰ কৰা ’ অনুচ্ছেদ-৮; ছহীহ ইবনু খুযায়মা হা/৭৮৬; আৰ-ৰওযাতুন নাদিইয়াহ ১/৯১ পৃঃ। [58] . মুত্তাফাক্ব ‘আলাইহ, মিচকাত হা/৩৫৩৯ ‘ক্বিছাছ’ অধ্যায়-১৬, অনুচ্ছেদ-৪; ফিক্বহুস সুন্নাহ ১/২১)। [59]. আহমাদ, আবুদাঊদ, নাসাঈ, মিশকাত হা/৫০১-০২; ফিক্বহুচ চুন্নাহ ১/২০। [60] . ফিক্বহুচ চুন্নাহ ১/২০-২১। ।
অনুচ্ছেদঃ অজু ভংগৰ কাৰণ সমূহ
( نواقض الوضوء ) :
১. পেচাব পায়খানাৰ ৰাস্তাৰে দেহৰ পৰা কোনো কিছু নির্গত হ’লে অজু ভঙ্গ হয়। বিভিন্ন ছহীহ হাদীছৰ আলোকত প্রমাণিত হয় যে, এইটো হ’ল অজু ভঙ্গৰ প্রধান কাৰণ । পেটৰ গন্ডগোল, টোপনি , যৌন উত্তেজনা ইত্যাদি কাৰণে যদি কোনো সন্দেহত পতিত হয় যে, অজু ভাঙি গৈছে, তেতিয়াহলে পুনৰ অজু কৰিব । আৰু যদি কোনো শব্দ, গন্ধ বা চিহ্ন নাপায় আৰু নিজৰ অজুৰ ব্যাপাৰে নিশ্চিত থাকে , তেনেহ’লে পুনৰ অজুৰ প্রয়োজন নাই । ‘ইস্তেহাযা’ ব্যতীত কম হওঁক বা বেছি হওঁক অন্য কোনো তেজ প্রবাহৰ কাৰণে অজু ভঙ্গ হোৱাৰ কোনো ছহীহ দলীল নাই । [ 61]
[61] . আলবানী, মিচকাত হা/৩৩৩ -এর টীকা দ্র:; দাৰাকুতনী বর্ণিত ‘প্রত্যেক প্রবাহিত ৰক্ত বা তেজৰ বাবে অজু ‘ (الوضوء من كل دم سائل)- ৰ ব্যাখ্যাত ।