ছালাতুত তাওবা-
————————
’আলী ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছূলুল্লাহ (ﷺ)য়ে কৈছে, “কোনো বান্দাই যদি কোনো গুনাহৰ কর্ম কৰাৰ পিছত সুন্দৰভাৱে অজু কৰি দুই ৰাক’আত ছালাত আদায় কৰে, ইয়াৰ পিছত আল্লাহৰ ওচৰত ক্ষমা বিচাৰে¸ তেন্তে আল্লাহে তাক নিশ্চয় ক্ষমা কৰিব।”

[ছুনানুত তিৰমিযী ২/২৫৭, নং ৪০৬, ৫/২২৮, নং ৩০০৬, ছুনান আবী দাউদ ২/৮৬, নং ১৫২১, ছহীহ ইবনু হিব্বান ২/৩৯০, ছহীহ ইবনু খুযাইমা ২/২১৬, ছহীহ ছুনান আবী দাউদ ১/২৮৩।]
তাওবাৰ কাৰণে কিছুমান চর্ত আছে আৰু সেইবোৰ হ’ল:
#এক: দ্রুত পাপৰ পৰা বিৰত হোৱা।
#দুই: পূর্বে যি হৈ গ’ল তাৰ বাবে অনুতপ্ত হোৱা।
#তিনি: পুনৰায় পাপ কৰ্মলৈ উভতি নোযোৱাৰ বাবে দৃঢ় সংকল্প গ্রহণ কৰা।
#চাৰি: প্রাপ্যসকলৰ হক্ক ওভতাই দিয়া যিবোৰ অন্যায়ভাৱে লোৱা হৈছিল অথবা তেওঁলোকৰ পৰা ক্ষমা বিচৰা।
#JBR