চাৰি মাহ পূর্ণ হোৱাৰ পিছত যদি গর্ভস্থ সন্তানৰ গৰ্ভপাত হয়, তেনেহ’লে তাক গোছল দিয়া, কাফন পিন্ধোৱা আৰু দাফন কৰা ওৱাজিব।

গ্ৰন্থ: ফাতাওৱা আৰকানুল ইছলাম, অধ্যায়: ছালাত, অনুচ্ছেদ: (৩৪৫)

জনৈক মহিলাৰ গর্ভস্থ সন্তানৰ বয়স ছয় মাহ হোৱাত গৰ্ভপাত হয়। মহিলাগৰাকীয়ে কিন্তু বিভিন্ন ধৰণৰ কষ্টকৰ পৰিশ্ৰম কৰিছিল আৰু তাৰ লগতে ৰমজান মাহত ছিয়ামও পালন কৰিছিল। তাইৰ আশংকা হৈছে এই গর্ভপাতৰ কাৰণ তাই নিজেই। কাৰণ গর্ভস্থ সন্তান লৈ তাই কঠোৰ পৰিশ্রম কৰিছিল। তাৰোপৰি জানাযা নপঢ়াকৈয়ে উক্ত মৃত সন্তানক দাফন কৰি দিয়া হৈছে। সেই সন্তানৰ জানাযা নপঢ়াটো সঠিক হৈছেনে? এই মহিলাগৰাকীয়ে কি কৰিব? যিয়ে কঠিন পৰিশ্রম কৰাৰ কাৰণে শিশুটিৰ মৃত্যু হৈছে¸ তাকে লৈ তাই এই অনুশোচনাত ভুগিছে।

চাৰি মাহ পূর্ণ হোৱাৰ পিছত যদি গর্ভস্থ সন্তানৰ গৰ্ভপাত হয়, তেনেহ’লে তাক গোছল দিয়া, কাফন পিন্ধোৱা আৰু দাফন কৰা ওৱাজিব। কিয়নো চাৰি মাহ পূর্ণ হ’লে প্রত্যেক ভ্রুণত ৰূহ ফুঁকাই দিয়া হয়। যেনেকৈ আব্দুল্লাহ্‌ বিন মাছঊদ (ৰাঃ)ৰ বর্ণিত হাদীছত প্রমাণ আছে। তেওঁ কৈছে,

حَدَّثَنَا رَسُولُ اللَّهِ صَلَّى اللَّه عَلَيْهِ وَسَلَّمَ وَهُوَ الصَّادِقُ الْمَصْدُوقُ إِنَّ أَحَدَكُمْ يُجْمَعُ خَلْقُهُ فِي بَطْنِ أُمِّهِ أَرْبَعِينَ يَوْمًا ثُمَّ يَكُونُ فِي ذَلِكَ عَلَقَةً مِثْلَ ذَلِكَ ثُمَّ يَكُونُ فِي ذَلِكَ مُضْغَةً مِثْلَ ذَلِكَ ثُمَّ يُرْسَلُ الْمَلَكُ فَيَنْفُخُ فِيهِ الرُّوحَ

ৰাছূলুল্লাহ্‌ ছাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে আমাৰ ওচৰত হাদীছ বর্ণনা কৰে, তেওঁ সত্যবাদী আৰু সত্যায়িত: “তোমালোকৰ কাৰোঁ সৃষ্টি তাৰ মাতৃগর্ভত প্রথমে চল্লিশ দিন বীর্য আকাৰত সঞ্চিত থাকে। পৰৱর্তী চল্লিশ দিনত সি ৰক্তপিণ্ডত পৰিণত হয়। ইয়াৰ পিছত আৰু চল্লিশ দিনত সি মাংসপিণ্ডলৈ ৰূপান্তৰিত হয়। ইয়াৰ পিছত আল্লাহ্‌ তা’আলাই এজন ফিৰিস্তা প্রেৰণ কৰে। তেওঁ তাত ৰূহ ফুঁকাই দিয়ে।” এইটো এশ বিশ দিন অর্থাৎ চাৰি মাহ। সি যদি এই সময়ৰ পিছত মাতৃগর্ভৰ পৰা গৰ্ভচ্যুত হয়, তেনেহ’লে তাক গোছল দিব লাগিব, কাফন পিন্ধাব লাগিব আৰু জানাযা পঢ়াব লাগিব। আনহাতে সি মানুহৰ সৈতে ক্বিয়ামত দিবসত পূণৰুত্থিত হ’ব।

কিন্তু চাৰি মাহৰ কম বয়সত গৰ্ভপাত হ’লে তাক গোছল দিব নালাগে, কাফন পিন্ধাব নালাগে আৰু জানাযাও দিব নালাগে। কিয়নো সেইটো মাংসৰ এটি টুকুৰা, মানুহ নহয়।

প্রশ্নত উল্লেখিত সন্তানৰ বয়স ছয় মাহ হোৱাৰ পিছত গর্ভপাত হৈ গৈছে। ওৱাজিব হৈছে, তাৰ গোছল দিয়া, কাফন পিন্ধোৱা ও জানাযা পঢ়া। কিন্তু যিহেতু ইয়াৰ কোনো এটাও নকৰাকৈ তাক দাফন কৰি দিয়া হৈছে। গতিকে কবৰ কোনটো জানিব পাৰিলে তাৰ কবৰত গৈ জানাযা নামায আদায় কৰিব লাগিব। আৰু জনা নাথাকিলে তাৰ গায়েবানা জানাযা আদায় কৰি লব। যিকোনো প্ৰকাৰে এবাৰ জানাযা পঢ়ি ল’লেই হ’ল।

আকৌ প্রশ্নত উল্লেখিত মহিলাগৰাকীৰ যি আশংকা তাৰ কোনো ভিত্তি ও প্রভাৱ নাই। এনেয়ে অনুশোচনাত ভোগা উচিত নহয়। বহুতো ভ্রূণেই এনেদৰে মাতৃগর্ভত কাৰণে-অকাৰণে মৃত্যুমুখত পৰে আৰু গৰ্ভপাত হয়। এনেয়ে অতিৰিক্ত মূৰ ঘমোৱাৰ কোনো প্ৰয়োজন নাই। তেওঁ একোৱেই কৰিব নালাগে। গতিকে এই সন্দেহ আৰু ওৱাচওৱাচা মনৰ পৰা আঁতৰাই পেলোৱা আৰু স্বভাৱিক জীৱন-যাপন কৰা উচিত। (আল্লাহেই তাওফীক দাতা ও ক্ষমাকাৰী।)

http://www.hadithbd.com/shareqa.php?qa=877

ফাতওৱা শ্বাইখ মুহাম্মদ বিন ছলেহ আল উছাইমীন

Leave a comment