চাৰি মাযহাবৰ কাৰণে আজি মুছলিমসকল লাঞ্চিত।

চাৰি মাযহাবৰ কাৰণে আজি মুছলিমসকল লাঞ্চিত।

যেতিয়া চাৰি মাযহাব নাছিল তেতিয়া ইছলামৰ আদৰ্শ আৰু শান্তি দেখি আন ধৰ্মালম্বী মানুহে জাকে জাকে ইছলাম গ্ৰহণ কৰিছিল। যাৰ ফলত অন্ধকাৰত আলোৰ সৃষ্টি কৰি ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে 10 লাখ বৰ্গ কিঃমিঃ পৰ্যন্ত ইছলামিক হুকুম কায়েম কৰিছিল। আনহাতে আজি পবিত্ৰ ইছলামক চাৰি টুকুৰা কৰি মাযহাবীসকলে এক মুছলিম সম্প্ৰদায়ত এনেকুৱা হিংসাৰ সৃষ্টি কৰিলে¸ যাৰ ফলত বিশ্বৰ সকলো ঠাইতে ভাই ভাইৰ মাজত মাৰা-মাৰি কটা-কটি লুন্ঠন ৰক্তপাত শ্বিৰ্ক-বিদ‘আত কুফুৰিত লিপ্ত হৈ ইছলামি শক্তিক ধ্বংস কৰি আজি বেইমানৰ হাতত পৰাজয় বৰণ কৰিবলগীয়া হৈছে নবাব ও বাদশ্বাহ জাতি মুছলিমসকল। আন ধৰ্মালম্বীসকলে ইছলাম গ্ৰহণ কৰাটো দূৰৰ কথা হাজাৰ হাজাৰ মুছলিমে খ্ৰীষ্টান ও নাস্তিক হ’বলৈ গৈ আছে। এইবোৰৰ মূল কাৰণ হ’ল মাযহাবধাৰী পেটপূজাৰী হিংসুক আলিমসকল । মুছলিম জাতিৰ এক অতুলনীয় শক্তি আছিল ইৰান আৰু ইৰাক। এবছৰ পৰ্যন্ত মাযাবৰ নামত যুদ্ধ কৰি লাখ লাখ মুছলিমৰ মৃত্যু হয় আৰু ধ্বংস-স্তুপত পৰিণত হয়। পাকিস্তানৰ মাযহাবধাৰী আলিমসকলৰ ধোকাত পৰি মৃত্যু হয় হাজাৰ হাজাৰ মানুহৰ। পৰিণাম ইমান ভয়াবহ হ’ল যে¸ ছালাতৰ অৱস্থাত গুলী বৰ্ষণ কৰি শত শত মুছল্লিৰ তেজেৰে আল্লাহৰ ঘৰক ৰঙীন কৰিবলৈও ভয় নকৰা পৰিস্থিতিৰ উদ্ভৱ হ’ল। হে আল্লাহ! মুছলিমসকলৰ মাজত পুনৰ ঐক্য-সম্প্ৰীতি আৰু ভাতৃত্ব দান কৰা। আমিন।

Leave a comment