চাৰি মাজহাব / মাযহাব হাৰাম হোৱাৰ বাবে ইয়াতকৈ উত্তম আৰু স্পষ্ট দলীল কি হ’ব পাৰে?

জাবিৰ ইবন আব্দুল্লাহ (ৰাঃ) য়ে কৈছে, আমি নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওচৰত বহি আছিলো । তেতিয়া তেওঁ এনেকৈ তেওঁৰ সন্মূখত এডাল সৰল ৰেখা আকিলে আৰু কলে, এইটো মহিমাময় পৰাক্রমশালী আল্লাহৰ পথ । তেওঁ সেই ৰেখাডালৰ সোঁফালে দুডাল ৰেখা আৰু বাওঁফালে দুডাল ৰেখা আকিলে । তেওঁ কলে, এইবোৰ চয়তানৰ পথ । ইয়াৰপিছত তেওঁ মাজৰ সৰল ৰেখাডালৰ ওপৰত নিজৰ হাত ৰাখিলে আৰু কুৰআনৰ নিন্মোক্ত আয়াত পাঠ কৰিলে, “আৰু এই পথ আমাৰ সৰল পথ, গতিকে ইয়াৰেই অনুসৰণ কৰিবা আৰু ভিন্ন পথ অনুসৰণ নকৰিবা, কৰিলে সেইটোৱে তোমালোকক তেওঁৰ পথৰ পৰা বিচ্ছিন্ন কৰি দিব । এইদৰে আল্লাহ তা’লাই তোমালোকক নির্দেশ  দিলে যেন  তোমালোকে সাৱধান হোৱা । (ছূৰা-০৬ আনআমঃ আয়াত-১৫৩)।
(ইবন মাজাহঃ হাদীছ নম্বৰ ১১, মুছনাদে আহমদঃ অধ্যায় ৫ঃ হাদীছ নম্বৰ ৫)

চাৰি মাজহাব হাৰাম হোৱাৰ বাবে ইয়াতকৈ উত্তম আৰু স্পষ্ট দলীল কি হ’ব পাৰে? এই হাদীছত পোণ ৰেখা অৰ্থাত্ ‘চিৰাতুল মুস্তাক্বিম’ ৰ দুয়োফালে কেৱল চাৰিডালেই ৰেখা কিয় আঁকিছিল? আৰু ‘এইবোৰ চয়তানৰ পথ’ বুলি কৈছিল? তাৰ মানে এই উম্মতক যে চয়তানে ভয়ানকভাৱে চাৰি টুকুৰা কৰি চাৰি মাজহাব কৰিব তাৰেই ইঙ্গিত আল্লাহ তা’লাই নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ মুখেদিয়েই স্পষ্ট ভাষাত ব্যক্ত কৰায়েই দিছে ।

Leave a comment