চাৰি মাজহাব / মাযহাব মানা স্পষ্ট হাৰাম

#চাৰি মাজহাব মানা স্পষ্ট হাৰাম!!!!
___________________________

দ্বীন ইছলাম নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ দিনতেই পৰিপূৰ্ণ। চাৰিশ হিজৰীৰ পিছত ৪ মাজহাব ৪ ফৰজ আকৌ ক’ৰ পৰা আহিল???

#চাৰি মাজহাব মানা স্পষ্ট হাৰাম। #চাৰি মাজহাম মানিলে নবী চাল্লাল্লহু আলাইহি ৱাছাল্লামক অস্বীকাৰ কৰা হয়¸ দ্বীন ইছলাম যে সম্পূৰ্ণ তাক অস্বীকাৰ কৰা হয়। #ইছলামেই আমাৰ একমাত্ৰ মাজহাব। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে–

“তাৰাকতু ফিকুম আমৰাইন, লানতাদিল্লু মাতামছছাকতুম বিহিমা কিতাবাল্লাহি অছূন্নাতি ৰাছূলীহ”

অর্থাৎ- তোমালোকৰ বাবে মই দুটা বস্তু এৰি থৈ গৈছোঁ,  যেতিয়ালৈকে তোমালোকে সেই বস্তু দুটাক খামুচি ধৰি থাকিবা তোমালোকে কেতিয়াওঁ পথভ্রষ্ট নহ’বা। আৰু সেয়া হ’ল আল্লাহৰ কিতাপ (আল- কুৰআন) আৰু আল্লাহৰ ৰাছূলৰ ছূন্নাহ (হাদীছ)। [ইমাম মালিকৰ মুৱাত্তা, ১৩৯৫, হাদীছটো ছহীহ]

✅✅“আজি আমি তোমালোকৰ কাৰণে তোমালোকৰ  দ্বীনক পৰিপূর্ণ কৰি দিলোঁ আৰু তোমালোকৰ ওপৰত আমাৰ নিয়ামত সম্পূর্ণ কৰিলোঁ; আৰু তোমালোকৰ কাৰণে ইছলামক দ্বীন হিচাবে পছন্দ কৰিলোঁ।” – (ছুৰা আল-মায়িদা: ৩)

“কোনোবাই ইছলামৰ বাহিৰে অন্য কোনো দ্বীন গ্রহণ কৰিব বিচাৰিলে তাক কেতিয়াও গ্রহণ কৰা নহ’ব আৰু সি হ’ব আখিৰাতত ক্ষতিগ্রস্তসকলৰ অন্তর্ভুক্ত।” (ছুৰা আল-ইমৰান: ৮৫);
তেওঁ আকৌ কৈছে:

[ إِنَّ ٱلدِّينَ عِندَ ٱللَّهِ ٱلۡإِسۡلَٰمُۗ ﴾ [سُورَةُ آلِ عِمۡرَان: 19]

“নিঃসন্দেহে ইছলামেই আল্লাহৰ ওচৰত একমাত্র দ্বীন।” — (ছুৰা আল-ইমৰান: ১৯);

আকৌ দ্বীন পৰিপূর্ণ কৰি দিয়া আৰু তাৰ যাৱতীয় বিধি-বিধান বর্ণনা কৰাৰ মাজত উভয় জগতৰ সকলো প্রকাৰ নিয়ামত অন্তর্ভুক্ত আছে, সেয়ে তেওঁ কৈছে:

﴿وَأَتۡمَمۡتُ عَلَيۡكُمۡ نِعۡمَتِي ﴾ [سورة المائدة: 3]

“আৰু তোমালোকৰ ওপৰত আমাৰ নিয়ামত সম্পূর্ণ কৰিলোঁ।” (ছুৰা আল-মায়িদা: ৩)

আকৌ কৈছে-
٣:٧
اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاءَ ۗ قَلِيلًا مَا تَذَكَّرُونَ
৭:৩
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন আউলিয়াৰ (কাকো অভিভাৱকৰূপে) অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।

গতিকে কাৰোঁ অন্ধ অনুসৰণ নকৰি কুৰআন আৰু ছহীহ হাদীছৰ ফালেই প্ৰত্যাৱৰ্তন কৰিব লাগিব। যাৰ কথা আৰু কৰ্ম কুৰআন আৰু ছহীহ হাদীছৰ লগত মিলিব আমি তাকেই অনুসৰন কৰিম। সেয়ে ইমাম আবু হানিফা (ৰহঃ)য়ে কৈছে–
اذا صح الحديث فهو مذهبي

“যেতিয়াই ছহীহ হাদীছ পাবা¸ সেইটোৱেই মোৰ মাজহাব”

আঁহক! ভাতৃত্ববোধ আৰু একতাৰ বাবে সকলো ধৰণৰ মাজহাবী গোঁড়ামী পৰিহাৰ কৰি একমাত্ৰ কুৰআন আৰু ছুন্নাহক খামুচি ধৰোঁ।

Leave a comment