মুচলিম বিশ্ব আজি দলে উপদলে বিভক্ত হৈ নিজে মনেসজা পথৰ পথিক । কুৰআন আৰু ৰচুলুল্লাহ (ছঃ)ৰ হাদীচক ভাগ কৰি একো একোটি দলৰ বাবে নিৰ্দিষ্ট কিছুমান হাদিচ গ্ৰহন-বৰ্জনৰ মাধ্যমত নিজৰ সুবিধা মতে চলি আছে। আৰু প্রতিটো দলেই নিজকে হাক্বেৰ ওপৰত প্রতিষ্ঠিত বুলি দাবী কৰে। অথচ আল্লাহ, ৰচুল(ছঃ), কুৰআন, ঈমান ইত্যাদি সম্পর্কে সেইবোৰ দলৰ আক্বীদাও ত্ৰুটিপূর্ণ।
পৰকালত মু্ক্তি পাবলৈ হলে অৱশ্যই ‘আক্বীদাহ্ বিশুদ্ধ কৰিব লাগিব। কাৰণ আল্লাহ তা’আলা নূহ (আঃ)ৰ পৰা সৰ্বশেষ নবী আৰু ৰচুল মুহাম্মাদ (ছঃ) লৈকে যিমান নবী আৰু ৰচুল প্রেৰণ কৰিছে তেখেতসকলোক উম্মাতৰ ‘আক্বীদাহ বিশুদ্ধ কৰাৰ বাবে প্রেৰণ কৰিছে। যেনে- আল্লাহই কৈছে:
আমি প্রত্যেক উম্মাতসকলোৰ ওচৰলৈ সিহঁতৰ নাবী-ৰচুলসকলোক এই দাওয়াত লৈ প্রেৰণ কৰিছোঁ যে, তোমালোকে এক আল্লাহৰ ‘ইবাদাত কৰিবা আৰু তাগুতৰ পৰা সাৰি থাকিবা” (ছুৰা নাহল- ১৬:৩৬)
গতিকে ‘আক্বীদাৰ বিষয়টো অতি গুৰুত্বপূর্ণ।ভাৰত উপমহাদেশত চাৰিটা মাযহাব বা মত অতিকৈ পৰিচিত। এই মাযহাববোৰৰ সর্বস্তৰৰ অনুসাৰীসকলোৰ আল্লাহ, ৰচুল (ছঃ) কুৰআন, ঈমান ইত্যাদি সম্পর্কে সিহঁতৰ আক্কীদাহ বহুক্ষেত্ৰত ত্ৰুটিপূর্ণ। তথাপিও সিহঁতে সিহঁতৰ আক্বীদাক বিশুদ্ধ বুলি দাবী কৰে। সিহঁতে কয়, আমি অমুক মাযহাবৰ অনুসাৰী, অথচ সেই মাযহাবৰ ইমামৰ ‘আক্বীদাহ বা বিশ্বাস কি আছিল সেয়া সিহঁতে চালিজাৰি চোৱাৰ প্রয়োজন বুলিও নাভাবে ।
চাৰিওজন ইমামৰ অৰ্থাত ইমাম আবূ হানিফাহ (ৰহঃ), ইমাম মালিক (ৰহঃ), ইমাম শাফিয়ী (ৰহঃ), ইমাম আহমাদ বিন হাম্বল (ৰহঃ), আক্বীদাহ বিশুদ্ধ আছিল। সিহঁতৰ আক্বীদাহ আছিল কুৰআন আৰু ছহীহ হাদীচ অনুযায়ী আক্বীদাহ। সিহঁতৰ আক্বীদাহ আছিল ৰচুল (ছঃ) আৰু ছাহাবাসকলোৰ আক্বীদাহ্। অর্থাত আটাইকেইজনৰ ‘আক্বীদাহ একেই আছিল। কিন্তু আমি সেইফালে দৃষ্টিপাত নিদি, মাযহাবৰ দোহাই দি নিজৰ ৰুচি মতে চলিছে। যিটো এজন প্ৰকৃত মুচলিমৰ উচিৎ নহয়।
চাৰিটা মাযহাব সম্পর্কে জানিবলৈ হলে চাৰিওজন ইমাম সম্পর্কে জানিব লাগিব।
চাৰি ইমামৰ সংক্ষিপ্ত জীৱনী:
ইমাম আবু হানিফা (ৰহঃ)ৰ নাম নুমান বিন ছাবিত। উপনাম আবু হানিফা। ৰচুল (ছঃ) –ৰ মৃত্যুৰ ৭০ বছৰ পিছত অৰ্থাত ৮০ হিজৰীত ইৰাকৰ কুফা নামৰ ঠাইত জন্ম গ্রহণ কৰে। ১৫০ হিজৰীত ৭০ বছৰ বয়সতে বাগদাদত মৃত্যুবৰণ কৰে। তেওঁ তর্ক আৰু ফিকাহ শাস্ত্রত গভীৰ জ্ঞানৰ অধিকাৰী আছিল। তেওঁ উচ্চ মানৰ এজন পৰহেজগাৰ আছিল। ইমামৰ কোনো প্ৰামাণ্য লিখনী বর্তমান নাই।
ইমাম মালিক (ৰহঃ)ৰ নাম মালিক বিন আনাছ। ৰচুল (ছঃ) ৰ মৃত্যুৰ ৮৩ বছৰ পিছত অৰ্থাত ৯৩ হিজৰীত পৱিত্র মাদীনাত জন্ম গ্রহণ কৰে। ১৭৯ হিজৰীত ৮৬ বছৰ বয়সত মদীনাতেই মৃত্যু বৰণ কৰে। তেওঁ হাদীচ আৰু ফিকাহ শাস্ত্রত গভীৰ জ্ঞানৰ অধিকাৰী আছিল। তেওঁৱেই সর্বপ্রথম হাদীচৰ উল্লেখযোগ্য কিতাপ লিখিছে। এইটো ‘মুয়াত্বা মালিক” নামেৰে প্রসিদ্ধ। ইয়াৰোপৰি তেওঁ বহুতো কিতাপ লিখি থৈ গৈছে।
ইমাম শাফিয়ী (ৰহঃ)ৰ নাম মুহাম্মদ বিন ইদ্রিচ আশ-শাফেয়ী। ৰচুল (ছঃ) ৰ মৃত্যুৰ ১৪০ বছৰ পিছত ১৫০ হিজৰীত গাযা নামৰ ঠাইত জন্ম গ্রহণ কৰে। পৱিত্র মক্কা নগৰীত ডাঙৰ দীঘল হয় আৰু জ্ঞান অর্জন কৰে। ২০৪ হিজৰীত ৫৪ বছৰ বয়সত মিচৰত মৃত্যু বৰণ কৰে। তেওঁ উচ্চ পৰ্যায়ৰ এজন হাদীচ বিশেষজ্ঞ আছিল। তেওঁ মহামূল্যৱান বহুতো গ্রন্থ লিখি থৈ গৈছে। ইয়াৰ ভিতৰত ‘কিতাবুল উম্ম’ আৰু ‘আৰ-ৰিছালাহ’ বিশেষভাবে উল্লেখযোগ্য।
ইমাম আহমদ (ৰহঃ)ৰ নাম আহমদ বিন মুহাম্মদ বিন হাম্বল। ৰচুল (ছঃ)ৰ মৃত্যুৰ ১৫৪ বছৰ পিছত ১৬৪ হিজৰীত বাগদাদত জন্মগ্রহণ কৰে। ২৪১ হিজৰীত ৭৭ বছৰ বয়সত তাতেই মৃত্যু বৰণ কৰে।
তেওঁ হাদীচ জগতত এক উজ্জল নক্ষত্র। হাদীচৰ এক বিশাল সমুদ্র। তেওঁ তাঁৰ সু-প্রসিদ্ধ কিতাপ “আল মুছনাদ”ত চল্লিছ হাজাৰ হাদীচ মুচলিম জাতিক উপহাৰ দিয়ে। ইয়াৰোপৰি বহুতু গ্রন্থ তেওঁ লিখি থৈ যায়। গ্রন্থ ৰচনা আৰু হাদীচৰ জ্ঞানৰ ক্ষেত্রত চাৰিওজন ইমামৰ মাজত তেওঁৱেই সৰ্বশ্ৰেষ্ঠ । বিস্তাৰিত জানিবলৈ চাওঁক – “চার ইমামের অবস্থান”।
পবিত্র কুৰআন আৰু ছহীহ হাদীচ অনুসৰণ কৰাটোৱেই আছিল চাৰি ইমামৰ মূলনীতি। এই প্ৰেক্ষিতত সন্মানিত চাৰিওজন ইমামৰ বক্তব্য দাঙি ধৰা হ’ল ।
ইমাম আবূ হানীফা (ৰহঃ) কৈছেঃ যেতিয়া কোনো (বিষয়ত) ছহীহ হাদীচ পোৱা যাব তেতিয়া সেই ছহীহ হাদীচক মোৰ মাযহাব বুলি জানিবা।
তেওঁ আৰু কৈছেঃমই যদি এনে কথা কওঁ যিটো আল্লাহ তায়ালাৰ কিতাপ আৰু ৰচুল (ছঃ) ৰ হাদীচৰ বিপৰীত হয় , তেনেহলে মোৰ কথাক বর্জন কৰা (আৰু কুৰআন-হাদীচক খামুছি ধৰি) ।
তেওঁ আৰু কৈছেঃ সাৱধান! তোমালোকে আল্লাহৰ দ্বীনত নিজা নিজা অভিমত প্রয়োগ কৰাৰ পৰা দূৰত থকা। সকলো অৱস্থাতে ছুন্নাহৰ অনুসৰণ কৰা। যি ব্যক্তি ছুন্নাহৰ পৰা দূৰত অৱস্থান কৰিব সি পথভ্রষ্ট হৈ যাব।
২. ইমাম মালিক (ৰহঃ) কৈছেঃ মই এজন মানুহ মাথো। চিন্তা গৱেষণাত ভুলও হয় আকৌ সঠিকও হয়।গতিকে মোৰ যিবোৰ অভিমত কুৰআন আৰু ছুন্নাহৰ অনুকূলত পাবাগৈ সেয়া গ্রহণ কৰা আৰু যিবোৰ অনুকূলত নাই সেয়া বর্জন কৰা।
৩. ইমাম শাফিয়ী (ৰহঃ) কৈছেঃ তোমালোকৰ কাৰোবাৰ পৰা যেন ৰচুলুল্লাহ (ছঃ) ৰ ছুন্নাহ এৰাই নাযায়। মই যিবোৰ কথা কৈ থাকোঁ সেয়া যদি ৰচুল (ছঃ) ৰ হাদীচৰ বিপৰীত হয় তেনেহলে ৰচুল (ছঃ) ৰ কথাই মোৰ কথা।
৪. ইমাম আহমদ (ৰহঃ) কৈছেঃ ইমাম আওযাঈৰ অভিমত, ইমাম মালিকৰ অভিমত আৰু ইমাম আবু হানিফাৰ অভিমত প্ৰত্যেকটোৱেই মোৰ ওচৰত অভিমত হিচাপে সমান অর্থাৎ এটাও চৰীয়তেৰ দলীল হব নোৱাৰে।কিন্তু চাহাবীসকলোৰ কথা চৰীয়তৰ দলীল হব।
ইমাম আহমদ (ৰহঃ) আৰু কৈছেঃ যি ব্যক্তি ৰচুল (ছঃ) ৰ হাদীচক প্রত্যাখ্যান কৰে সি ধ্বংসৰ মুখত থিয় দি আছে।
সন্মানিত ইমামসকলোৰ বক্তব্যৰ পৰা পৰিষ্কাৰ বুজিব পৰা যায় যে, সিহঁতৰ ভুল ইজতেহাদ আৰু দুৰ্বল দলীলৰ বিপৰীতে ছহীহ হাদীচ পোৱা গলে সিহঁতৰ কথা বর্জন কৰি ছহীহ হাদীচ অনুযায়ী আমল কৰিব লাগিব।
মাযহাব মূলত: এটা
মাননীয় ইমামসকলোৰ বক্তব্যৰ মাজত এটা কথা পৰিস্কাৰ ফুটি উঠিছে যে, চাৰিওজন ইমামৰ প্রকৃত মাযহাব মূলত: এটাই। আৰু সেয়া হল, পৱিত্র কুৰআন আৰু ছহীহ হাদীচ অনুসৰণ কৰা। এইটোৱেই ৰচুল (ছঃ) আৰু চাহাবায়ে কেৰামৰ মাযহাব। এই মাযহাবৰ নাম হল- “ইচলাম” আৰু অনুসাৰী সকলোৰ নাম হল- “মুচলিম”। এই মাযহাবৰ ইমামে আজম হল- “মুহাম্মাদুৰ ৰচুলুল্লাহ (ছঃ)” ।এই মাযহাবৰ প্রথম শাৰীৰ অনুসাৰী হল চাহাবায়ে কেৰাম, দ্বিতীয় শাৰীৰ অনুসাৰী হল তাবেঈ সকল আৰু তৃতীয় শাৰীৰ অনুসাৰী তাবে তাবেঈসকল লগতে মুজতাহিদ ইমামসকল। এইভাবে প্রত্যেক যুগৰ খাঁটি মুমিম-মুচলিমসকল এই জামাতত চামিল হৈছে। আমলোকেও এই জামাতৰ অনুসাৰী। কিয়ামত লৈকে যিমান মানুহ পৃথিৱীলৈ আহিব, মুক্তি পাবলৈ হলে এই জামাতত চামিল হবই লাগিব।
প্রচলিত চাৰি মাযহাব মানা ফৰজ নেকি?
মাযহাব আৰবী শব্দ। মাযহাবৰ অর্থ চলাৰ পথ, ধর্মমত আৰু বিশ্বাস। বিশ্ব মুচলিমৰ চলাৰ পথ, ধর্মমত আৰু বিশ্বাস এক-অভিন্ন। কাৰণ, বিশ্ব মুচলিমৰ আল্লাহ এক, কুৰআন এক, ৰচুল(ছঃ) এক, কিবলা এক, দ্বীন এক। গতিকে মুচলিমসকলে চাৰি মাযহাবৰ নামত চাৰিটা দলত বিভক্ত কিয় হব?
আল্লাহ তায়ালা কৈছেঃ
তোমালোকে আল্লাহৰ ৰছীক টানকৈ ধাৰণ কৰা আৰু তোমালোকে দলে দলে বিভক্ত হৈ নাযাবা। (ছুৰা ইমৰান- ৩:১০৩)
আল্লাহ তায়ালা আৰু কৈছেঃ
যিসকলে নিজেৰ ধর্মক ভাগ ভাগ কৰি পৃথক পৃথক দলত বিভক্ত হৈ পৰিছে (হে ৰচুল) আপোনাৰ লগত সিহঁতৰ কোনো সম্পর্ক নাই।সিহঁতৰ দায়িত্ব আল্লাহৰ হাতত। তেওঁ সিহঁতক (ইয়াৰ কুফল) জনাই দিব। (ছুৰা আন আম- ৬:১৫৯) আল্লাহ তায়ালা আৰু কৈছেঃ
নিশ্চয় এইটোৱেই হৈছে আমাৰ সৰল-পোণ পথ। গতিকে তোমালোকে এই পথেদি চলা । আৰু অন্যান্য পথৰ অনুসৰণ নকৰিবা। তেনেহলে সেইবোৰ পথ তোমালোকক তেওঁৰ পথ(সৰল পথ)ৰ বিচ্ছিন্ন কৰি দিব। (ছুৰা আন-আম – ৬:১৫৩) মুছনাদে আহমদ আৰু হাকিমত ছহীহ ছানাদে বর্ণিত হৈছে, ইবনে মাছউদ (ৰাঃ) কৈছেঃ ৰচুল (ছঃ) এবাৰ আমালোকৰ আগত এটা সৰল-পোণ ৰেখা অংকন কৰিলে । তাৰপিছত কলে, এইটো আল্লাহৰ সৰল-পোণ পথ। তাৰপিছত সেই ৰেখাৰ সোঁফালে-বাওঁফালে আৰু কেইটামান ৰেখা টানি ক’লে, এইবোৰ অন্যান্য ভ্রান্ত পথ। এই পথসমুহৰ প্রত্যেকটোৰ ওপৰত এটাকৈ চয়তান আছে। সি ঐ পথৰ পিনে মানুহক আহ্বান কৰে। ইয়াৰ পিছত ৰচুল (ছঃ) উল্লেখিত (ছুৰা আনআমৰ ১৫৩ নং) আয়াতটো তিলাওয়াত কৰিলে।
উল্লেখিত আয়াত আৰু হাসীচৰ পৰা পৰিষ্কাৰকৈ বুজা যায় যে, ছিৰাতে মুস্তাকিম(সহজ সৰল পথ) এটাই। সকলোকে এটা পথেদি চলিব’লৈ কোৱা হৈছে। দলে দলে বিভক্ত হ’বলৈ নিষেধ কৰা হৈছে।
চাৰি মাযহাব ৰচুল (ছঃ) –ৰ ছুন্নাতও নহয় আৰু খোলাফায়ে ৰাশেদীনৰ ছুন্নাতও নহয় ।
ৰচুল (ছঃ) কৈছেঃ তোমালোকৰ ভিতৰত যি সকলে মোৰ মৃত্যুৰ পিছত জীয়াই থাকিব সিহঁতে (দ্বীনি বিষয়ত) বহুতো মতভেদ দেখিবলৈ পাব। এনে পৰিস্থিতিত তোমালোকৰ অপৰিহার্য্য কর্তব্য হল মোৰ ছুন্নাত আৰু সুপথ প্রাপ্ত খোলাফায়ে ৰাশিদীনৰ ছুন্নাতক খামুছি ধৰা। ছুন্নাতক মাৰিৰ দাঁতেৰে টানকৈ কামুৰি ধৰিবা আৰু সাৱধান থাকিবা (দ্বীনৰ নামত) নৱ আৱিস্কৃত বিষয় সমূহৰ পৰা। কাৰণ, প্রতিটো নৱ আৱিস্কৃত বিষয় হল বিদআত। আৰু সকলো প্রকাৰ বিদআত হল পথভ্রষ্টতা (আৰু সকলো পথ ভ্রষ্টতাৰ পৰিণাম হল জাহান্নাম) – ছুনানে আবু দাউদ, তিৰমিজী; ছানাদ ছহীহ।
প্রচলিত চাৰি মাযহাব ৰচুল (ছঃ) ৰ ছুন্নাতও নহয়, খলিফা আবুবকৰ, উমৰ, উচমান বা আলী (ৰাঃ)ৰ ছুন্নাতও নহয়।আনকি সিহঁতৰ মৃত্যুৰ বহু বছৰ পিছতে এইবোৰ নতুন আৱিষ্কাৰ কৰা হৈছে। ৰচুল (ছঃ) কৈছেঃ বনি ইছৰাঈলসকল ৭২ দলত বিভক্ত হৈছে। আৰু মোৰ উম্মত ৭৩ দলত বিভক্ত হব। এটাৰ বাহিৰে আটাইবোৰ জাহান্নামত প্ৰৱেশ কৰিব। প্ৰশ্ন কৰা হল সেই নাজাত প্রাপ্তদল কোন? ৰচুল (ছঃ)য়ে ক’লে, যি সকলে সেই পথত থাকিব যি পথত মই আৰু মোৰ ছাহাবাসকল আছোঁ । – ছুনানে আবু দাউদ
উল্লেখিত হাদীৰ পৰা পৰিষ্কাৰ বুজা যায় যে, মুক্তি পাব’লৈ হলে সেই পথেৰে চলিব লাগিব যি পথত ৰচুল (ছঃ) আৰু ছাহাবীসকল আছিল। এতিয়া প্রশ্ন হল, আমি সেইপথত আছোঁ নে, যি পথত তেখেতসকল আছিল? তেখেতসকল চাৰিটা মাযহাবৰ নামত চাৰিটা দলত বিভক্ত আছিল নে? “চাৰি টা মাযহাবৰ যিকোনো এটা মাযহাব মানিবই লাগিব-অৰ্থাৎ মাযহাব মানা ফৰজ”- এনে আক্বীদা(বিশ্বাস) সিহঁতৰ আছিল নে? কুৰআন-হাদীচৰ কোনো ঠাইতেই চাৰি মাযহাব মানা ফৰজ বা ওয়াজিব এনে কোনো কথা লিখা নাই। আনকি, কুৰআন-হাদীচৰ কোনো ঠাইতেই চাৰি ইমামৰ অথবা চাৰি মাযহাবৰ নামও উল্লেখ নাই।
ইয়াৰোপৰি, ঈমামসকলে প্রচলিত চাৰি মাযহাব প্ৰচলনও কৰা নাই। আৰু সেয়া মানি চলা ফৰজ বা ওয়াজিব বুলি ঘোষনাও কৰা নাই। সিহঁত ৰচুল (ছঃ) আৰু ছাহাবায়ে কেৰামৰ আলোকিত ছহীহ পথৰ পথিক আছিল। সিহঁতৰ মৃত্যুৰ বহু বছৰৰ পিছত প্রচলিত চাৰি মাযহাব আৱিষ্কাৰ কৰা হৈছে।অৰ্থাত কোনো ফালৰ পৰাই প্রচলিত মাযহাব মানা ওয়াজিব বা ফৰজ নহয়।
চাৰিশ হিজৰীৰ পিছত প্রচলিত চাৰি মাযহাবৰ আৰম্ভ হৈছেঃ
সম্মানিত চাৰি ইমাম নিজ নিজ সময়ত স্ব স্ব ঠাইত ডাঙৰ আলিম হিচাবে খ্যাত আছিল। সেইবাবে লোকসকল সিহঁতক জৰুৰী মাছআলা-মাছাইল সুধিছিল। সিহঁত সকলে সমাধান দিছিল। ইমামসকলোৰ ইস্তেকবালৰ পিছত সিহঁতৰ ভক্তই সিহঁতৰ মতামত আৰু নীতি প্রচাৰ আৰু প্রসাৰ লাভ কৰে। আনকি গ্রন্থ আকাৰত প্রকাশ কৰিব’লৈ ধৰে। এজন ইমামৰ ভক্তসকলে অন্য ইমামৰ ভক্তসকলোৰ লগত তর্ক-মুনাজেৰা কৰিব’লৈ ধৰে লগতে দলাদলি-অতিৰঞ্জিত চলি থাকে। ৰাজনৈতিক মুনাফা লুটিবলৈ শাসকশ্ৰেণীও ইয়াৰ লগত জড়িত হয়। এনেকৈ কালক্রমত লাহে-লাহে প্রচলিত চাৰি মাযহাবৰ বৰ্তমান ৰূপ ধাৰণ কৰিছে। উপমহাদেশৰ সর্বজন শ্রদ্ধেয় আলিম, আল্লামা শাহ ওয়ালী উল্লাহ মুহাদ্দিসে দেহ্লভী (ৰহঃ)য়ে লিখিছে:
‘জানি থোৱা! হিজৰী চতুর্থ শতাব্দীৰ পূৰ্বৰ লোকসকলে কোনো এজন নিৰ্দিষ্ট ব্যক্তিৰ একক মাযহাবী তাক্বলীদৰ ওপৰত ঐক্যবদ্ধ নাছিলে’।
“চাৰি ইমামৰ যিকোনো এজনক মানিবই লাগিব। প্ৰতিটো বিষয়ত এক মাযহাবৰ মাছআলা অনুসৰিয়েই চলিব লাগিব। অন্য কোনো মানা নাযাব” ‘মাযহাবৰ এনে অন্ধ অনুসৰণ হিজৰী চাৰিশ বছৰ পিছৰ পৰা আৰম্ভ হৈছে ।
বর্তমান সময়ত কুৰআনৰ সঠিক তৰজমা, নির্ভৰযোগ্য তাফছীৰ আৰু হাদীচৰ বিশাল ভাণ্ডাৰ আছে। ছহীহ হাদীচৰ পৰা জঈফ আৰু জাল বর্ণনা পৃথক কৰা হৈছে। মাযহাবৰ যিবোৰ মাছআলা পৱিত্র কুৰআন আৰু ছহীহ হাদীচৰ লগত মিল আছে সেয়া অৱশ্যে মানিবলৈ আমি আটাইয়ে বাধ্য।
আৰু যিবোৰ অমিল সেয়া বর্জন কৰিব লাগিব। ভুল কিয়াচ আৰু জঈফ আৰু জাল দলীল ভিত্তিক যিবোৰ মাছআলা মাযহাবত আছে সেইবোৰ মানা ফৰজ নহয়।আনকি সেয়া বর্জন কৰি কুৰআন-হাদীচ অনুসৰি আমল কৰা ফৰজ। এইটোৱেই আমাৰ মূল বক্তব্য আৰু এইটোৱেই সম্মানিত চাৰি ইমামৰ প্রকৃত মাযহাব। আমি আটায়ে সিহঁতৰ প্রতি কৃতজ্ঞ লগতে শ্রদ্ধাশীল।
গতিকে আহঁক, দল-উপদলত বিভক্ত নহৈ কুৰআন আৰু ছহীহ হাদীচক খামুছি ধৰোঁ ।