-সংগ্রহ,সম্পাদন আৰু সংকলনত-
—
—————————————————————–
ভূমিকাঃ-
বিছমিল্লা-হিৰ ৰাহমা-নিৰ ৰাহীম।
মহান আল্লাহ তা’লাৰ (হামদ) প্রশস্তি, নবী কৰিম হজৰত মহম্মদ ছলল্লাহু আলেইহিচ্ছ ছালাম আৰু তেওঁৰ আত্মীয় ও অনুসাৰীসকলৰ প্রতি ছলাত(আর্শীবাদ) ও ছালাম কামনা।
————————————————————–
হজ্জ ইছলামৰ পঞ্চস্তম্ভৰ অন্যতম। সামর্থ্যবান মুমিনৰ বাবে দ্রুত সম্ভব ইছলামৰ এই ৰুকন আদায় কৰা ফৰজ।হজ্জে মুমিনক যিদৰে আল্লাহৰ সান্নিধ্যত পৌঁছাই দিয়ে, তেনেদৰে তেওঁৰ আত্মিক উন্নয়নে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। লগতে হজ্জ মুছলিম উম্মাহক আল্লাহৰ স্বার্থত ঐক্যবদ্ধ ও শক্তিশালী মহাজাতিত পৰিণত হোৱিত উদ্বুদ্ধ কৰে।
উল্লেখ্য যে, কোনো নেক আমলেই কবুল নহয় তিনটি শর্ত পূৰণ কৰা ব্যতীত। (১) ছহীহ আক্বীদা (২) ছহীহ তৰীকা আৰু (৩) ইখলাছে নিয়ত। এতেকে র্শিকমুক্ত নির্ভেজাল তাওহীদ বিশ্বাসৰসৈতে আল্লাহৰ সন্তুষ্টি অর্জনৰ খালেছ নিয়তত ও পৰকালীন মুক্তিৰ স্বার্থত ছহীহ হাদীছ মোতাবিক ছহীহ তৰীক্বাত হজ্জ কৰিলেহে কেৱল সেইটো আল্লাহৰ ওচৰত কবুল হোৱা সম্ভাবনা থাকে।
—————————————–
–হজ্জ ফৰজ হোৱাত এজন মানুহৰ কি কি চৰ্ত পূৰণ হ’ব লাগিব তাক আমি জনা উচিত।
–চৰ্তসমূহ এনে ধৰণৰঃ-
(১) মুছলিম হোৱা । অমুছলিম অবস্থাত কোনো ইবাদাত আল্লাহৰ ওচৰত গ্রহণযোগ্য নহয়।
(২) বালিগ অৰ্থাৎ প্ৰাপ্তবয়স্ক হোৱা ।
(৩) জ্ঞান -বুদ্ধি থকা। অর্থাৎ অজ্ঞান আৰু পাগলৰ কোনো ইবাদাত নহয় ।
(৪) আর্থিক আৰু শাৰীৰিক সক্ষমতা থকা। আর্থিক সক্ষমতাৰ অর্থ হৈছে হজ্জৰ খৰচ বহন কৰাৰ পিছত পৰিয়ালৰ ভৰণপোষণ কৰাৰ সম্পদ আৰু সক্ষমতা থাকিব লাগিব। শাৰীৰিক সুস্থতাৰ লগতে যানবাহনৰ সুবিধা, বাট-ঘাটৰ নিৰাপত্তা থকা আৰু মহিলা হলে তেওঁৰ লগত মাহৰাম পুৰুষ থকা । এইবিলাক সক্ষমতাৰ ভিতৰত অন্তর্ভুক্ত। ইয়াৰ কোনো এটাৰ ব্যাঘাত হ’লে হজ্জ ফৰজ নহব।
আমি হজ্জ ফৰজ বুলি কলেই নহ’ব। অর্থাৎ হজ্জ ফৰজ হোৱাৰ দলীল কি কি তাক কোৰাণ আৰু বিশুদ্ধ হাদিসৰ দ্বাৰা তুলি ধৰিব লাগিব।
–হজ্জ ফৰজ হোৱাৰ দলীলঃ-
প্রথমতঃ আল্লাহ তা‘আলাৰ নির্দেশ। তেওঁ ক’লে : وَلِلَّهِ على الناس حج البيت من استطاع إليه سبيلاঅর্থাৎ মানুহৰ মাজত যাৰ সামর্থ আছে আল্লাহৰ কাৰণে সেই ঘৰত হজ্জ কৰা তাৰ ওপৰত অবশ্য কর্তব্য।
( ছূৰা আল ইমৰাণ , ৯৭ )
দ্বিতীয়তে : ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ হাদিচ ।
তেওঁ ক’লে :
(ক) ইছলামৰ ভিত্তি হৈছে ৫টি স্তম্ভৰ ওপৰত :
(১) আল্লাহৰ বাহিৰে কোনো মা‘বুদ নাই আৰু মুহাম্মাদ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম আল্লাহৰ ৰাছুল এই সাক্ষী দিয়া ,
(২) ছালাত আদায় কৰা
(৩) জাকাত দিয়া
(৪) ৰমজান মাহত ছিয়াম (ৰোজা) পালন কৰা আৰু
(৫) বায়তুল্লাহত হজ্জ পালন কৰা ।
(বুখাৰী : ৮)
(খ) হে মানুহসকল ! আল্লাহে তোমালোকৰ ওপৰত হজ্জ ফৰজ কৰিছে । গতিকে তোমালোকে হজ্জ পালন কৰা ।
(মুছলিম : ৩০৯৫)
–এনে লক্ষ্য ৰাখিয়েই আমি আমাৰ সাধ্যমতে ছহীহ হাদীছ মোতাবেক সংক্ষেপে ইয়াক প্রণয়ন কৰাৰ চেষ্টা কৰিছো। বিনিময় কেৱল আল্লাহৰ ওচৰতেই কামনা কৰিছো আৰু আল্লাহৰ মেহমানসকলৰ ওচৰত বিছাৰিছো প্রাণখোলা দো‘আ। ভুল-ত্রুটিৰ বাবে সর্বদা ক্ষমাপ্রার্থী।