#গান-বাজনা শুনা পালে নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কাণত আঙুলি সোপা দিছিল।
#গতিকে পলম নকৰি এতিয়াই আপোনাৰ মোবাইলৰ পৰা বাজনা-শ্বিৰ্ক মিশ্ৰিত গান আৰু নুবুজা গানবোৰ delete কৰক in sha Allah.
#নাফে‘ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে¸ এদিনাখন ইবন ‘উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে বাজনা শুনি দুয়োখন কাণত আঙুলিৰে সোপা দি ৰাষ্টাৰ পৰা দূৰলৈ আঁতৰি গ’ল। ইয়াৰ পিছত মোক ক’লে- নাফে‘ তুমি কিবা শুনিবলৈ পাইছানে? মই ক’লো¸ নাই। তেতিয়া তেওঁ কাণৰ পৰা আঙুলি বাহিৰ কৰিলে। ইয়াৰ পিছত ক’লে- মই ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ সৈতে আছিলোঁ। তেওঁ অনুৰূপ কৰিছিল। (আবুদাঊদ হা/৪৯২৪; মিশকাত হা/৪৮১১ চনদ হাছান)