উত্তৰ:- কুৰআন ও ছুন্নাহ অনুযায়ী সূর্যগ্রহণ ও চন্দ্রগ্রহণৰ কোনো প্রভাৱ গর্ভৱতী মাতৃ, বা তাইৰ গর্ভস্থ ভ্রূণৰ ওপৰত নপৰে। গর্ভৱতী মাতৃয়ে কিবা বস্তু কাটিলে বা ফালিলে সন্তান ঠোঁট কটা হৈ জন্মিব, কিবা বস্তু ভাঙিলে বা বেকাঁ কৰিলে সন্তান বিকলাঙ্গ হৈ জন্ম লব – এনে ধৰণৰ যিমান কথা সমাজত প্রচলিত আছে সেই সকলোবোৰ সম্পূর্ণ ভিত্তিহীন ও মিছা, যাৰ সৈতে কুৰআন ও ছুন্নাহৰ কোনো সম্পর্ক নাই। চন্দ্র, সূর্য বা অন্য কোনো সৃষ্ট বস্তুৱে অদৃশ্যভাৱে কাৰোঁ উপকাৰ বা ক্ষতি কৰিব পৰা ক্ষমতা আছে বুলি বিশ্বাস কৰা তাওহীদৰ পৰিপন্থী। যিয়ে আল্লাহ তা‘আলা ও শেষ দিবসত বিশ্বাস ৰাখে তেওঁ মনত ৰখা উচিত যে, আল্লাহৰ অসংখ্য নিদর্শনৰ মাজত চন্দ্র/সূর্যগ্রহণও এটি নিদর্শন। কোনোৱে যদি চন্দ্র বা সূর্যগ্রহণ দেখে, তেন্তে তেওঁ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছুন্নাহ অনুযায়ী কাম কৰা ও অধিক পৰিমাণে সেই সময়ত আল্লাহক স্মৰণ কৰা উচিত।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে •► “চন্দ্র আৰু সূর্য এই দুটি আল্লাহৰ নিদর্শনৰ অন্যতম। কাৰোঁ জন্ম বা মৃত্যুৰ কাৰণে এইবোৰৰ গ্রহণ নহয়। সেয়ে তোমালোকে যেতিয়া প্রথমে গ্রহণ দেখিবলৈ পোৱা, তেতিয়া আল্লাহক স্মৰণ কৰা।” [বুখাৰী ৪৮১৮; ইফা]
অন্য বর্ণনাত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে •► “চন্দ্র ও সূর্যগ্রহণ কাৰোঁ জন্ম বা মৃত্যুৰ কাৰণে নালাগে, বৰং এই দুটা আল্লাহৰ নিদর্শন, যাৰ দ্বাৰা আল্লাহে তেওঁৰ বান্দাক সতর্ক কৰে। এতেকে তোমালোকে যেতিয়া গ্রহণ লগা দেখা, আল্লাহৰ জিকিৰত মচগুল হোৱা যেতিয়ালৈকে সেয়া আলোকিত হৈ নাযায়।” [ছহীহ মুছলিম ১৯৭২; ইফা]
কুৰআন ও ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ছহীহ হাদিছত যিবোৰ বৰ্ণিত আছে সেই সম্পর্কে আমি জনা ও তদানুযায়ী আমল কৰা উচিত। আল্লাহে যেন আমাক সঠিক পথ প্রদর্শন কৰে আৰু আমাক ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে দিয়া শিক্ষাক দৃঢ়ভাৱে খামুচি ধৰি থাকিবলৈ সাহায্য কৰে। আমীন।