সেয়ে এই নামটো আপোনালোকৰ মুখৰ পৰা ৰিমোভ কৰক!!!
*খোদা শব্দটো ফাৰ্চী শব্দ, যাৰ অর্থ স্বয়ম্ভু বা যিজন নিজেই সৃষ্ট।* আল্লাহৰ ৰাছূল চাল্লাল্লাহু আলাইহি অছাল্লামে আল্লাহৰ যি ৯৯টা নামৰ কথা কৈছে তাৰ মাজত এনে ধৰণৰ কোনো নাম নাই। ইয়াৰ বাহিৰেও আল্লাহৰ যিবোৰ নাম বা ছিফাত কোৰআন আৰু হাদীছত উল্লেখ আছে, কতো তাৰ অর্থ খোদাৰ অর্থৰ সৈতে নিমিলে। মহান আল্লাহে নিজকে স্বয়ম্ভু বা খোদা অর্থত নামকৰণ কৰা নাই। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে এনে ধৰণৰ কোনো অর্থত আল্লাহৰ পৰিচয় দিয়া নাই। আল্লাহৰ বহুতো সুন্দৰ নাম আছে । সেইবোৰ নামেৰে তেওঁক নামাতি অন্য সকলো অসংগত বা বিশৃংখল নামেৰে তেওঁক মাতা বা নামকৰণ কৰা হ’লে তেওঁৰ অস্তিত্বৰ অপমান কৰা হয়।
*পবিত্র কোৰআনত আল্লাহে কৈছেঃ*
وَلِلَّهِ الْأَسْمَاءُ الْحُسْنَىٰ فَادْعُوهُ بِهَا ۖ وَذَرُوا الَّذِينَ يُلْحِدُونَ فِي أَسْمَائِهِ ۚ سَيُجْزَوْنَ مَا كَانُوا يَعْمَلُونَ
*আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নাম বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।* (ছূৰা আল আৰাফ, ৭:১৮০)