যিসকলে পূর্বে ছালাত আদায় কৰা নাছিল তেওঁলোকে ছালাত আৰম্ভ কৰাৰ পিছত অতীতৰ বকেয়া ছালাতসমূহ ফৰজ ছালাতৰ পিছত আদায় কৰি থাকে। অথচ উক্ত আমলৰ পক্ষে কোনো দলিল নাই। মূলতঃ এইটো এটা বিদ‘আতী প্রথা’। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু ছাহাবায়ে কিৰামৰ স্বর্ণযুগত উক্ত প্রথাৰ অস্তিত্ব নাছিল। গতিকে পূর্বৰ ক্কাজা হোৱা ছালাতৰ কাৰণে আল্লাহৰ ওচৰত বেছি বেছি ক্ষমা প্রার্থনা কৰিব। আল্লাহে ইচ্ছা কৰিলে পূর্বৰ পাপসমূহ ক্ষমা কৰি দিব পাৰে আৰু তাক নেকীত পৰিণত কৰিব পাৰে (আল-ফুৰকান ৭০-৭১; আজ-যুমাৰ ৫৩)। তাৰোপৰি ইছলামে তাৰ পূর্বকৃত সকলো অন্যায় মচি দিয়ে। সম্ভৱতঃ একাধিক ছালাত ক্কাজা হোৱাৰ কাৰণেই মহিলাসকলৰ মাহেকীয়া অৱস্থাৰ ছালাত পূৰণ কৰাৰ নির্দেশ দিয়া হোৱা নাই; বৰং ছিয়াম ক্কাজা কৰাৰ কথা কোৱা হৈছে। উল্লেখ্য যে, ৰমজানৰ শেষ জুম‘আত পূর্বৰ ক্কাজা হোৱা ছালাত আদায় কৰাৰ যি ফজিলত বর্ণনা কৰা হয়, সেইটো মিছা আৰু বাতিল।
ক্কাজা ছালাত
(১) ক্কাজা ছালাত আদায় কৰোঁতে পলম কৰা আৰু নিষিদ্ধ ওৱাক্ত শেষ হোৱালৈ অপেক্ষা কৰা :
ক্কাজা ছালাত আদায় কৰোঁতে পলম কৰা আৰু নিষিদ্ধ সময়ত ক্কাজা ছালাত আদায় কৰিব নোৱাৰি বুলি যি ধাৰণা সমাজত চালু আছে সি ছহীহ হাদীছৰ বিৰোধী। বৰং যেতিয়াই স্মৰণ হ’ব নাইবা টোপনিৰ পৰা সাৰ পাব তেতিয়াই ধাৰাবাহিকভাৱে ক্কাজা ছালাত আদায় কৰি লব। ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, مَنْ نَسِىَ صَلاَةً أَوْ نَامَ عَنْهَا فَكَفَّارَتُهَا أَنْ يُصَلِّيَهَا إِذَا ذَكَرَهَا ‘কোনোবাই পাহৰি গ’লে নাইবা টোপনি গ’লে তাৰ কাফফাৰা হ’ল, সাৰ পালে অথবা স্মৰণ হ’লে লগে লগে ক্কাজা ছালাত আদায় কৰা’। অন্য হাদীছত ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
عَنْ أَبِىْ هُرَيْرَةَ قَالَ قَالَ رَسُوْلُ اللهِ صَلَّى اللهُ عَلَيْهِ وَسَلَّم إِذَا أَدْرَكَ أَحَدُكُمْ سَجْدَةً مِنْ صَلاَةِ الْعَصْرِ قَبْلَ أَنْ تَغْرُبَ الشَّمْسُ فَلْيُتِمَّ صَلاَتَهُ وَإِذَا أَدْرَكَ سَجْدَةً مِنْ صَلاَةِ الصُّبْحِ قَبْلَ أَنْ تَطْلُعَ الشَّمْسُ فَلْيُتِمَّ صَلاَتَهُ.
আবু হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে, ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে, তোমালোকৰ কোনোবাই যদি সূর্য ডুবাৰ পূর্বে আছৰৰ ছালাত এক ৰাক‘আত পঢ়িব পাৰে, তেনেহ’লে সি যেন তাৰ ছালাত সম্পূর্ণ কৰি লয়। অনুৰূপ কোনোবাই যদি সূর্য উঠাৰ পূর্বে ফজৰ ছালাতৰ এক ৰাক‘আত পঢ়িব পাৰে, তেনেহ’লে সি যেন তাৰ ছালাত সম্পূর্ণ কৰি লয়।
গতিকে স্পষ্ট হ’ল যে, ক্কাজা ছালাতৰ কাৰণে কোনো নিষিদ্ধ ওৱাক্ত নাই। আৰু মূল ওৱাক্তত যেনেকৈ ছালাত আদায় কৰা হয় ঠিক সেই নিয়মতেই ছালাত আদায় কৰিব। যেনেকৈ খন্দকৰ যুদ্ধৰ দিনা ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ছাহাবীসকলক লৈ মাগৰীবৰ পিছত যোহৰ, আছৰ, মাগৰীব আৰু ইছা এই চাৰি ওৱাক্ত ছালাত এক আজান আৰু চাৰিটা পৃথক ইক্কামতত একেৰাহে জামা‘আতৰ সৈতে আদায় কৰে। উক্ত ছালাতসমূহ নিজ নিজ ওৱাক্তত যেনেকৈ আদায় কৰে ঠিক সেই নিয়মতেই আদায় কৰে।
(২) ক্কাজা ছালাত জামা‘আত সহকাৰে নপঢ়া :
ক্কাজা ছালাত জাম‘আত কৰি নপঢ়াৰ প্রথাই সমাজত চালু আছে। অথচ একাধিক ব্যক্তিৰ ছালাত ক্কাজা হ’লে সেই ছালাত জামা‘আত সহকাৰে আদায় কৰাই ছুন্নাত। কাৰণ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে ক্কাজা ছালাত ছাহাবীসকলক লৈ জামা‘আত সহকাৰে আদায় কৰিছিল।