.
ইব্রাহীম আলাইহিচ ছালামক তেখেতৰ জাতিয়ে হত্যা কৰিবলৈ জুইৰ মাজত পেলাই দিছিল।
আনকি পৃথিবীৰ সর্বশ্রেষ্ঠ মানুহ আৰু শ্রেষ্ঠ ৰাছুল মুহাম্মদ চাল্লাল্লহু আলাইহি অছাল্লামকো হত্যাৰ পৰিকল্পনা কৰিছিল। কাফিৰ মুশ্বৰিক সকলৰ নিৰ্যাতন সহ্য কৰিব নোৱাৰি তেখেতে জন্মভূমি মক্কা এৰি মদীনালৈ হিজৰত কৰিছিল ।
মক্কাৰ কাফিৰ সকলৰ ওচৰত তেখেতৰ ডাঙৰ দোষ আছিল তেখেতে আল্লাহৰ বাণী প্ৰচাৰ কৰিছিল ।
সমাজত বাপ দাদাৰ আমল বুলি প্রচলিত শ্বিৰ্ক বিদাতৰ বিৰুদ্ধে কথা কৈছিল।
.
হাদিছত আছে যে – ওলামা (আলিম) সকল হ’ল নবীসকলৰ ওৱাৰিশ্ব (উত্তৰাধিকাৰী)। এতিয়া আৰু নবী- ৰাছুল নাই আৰু নাহে। আলিম- ওলামা সকলৰ উপৰত দায়িত্ব হৈছে মানুহক ইছলামৰ দাৱাত দিয়া। কিন্তু বহুতে নিজৰ দায়িত্ব যথাযথ ভাবে পালন কৰাৰ পৰা বিৰত থকা পৰিলক্ষিত হৈছে ।
.
হক কথা কওঁতে তেওঁলোকে ভয় কৰে, বহুত ছহীহ হাদীছ সিহঁতে গোপন কৰি ৰখাও পৰিলক্ষিত হৈছে । যদিও ৰাছুল চাল্লাল্লহু আলাইহি অছাল্লামে
কৈছে, “যদি মোৰ এটা বানীও জানা তেনেহ’লে সেইটো আনৰ ওচৰত পৌঁছাই দিয়া” ।
দুখৰ কথা বর্তমান বহুতো আলিম- ওলামাই ইছলাম প্রচাৰ বা দাৱাতি কামক টকা-পইচা উপার্জনৰ এটা মাধ্যম হিচাবে লৈছে। মিঠা মিঠা কথা কৈ জনসাধাৰণক বিপথে পৰিচালিত কৰি আছে ।
(যেনে – তাবিজ, পিৰ-মুৰিদ, মাজাৰ…..ইত্যাদি )
.
এতিয়া আলোচনাৰ মুল বিষয় হ’ল- ওলামাসকল নবীসকলৰ ওৱাৰিশ্ব (উত্তৰাধিকাৰী) । কিন্তু কোনসকল ওলামা ? আমাৰ দেশৰ উলামা সকল বহুত ভাগত বিভক্ত। তাৰে কেইটামান আলিম হ’ল আৰু দল হ’ল-
১. আহমদ ৰাজা খান (বেৰেলভি সকলৰ নেতা)
২. ইবনে আৰাবী ( ছুফিবাদৰ ডাঙৰ হুজুৰ)
৩. আশ্বৰাফ আলী থানভী (দেউবন্দী সকলৰ নেতা)
৪. মৌলানা ইলিয়াছ, মৌলানা যাকাৰিয়া (তবলীগ জামাতৰ প্ৰতিষ্ঠাপক)
৫. আবুল আলা মাওদুদী (জামাত ইছলামীৰ প্ৰতিষ্ঠাপক)
৬. আয়াতুল্লাহ খোমিনী (ছিয়া সকলৰ ডাঙৰ আলেম)
ইত্যাদি………….
নোট: ইয়াত কোন ভাল আৰু কোন বেয়া এইটো আমি কোৱা নাই।
.
এতিয়া প্ৰশ্ন আহে কোন শ্ৰেণীৰ ওলামা নবীসকলৰ ওৱাৰিশ্ব (উত্তৰাধিকাৰী) ? এইটো বুজি পাবলৈ নিশ্চয় আপুনি নিজে অধ্যয়ন কৰাৰ প্ৰয়োজন আছে। অধ্যয়ন নকৰাকৈ যি কোনো আলিমক অন্ধ অনুসৰণ কৰিলে আপুনি ভ্ৰান্ত হুজুৰৰ জালত পৰি যাব পাৰে।
.
ওপৰত উল্লেখ কৰা সকলো দলেই নিজ দলীয় আলেমক হক বুলি দাবি কৰে। সকলো দলৰ আকীদাহ ভিন ভিন। গতিকে সকলো কেইটা দল সঠিক পথত নাই ।
বহু কেইটা দলেই শ্বিৰ্ক বিদাতৰ
ব্যৱসায় চলাই আছে ।
এইখিনিতে দুটা হাদিছ মনত পৰিল-
আবু যাৰ (ৰাদি-আল্লাহু ‘আনহু) য়ে কৈছিল, এবাৰ মই আল্লাহৰ ৰছুল (চাল্লাল্লাহু ’আলাইহি অছাল্লাম) ৰ লগত আছিলো আৰু তেখেতক কওঁতে শুনিছো, “এটা বিষয়ত মই মোৰ উম্মতৰ কাৰণে দাজ্জালতকৈও অধিক ভয় কৰো।” মই সুধিলো “হে আল্লাহৰ ৰাছুল, সেইটো কি?”
তেখেত চাল্লাল্লহু আলাইহি অছাল্লামে ক’লে “ভ্রান্ত ও পথভ্রষ্ট আলিম (হুজুৰ) ।”
(মুছনাদে আহমাদ, হাদীছ নং. ২০৩৩৫)
.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছেঃ
“মোৰ জীৱনত তিনিটা বিষয় লৈ ডাঙৰ ভয়, তাৰে প্রথমটো হ’ল ‘আইম্মায়ে দ্বল্লীন’ বা ভ্রান্ত নেতা”।
(মুছনাদে আহমাদ। )
.
ইয়াৰ পৰা বুজা গল সকলো ওলামা ঠিক পথত নাই। বহুত ভ্ৰান্ত হুজুৰো আছে। এই পথভ্ৰষ্ট হুজুৰৰ পৰা সাৱধান। কোনোবাক ভাল লাগে বুলিয়েই তাক অন্ধভাৱে অনুসৰণ নকৰিব।
এতিয়া প্ৰশ্ন আহে, হকপন্থী আলিম আৰু পথভ্ৰষ্ট আলিম চিনাক্ত কৰাৰ উপায় কি?
একমাত্ৰ কোৰআন আৰু ছহীহ হাদিছৰ দ্বাৰা এই আলিম সকলৰ ভাষণ, লিখনি আৰু কিতাপবোৰ পৰিক্ষা কৰিব লাগিব ( আমল কৰাৰ আগত) ।
.
যি সকল মানুহে আলিম সকলৰ কথা কোৰআন হাদিছৰ লগত পৰিক্ষা নিৰীক্ষা নকৰাকৈয়ে আমোল কৰি আছে আৰু ভাবি আছে যে – আমাৰ আলিমেই ঠিক পথত আছে, তেওলোকলৈ আমাৰ প্ৰশ্ন-
আপুনি অনুসৰণ কৰা আলিমেই যে সঠিক পথত আছে তাৰ প্ৰমান কি?
অন্য আলিমক কোন দলিলৰ ওপৰত ভিত্তি কৰি ভুল বুলি ভাবে?
✍✍.. অসমত ইচলাম প্ৰচাৰ Q.A