কোনএইজন জাকিৰ নায়েক? Who is dr. Zakir Naik

WHO IS DR. ZAKIR NAIK.

কোনএইজন জাকিৰ নায়েক?

৯/১১ ঘটনাৰ পিছত যেতিয়া বিশ্বজুৰি আতংকৰ সৃষ্টি হৈছিল, মুছলিম মানেই সন্ত্রাসী বুলি চাৰিও দিশত প্রচাৰ কৰা হৈছিল, পৃথিৱীৰ প্রায় সকলো এয়াৰপোর্টতেই যাত্রীসকলক বিশেষতঃ মুছলিমকলক সীমাহীন বিমুৰত পেলোৱা হৈছিল, ঠিক তেনে এক সময়তেই ২০০৩ চনৰ ১২ অক্টোবৰত দাঁড়ি-টুপি আৰু মুছলিম অৱয়বৰ এজন ব্যক্তি আমেৰিকাৰ লচ এঞ্জেলচ এয়াৰপোর্টত উপস্থিত হ’ল! তেখেত মুছলিম তাৰ উপৰত আকৌ দাঁড়ি-টুপি। আৰু যায় কত…! গোটেই এয়াৰপোর্টত চাঞ্চল্য বিয়পি পৰিলে। তেখেতক বেলেগৰ পৰা পৃথক কৰি সুধাপোচাৰ বাবে বিশেষ এটা ঘৰলৈ অনা হ’ল। আৰম্ভ হ’ল সুধাপোচাঃ
.
অফিচাৰঃ আপুনি ইয়াত কিয় আহিছে?
তেখেতঃ এটা পুৰস্কাৰ লবলৈ আহিছো।
অফিচাৰঃ পুৰস্কাৰ? কিহৰ বাবে, কি পুৰস্কাৰ?
তেখেতঃ মানৱতাৰ বাবে পুৰস্কাৰ। International Islamic Internet
University নামৰ লচ এঞ্জেলচৰ এটা প্রতিষ্ঠানে মোক মানৱতাৰ বাবে এটা পুৰস্কাৰ দিব, সেয়ে ল’ব আহিছো।
অফিচাৰঃ কিয় আপোনাক পুৰস্কাৰ দিয়া হৈ আছে? আপুনি কি কৰিছে?
তেখেতঃ মই সত্যক ভালপাও আৰু তাক বিয়পাই দিয়াৰ চেষ্টা কৰো। আপোনালোকৰ যিশুয়ে নিজেও
গচপল অৱ জন, ৮ম অধ্যায়ৰ ৩২ অনুচ্ছেদত কৈছে,
“তোমালোকে সত্যক বিচাৰি ফূৰা আৰু তাক বিয়পাই দিয়া। সত্যই তোমাক মুক্ত কৰিব।” -মইও এনেকৈয়েই সত্যক বিয়পাই দিয়াৰ
চেষ্টা কৰো। মই এজন দায়ী(ইছলামলৈ আহ্বানকাৰি)।
দীনুল হকক বিয়পাই দিয়াই মোৰ কাম।
.
ইয়াৰ পাছত ইমিগ্রেচন কর্তৃপক্ষই তেখেতক আৰু বিভিন্ন ৰকমৰ প্রশ্ন কৰিব ধৰিলে। তেখেতৰ বেগখন আনি খোলা হ’ল বেগত এটা ভিডিও কেচেট পোৱা গ’ল, য’ত লিখা আছিল “জিহাদ এন্ড টেৰোৰিজম।”
এইটো দেখি কর্তৃপক্ষৰ প্রশ্নৰ
ধৰণো উলটি গ’ল।
অফিচাৰঃ আপুনি জিহাদ বিশ্বাস কৰে?
তেখেতঃ হয়। নিশ্চয়। আনকি যিশুয়ে নিজেও জিহাদৰ কথা কৈছে। সত্যৰ বাবে চেষ্টা আৰু সংগ্রাম কৰিব কৈছে। মইও তাত বিশ্বাস কৰো।
অফিচাৰঃ নহয় নহয়, জিহাদ
বুলিবলৈ আপুনি যুদ্ধ কৰাত বিশ্বাস কৰেনে?
তেখেতঃ হয়, এইকথাটো বাইবেলতেই উল্লেখ আছে। বুক অফ এক্সোডাচৰ ২২ অধ্যায়ৰ ২০ অনুচ্ছেদত কোৱা হৈছে,
“আপুনি যুদ্ধ কৰিব লাগিব।”
বুক অফ এক্সোডাচৰ ৩২ অধ্যায়ৰ ২৭-২৮ অনুচ্ছেদত, বুক অব নাম্বাৰচৰ ৩১ অধ্যায়ৰ ১-১৯ অধ্যায়তো কোৱা হৈছে, “যুদ্ধ কৰিব লাগিব।”
আপোনালোকৰ যিশুয়ে নিজেও গচপল অব লুক, ২২ অধ্যায়ৰ ৩৬ অনুচ্ছেদত কৈছে, “তৰোৱাল লৈ তোমালোকে যুদ্ধ কৰা।”
তেতিয়া সেইঠাইৰ এজন খৃষ্টান অফিচাৰে কলেঃ সেইটো তো আত্মৰক্ষাৰ বাবে।
তেখেতে কলেঃ হয়, মইও সেয়াই কওঁ, আত্মৰক্ষাৰ বাবে।
এনেকৈয়েই আলোচনাৰ ফলত সেই কাষ্টমচ অফিচাৰসকলে আৰু কৌতুহলী হয়, আৰু তেখেতক আৰু প্রশ্ন কৰে।
.
তেখেতে তেখেতৰ মেধা, জ্ঞান ও প্রজ্ঞাৰ দ্বাৰা সকলো প্রশ্নৰেই সুন্দৰ উত্তৰ দি দিয়ে। তেতিয়া তেখেতক যাবলৈ অনুমতি দিয়া হ’ল। দেখা গ’ল, তেখেত যেতিয়া ৰুম ত্যাগ কৰিছিল তেতিয়া তেখেতৰ লগত এয়াৰপোর্টত প্রায় ৭০ জন অফিচাৰে তেখেতক ঘেৰি সিহঁতৰ নিজ ধর্ম আৰু ইছলাম সম্পর্কে জানিবলৈ আগ্রহী হৈ ওঠে। সিহঁতে ক’বলৈ ধৰে সিহঁতে খুবেই বিস্মিত হৈছে আৰু সিহঁতে তেখেতৰ নিচিনা এনেকোৱা জ্ঞানী লোক কেতিয়াও দেখা নাই।
.
এনেকৈয়েই সত্যক অস্বীকাৰ নকৰি সুন্দৰ ভাষাত উত্তম উত্তৰৰ দ্বাৰা ইয়াৰপোর্টৰ পৰা যি ব্যক্তিজন উলাই আহিলে তেখেতেই হ’ল ডাঃ জাকিৰ নায়েক!
.
তেখেতৰ লেকচাৰ শুনি আজিও লাখ লাখ ইহুদি-খিষ্টান মুছলিম হৈ আছে।

Leave a comment