.
আল্লাহে তেওঁৰ পৰিচয় দি আৰম্ভ কৰিব পাৰিলেহেঁতেন, যেনে- “তেওঁ আল্লাহ, এক অদ্বিতীয়”। অথবা ‘নামাজ পঢ়া’, ‘ছিজদা কৰা’ এনে ধৰণৰ ধর্মীয় নির্দেশ দি। কিন্তু তাকে নকৰি তেওঁ আৰম্ভ কৰিছে ‘পঢ়া’ শব্দটিৰ দ্বাৰা। আজিৰ মুছলিম জাতিৰ দুৰৱস্থাৰ ফালে লক্ষ্য কৰিলে দেখা যায় যে তাৰ এটি মূল কাৰণ হৈছে নপঢ়া। আমি বেছিভাগেই ইছলাম দেখি-শুনি শিকো। পঢ়ি নহয়। মানুহৰ মাজত প্রচলিত নানা বিশ্বাস, ধাৰণাই আজি আমাৰ ওচৰত ইছলাম হৈ গৈছে। “অমুকে কৈছে- এইটো ছূৰা লিখি ওলোমাই ৰাখিলে কোনো দুর্ঘটনা নহয়। শুনিছোঁ অমুক সময়ত সেই নামাজ পঢ়িলে ব্যৱসায় ভাল হয়, স্বাস্থ্য ভাল হয়। শুনিছোঁ অমুক মাজাৰৰ মাটিত বৰকত আছে। তালৈ গৈ দু‘আ কৰিলে দু‘আ কবুল হয়। মোৰ বাপ-দাদাক সেইটো কৰা দেখিছোঁ, নিশ্চয় সেইটো সঠিক। তেওঁলোকে গোটেই জীৱন ভুল কৰি গৈছে নেকি?” —এই হৈছে আজিৰ মুছলিম জাতিৰ এটা বিৰাট অংশৰ মানসিকতা। প্রচলিত ধ্যান-ধাৰণা বিশ্বাসক পঢ়ি যাচাই কৰি চোৱাৰ মানসিকতা ও প্রয়োজনীয়তাৰ খুবেই অভাৱ।
.
.
এজন মুছলিমৰ প্রথম কাম হৈছে কোৰআন বুজি পঢ়া। যিখন কিতাবত আল্লাহৰ নিজৰ কথা লিখা আছে, যিখন কিতাব পঢ়িবলৈ তেওঁ নিজে বাৰে বাৰে কৈছে, সেইখন কিতাব নপঢ়ি আমি কেনেকৈ তেওঁক বুজিম, কেনেকৈ তেওঁৰ ওচৰত যোৱাৰ চেষ্টা কৰিব পাৰোঁ? আল্লাহে মানুহৰ ওচৰত কোৰআন পঠিয়াইছে পঢ়াৰ কাৰণে, আলমাৰীৰ ওপৰত তুলি থোৱাৰ বাবে নহয়। বহুতে ভাৱে, কোনোৱে কোৰআন নিজে নিজে পঢ়িলে সি ভুল বুজিব। “কোৰআন নিজে নপঢ়ি বৰং অমুক ইমাম বা ওস্তাদে যি কয়, তাকেই শুনা।” —এই ধাৰণাৰ ফলাফল হৈছে ভয়াৱহ। যোৱা হাজাৰ বছৰত বহুকেইজন স্বার্থান্বেষী ইমাম, ওস্তাদ, শায়খে নিজৰ ব্যক্তিগত আৰু দলীয় উদ্দেশ্য বাস্তৱায়ন কৰাৰ কাৰণে ইছলামৰ বিকৃত বাণী প্রচাৰ কৰি বহু মুছলিমক বিভ্রান্ত কৰি গৈছে।
মুছলিমসকলে আল্লাহৰ বাণী নিজেই নপঢ়ি, এইবোৰ নেতাৰ কথাক চেলেঞ্জ নকৰি, অন্ধভাৱে মানি লৈছে, সৰু-ডাঙৰ শ্বিৰ্কৰ দৰে গুনাহৰ পৰা আৰম্ভ কৰি অন্য মুছলিমসকলক হত্যা কৰাৰ দৰে জঘন্য কামো কৰি গৈছে আৰু এতিয়াও কৰি আছে। এই ভয়ংকৰ সমস্যাৰ মূল কাৰণ হৈছে মুছলিমসকলে নিজে কোৰআন পঢ়ি ইছলাম নিশিকে, তেওঁলোকে মানুহৰ মুখৰ কথা শুনি শিকে, তাৰ পিছত যিটো ভাল লাগে তাকেই কৰে।
.
কেৱল মুছলিমসকলেই নহয়, ইহুদী, খ্রীষ্টান ধর্মৰ অনুসাৰীসকলেও নিজে তাওৰাত, ইঞ্জিল নপঢ়ে বৰং তেওঁলোকৰ ধর্মীয় পুৰোহিতসকলে যি কয় তাকেই মানি লয়। এই সুযোগতে সেই ধর্মৰ বাহকসকলে নিজৰ ইচ্ছামতে তেওঁলোকৰ ধর্মক বিকৃত কৰি গৈছে। তেওঁলোকে এনেকুৱা সকলো শিক্ষা দি গৈছে, যিটো তেওঁলোকৰ ধর্মগ্রন্থসমূহতেই লেখা নাই। তেওঁলোকে এই কাম কৰিব পাৰিছে, কাৰণ সধাৰণ জনতাই ধর্মীয় গ্রন্থসমূহ নিজে নপঢ়ে, বৰং তেওঁলোকৰ পঢ়াক ভয় দেখুৱাই নিৰুৎসাহিত কৰা হৈছিল। সপ্তাহত এদিন গির্জাত, গৈ যি শুনি আহিছিল, তাকেই বিশ্বাস কৰিছিল। আৰু এনেদৰেই তেওঁলোকে ইতিহাসৰ বৃহত্তম মগজ ধুলাইৰ চিকাৰ হৈছে।
.
অন্ধকাৰত ডুবি গৈ থকা এটি জাতিক উভতি থিয় হোৱাৰ কাৰণে তাৰ মাজত প্রথমে যিটো পৰিৱর্তন অনা দৰকাৰ, সেয়াই ‘পঢ়া’। সেই জাতিৰ মানুহবোৰৰ মাজত যদি পঢ়াৰ অভ্যাস প্রচলন কৰা যায়, তেওঁলোকক যদি ইছলামৰ জ্ঞান আৰু বিজ্ঞানৰ শিক্ষাৰে শিক্ষিত কৰা হয়, তেনেহ’লে সেই জাতিয়ে উন্নতি কৰিবলৈ বাধ্য। আমি যদি আজি পিছুৱাই থকা মুছলিম জাতিবোৰৰ ফালে লক্ষ্য কৰোঁ তেওঁলোকে নিজে কোৰআন হাদীছ নপঢ়ে, বৰং তেওঁলোকে মানুহৰ কথা শুনে, তাৰ পিছত যি কৰিবলৈ তেওঁলোকৰ ভাল লাগে, সেইটোৱেই কৰে।
.
___________________________________
দ্রষ্টব্যঃ লেখাটি ওমৰ আল জাবিৰ ভাইৰ লেখাৰ পৰা সংগৃহীত।