——————————————-
#১) আল্লাহৰ ওপৰত তাওৱাক্কুলঃ
সকলো প্রকাৰ বালা-মুছিবতৰ পৰা বাঁচি থকা আৰু যাৱতীয় উদ্দেশ্য পূৰণৰ কাৰণে সকলোতকৈ ডাঙৰ মাধ্যম হ’ল আল্লাহৰ প্রতি ভৰসা। আল্লাহে কৈছে,
(وَمَنْ يَتَوَكَّلْ عَلىَ اللهِ فَهُوَ حَسْبُهُ)
“যি ব্যক্তিয়ে আল্লাহৰ ওপৰত ভৰসা কৰিব, আল্লাহেই তাৰ কাৰণে যথেষ্ট হ’ব।” (ছূৰা ত্বালাক- ৩)
#২) আল্লাহৰ নির্দেশৰ বাস্তৱায়ন ও নিষেধৰ পৰা দূৰত থকাঃ
যি ব্যক্তিয়ে আল্লাহৰ আদেশ নিষেধৰ হেফাযত কৰিব, সেইমতে চলিব আল্লাহে তাক দ্বীন, দুনিয়া, পৰিবাৰ, সম্পদ সকলো ফালৰ পৰা হেফাযত কৰিব। ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,
“তুমি আল্লাহৰ আদেশ-নিষেধ মানি চলা আল্লাহে তোমাক হেফাযত কৰিব।” (তিৰমিযী)
#৩) অধিক হাৰত আল্লাহৰ যিকিৰ কৰাঃ
যেনে- কুৰআন তেলাওৱাত, চুবহানাল্লাহ্, আল হামদুলিল্লাহ্, লা-ইলাহা ইল্লাল্লাহ্, আল্লাহু আকবাৰ ইত্যাদি বেছিকৈ কোৱা, অধিক হাৰত ইস্তেগফাৰ কৰা, নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ ওপৰত বেছিকৈ দৰূদ পাঠ কৰা… ইত্যাদি কামৰ মাধ্যমত বান্দাই নিজকে সুৰক্ষিত কৰিব পাৰে।
নির্দিষ্টভাৱে যিবোৰ দু’আ কালামৰ মাধ্যমত যাদু, বান, টোনা, বদ নজৰ, জ্বিন, শয়তান ইত্যাদিৰ পৰা ৰক্ষা পোৱা যায়, তম্মধ্যে উল্লেখযোগ্য ও গুৰুত্বপূর্ণ কেইটিমান তলত উল্লেখ কৰা হ’লঃ
ক) শোৱাৰ আগত আয়াতাল কুৰছী (ছূৰা বাক্বাৰাৰ ২৫৫ নং আয়াত) পাঠ কৰা। যি ব্যক্তিয়ে ৰাতি এই আয়াত পাঠ কৰে, তাৰ কাৰণে ৰাতিপুৱালৈ আল্লাহৰ পক্ষৰ পৰা এজন হেফাযতকাৰী ফিৰিস্তা নিয়োগ কৰা হয়, ফলত শয়তানে তাৰ নিকটৱর্তী হ’ব নোৱাৰে। (ছহীহ বুখাৰী)
খ) ছূৰা বাক্বাৰা পাঠ কৰা। যি ঘৰত এই ছূৰা পাঠ কৰা হয়¸ তাৰ পৰা শয়তানে পলায়ন কৰে। (মুছলিম)
গ) ছূৰা বাক্বাৰাৰ শেষৰ দুই আয়াত পাঠ কৰা। যি ব্যক্তিয়ে ৰাতি ছূৰা বাক্বাৰাৰ শেষৰ দুটি আয়াত পাঠ কৰিব, তাৰ কাৰণে এই দুটিয়েই যথেষ্ট হ’ব। অর্থাৎ- সকলো প্রকাৰ অনিষ্টৰ পৰা মুক্তি পোৱাৰ কাৰণে যথেষ্ট হ’ব। (ছহীহ বুখাৰী)
ঘ) ৰাতিপুৱা-সন্ধিয়াৰ নির্ধাৰিত দু’আসমূহ পাঠ কৰা। ঘৰত প্রৱেশ, ঘৰৰ পৰা বাহিৰ হোৱা, বাহনত আৰোহণ কৰা প্রভৃতি সময়ত নির্দিষ্ট দু’আ পাঠ কৰা।
ঙ) শিশুসকলক জৰা-ফুঁকা কৰা। যেনে- ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে হাছান আৰু হুছাইন (ৰাঃ)ক জৰা-ফুঁকা কৰিছিল। তেওঁ কৈছিল,
أُعِيْذُكُماَ بِكَلِماَتِ اللهِ التاَّمَّةِ مِنْ كُلِّ شَيْطاَنٍ وَهاَمَّةٍ وَمِنْ كُلِّ عَيْنٍ لاَمَّةٍ
“আল্লাহৰ পৰিপূর্ণ বাণীসমূহৰ মাধ্যমত মই তোমাৰ কাৰণে আশ্রয় প্রার্থনা কৰিছোঁ সকলো প্রকাৰ শয়তানৰ পৰা, বিষধৰ প্রাণীৰ অনিষ্টৰ পৰা আৰু সকলো প্রকাৰ বদ নজৰৰ পৰা।” (বুখাৰী)
চ) সূর্যাস্তৰ সমযত শিশুসকলক ঘৰৰ বাহিৰলৈ ওলোৱাত বাধা দিয়া। নবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে,
“যেতিয়া সন্ধিয়া হয় তেতিয়া তোমালোকৰ শিশুসকলক বাহিৰলৈ ওলোৱাৰ পৰা বিৰত ৰাখা। কিয়নো এই সময়ত শয়তানৰ দল বাহিৰত বিয়পি পৰে। যেতিয়া ৰাতি এক প্রহৰ অতিবাহিত হ’ব তেতিয়া (শিশুসকলক) এৰি দিয়াত বাধা নাই।” (বুখাৰী/মুছলিম)
ছ) বাসস্থানক ক্রুচ, মূর্তি, প্রাণীৰ ছবি, কুকুৰৰ পৰা পবিত্র কৰা। কিয়নো এইবোৰ বস্তু যি ঘৰত থাকে সেই ঘৰত ৰহমতৰ ফিৰিস্তা প্রৱেশ নকৰে। (বুখাৰী) একেদৰে গান-বাদ্যৰ সৰঞ্জামৰ পৰাও ঘৰক পবিত্র ৰখা।
——————————————-
যাদু ও বদনজৰ- চিকিৎসা
মূলঃ ফাহাদ বিন চুলাইমান আল্ কাজী, অনুবাদঃ মুহাঃ আব্দুল্লাহ্ আল্ কাফী, দাঈ, জুবাইল দাওৱা এণ্ড গাইডেন্স চেন্টাৰ, চৌদি আৰব।