কেনেকুৱা আলিমৰ পৰা দ্বীন শিকিব আৰু কাক অনুসৰণ কৰিব?

#কেনেকুৱা আলিমৰ পৰা দ্বীন শিকিব আৰু কাক অনুসৰণ কৰিব?

#যিয়ে বক্তৃতা¸ লিখনি¸ সভা¸ সমাৱেশ¸ আলোচনা¸ মেহফিল আদিত সকলোতকৈ বেছি তৌহিদৰ ওপৰত গুৰুত্ব দিব আৰু শ্বিৰ্কৰ পৰা সতৰ্ক কৰিব। এইটোৱেই নবী-ৰাছূলসকলৰ প্ৰধান কাম আছিল।

#যিয়ে সৰু-ডাঙৰ সকলো প্ৰকাৰ ছুন্নাতক সন্মান কৰিব।

#যিয়ে ইল্ম অনুযায়ী আমল কৰাৰ চেষ্টা কৰিব¸ মানুহক সেইফালে আহ্বান কৰিব আৰু এই পথত ধৈৰ্য ধাৰণ কৰিব।

#যিয়ে হিকমাহ আৰু উত্তম পন্থাত হক্ক কথা কব আৰু তাৰ ওপৰত অবিচল থাকিব।

#যিয়ে সকলো প্ৰকাৰ বিদাতৰ পৰা মানুহক সতৰ্ক কৰিব।

#যিয়ে মানুহক চালাফা-চালেহীনৰ আদৰ্শৰ আলোকত দ্বীন ইছলাম মানি চলাৰ কাৰণে উদ্বুদ্ধ কৰিব।

#যিয়ে কুৰআন হাদীছৰ দলিলৰ আলোকত কথা কব আৰু বিশেষ কোনো মাজহাব¸ দল¸ মতবাদ¸ ইমাম¸ পীৰ বা অন্য কাৰো কথা কুৰআন-ছুন্নাহৰ বিপৰীত প্ৰমাণিত হ’লে তাক পৰিত্যাগ কৰি দলিলৰ ফালে উভতি আহিবলৈ কোনো ধৰণৰ দ্বিধাবোধ নকৰিব।

Leave a comment