কেতিয়া কি কোৱা ছুন্নাত? চাওঁক!

কেতিয়া কি কোৱা ছুন্নাত? চাওঁক!

===========================
১. ভাল কিবা খোৱা বা পান কৰাৰ সময়ত¸ কিবা লিখা বা পঢ়াৰ সময়ত, কোনো কাম আৰম্ভ কৰাৰ সমযত ‘বিছমিল্লাহ’ বুলি আৰম্ভ কৰা। -(বুখাৰীঃ ৫৩৭৬)
২. ভাল কিবা খোৱা বা পান কৰাৰ শেষত, কোনো শুভ সংবাদ শুনিলে, কোনোবাই খবৰ সুধিলে- তাৰ জবাবত ‘আলহামদুলিল্লাহ’ কোৱা। -(ইবনে মাজাহঃ ৩৮০৫)
৩. কাৰোবাৰ হাঁচি আহিলে ”আলহামদু লিল্লাহী ‘আলা কুল্লী হা-ল” কোৱা। -(আত তিৰমিযীঃ ২৭৪১)
৪. কোনো হাঁচি দাতাই ‘আলহামদুলিল্লাহ’ কোৱা শুনিলে- ‘ইয়াৰহামুকাল্লাহ’ কোৱা। -(বুখাৰীঃ ৬২২৪)
৫. আল্লাহ তা’আলাৰ শ্রেষ্ঠত্ব, মহত্ব বা বড়ত্বৰ কোনো কৃতিত্ব দেখিলে নাইবা শুনিলে ‘আল্লাহু আকবৰ’ কোৱা। স্বাভাৱিকৰ মাজত কোনো ব্যতিক্রম দেখিলে নাইবা আচৰিত ধৰণৰ কোনো কথা শুনিলে ‘চুবহানাল্লাহ’ কোৱা। -(বুখাৰীঃ ৬২১৮)
৬. ভাল যি কোনো কিবা বেছি বা ব্যতিক্রম দেখিলে ‘মা-শ্বা আল্লাহ’ কোৱা। -(মুছলিমঃ ৩৫০৮)
৭. ভৱিষ্যতত কিবা কৰিব বুলি ক’লে ‘ইন শ্বা আল্লাহ’ কোৱা। -(আল কাহাফঃ ২৩-২৪)
৮. কোনো বেয়া কথা শুনিলে নাইবা আল্লাহৰ আজাব ও গজবৰ কথা শুনিলে বা মনত পৰিলে “না’উজু বিল্লাহ” কোৱা। -(বুখাৰীঃ ৬৩৬২)
৯. কোনো বিপদৰ কথা শুনিলে নাইবা কিবা বেয়া বা অশুভ সংবাদ শুনিলে, কিবা বস্তু হেৰাই গ’লে, কিবা বস্তু চুৰি হৈ গ’লে, কোনো কষ্ট পালে ‘ইন্না লিল্লাহ’ কোৱা। –(মুছলিমঃ ২১২৬)
১০. কথা প্রসঙ্গত কোনো গুনাহৰ কথা কৈ পেলালে, ‘আস্তাগফিৰুল্লাহ’ কোৱা। -(ছূৰা মুহাম্মদঃ ১৯)
১১. ওপৰত উঠাৰ সমযত ‘আল্লাহু আকবাৰ’ কোৱা আৰু তলত নমাৰ সময়ত ‘চুবহানাল্লাহ’ কোৱা। -(বুখাৰীঃ ২৯৯৩)
১২. নিশ্চিতভাৱে নাজানি কোনো বিষয়ত কিবা ক’লে, কথাৰ শেষত ‘ওৱাল্লাহু আলম’ কোৱা। -(বুখাৰীঃ ৫৫৭০)
১৩. কোনোবাই কিবা দিলে নাইবা কাৰোবাৰ মাধ্যমত কিবা কাম হ’লে তাৰ সলনি ‘জাযাকাল্লাহু খাইৰা’ কোৱা। -(বুখাৰীঃ ৩৩৬)
১৪. কিবা জবেহ কৰাৰ সময়ত ‘বিছমিল্লাহী ওৱা আল্লাহু আকবৰ’ কোৱা। -(মুছলিমঃ ৫০৮৮)
আল্লাহ তা‘আলাই আমাৰ সকলোকে ছুন্নাত অনুযায়ী জীৱন-যাপন কৰাৰ তৌফিক দান কৰক ‘আমিন’
☛ ☛ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে, ‘আল্লাহ তা‘আলা সেই ব্যক্তিৰ চেহেৰা উজ্জ্বল কৰি দিয়ক, যিয়ে আমাৰ কিবা হাদীছ শুনিছে। তাৰ পিছত আনৰ ওচৰলৈ পৌঁছাই দিছে।’[-চুনানে আবু দাউদ ২/৫১৫]

Leave a comment