কেইটামান চহিহ হাদিছ

১] কাতাৰত কান্ধৰ লগত কান্ধ আৰু ভৰিৰ লগত ভৰি মিলোৱা।

আনাচ (ৰাজি.)ৰ পৰা বর্ণিত যে, নাবী চাল্লাল্লাহু আলাইহি ওয়াছাল্লামে কৈছেঃ তোমালোকে তোমালোকৰ কাতাৰ চিধা কৰি লোৱা। কিয়নো, মই মোৰ পিছ ফালৰ পৰাও তোমালোকক দেখা পাওঁ। আনাচ (ৰাজি.)য়ে কৈছে আমি প্রত্যেকেই তেওঁৰ  পার্শ্বৱর্তী ব্যক্তিৰ কান্ধৰ লগত কান্ধ আৰু  ভৰিৰ লগত ভৰি মিলাইছিলোঁ।

গ্ৰন্থ: চহিহ বুখাৰী
হাদিচ নং: (তৌহিদ প্ৰকাশনীঃ৭২৫, আধুনিক প্রকাশনীঃ ৬৮১, ইছলামী ফাউন্ডেচনঃ ৬৮৯)

হাদিচৰ মানঃ চহিহ (Sahih)

২]
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে-

আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।
আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।
আল্লাহৰ শপত! সেই ব্যক্তি মুমিন নহয়।
প্ৰশ্ন কৰা হ’ল:
হে আল্লাহৰ ৰাছূল! কোন সেই লোক?
তেওঁ ক’লে- “যি লোকৰ প্ৰতিবেশী তাৰ অনিষ্টৰ পৰা নিৰাপদ নহয়।”
(ছহীহ বুখাৰী- ৬০১৬)

৩]
আজি পৃথিৱীত যিমান মানুহ আছে এশ বছৰ পিছত হয়তো কোনো এজনো জীয়াই নাথাকিব। সম্পূৰ্ণ এটা নতুন প্ৰজন্ম আহিব। তাকেই কৈছে তলৰ হাদীছটিত। গতিকে নিজৰ জীৱনক লৈ মানৱ জাতিৰ কিয় ইমান অহংকাৰ!!!
ছহীহ বুখাৰী (তাওহীদ), ৩/ আল-ইলম (ধর্মীয় জ্ঞান)১১৬. ‘আব্দুল্লাহ্ ইবনু ‘উমাৰ (ৰাযি.)ৰ দ্বাৰা বর্ণিত। তেওঁ কৈছে- নাবী চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে তেওঁৰ জীৱনৰ শেষৰ ফালে আমাৰ সৈতে ‘ইশ্বাৰ ছালাত আদায় কৰিলে। চালাম ফিৰোৱাৰ পিছত তেওঁ থিয় হৈ ক’লে- তোমালোকে এই ৰাতিৰ সম্পর্কে জানানে? বর্তমান যিসকল পৃথিৱীত আছে, এশ বছৰৰ মূৰত সিহঁতৰ কোনো আৰু অৱশিষ্ট নাথাকিব। (৫৬৪, ৬০১; মুছলিম ৪৪/৫৩, হাঃ ২৫৩৬) (আধুনিক প্রকাশনীঃ ১১৪, ইছলামী ফাউণ্ডেচনঃ ১১৭)
حَدَّثَنَا سَعِيدُ بْنُ عُفَيْرٍ، قَالَ حَدَّثَنِي اللَّيْثُ، قَالَ حَدَّثَنِي عَبْدُ الرَّحْمَنِ بْنُ خَالِدٍ، عَنِ ابْنِ شِهَابٍ، عَنْ سَالِمٍ، وَأَبِي، بَكْرِ بْنِ سُلَيْمَانَ بْنِ أَبِي حَثْمَةَ أَنَّ عَبْدَ اللَّهِ بْنَ عُمَرَ، قَالَ صَلَّى بِنَا النَّبِيُّ صلى الله عليه وسلم صلى الله عليه وسلم صلى الله عليه وسلم صلى الله عليه وسلم صلى الله عليه وسلم الْعِشَاءَ فِي آخِرِ حَيَاتِهِ، فَلَمَّا سَلَّمَ قَامَ فَقَالَ ‏ “‏ أَرَأَيْتَكُمْ لَيْلَتَكُمْ هَذِهِ، فَإِنَّ رَأْسَ مِائَةِ سَنَةٍ مِنْهَا لاَ يَبْقَى مِمَّنْ هُوَ عَلَى ظَهْرِ الأَرْضِ أَحَدٌ ‏”‏‏.‏

।।।।।
৪]
✍✍.. ছহীহ বুখাৰী (ইফাঃ), হাদিছ নং ৬৩৫০
মুহাম্মাদ ইবনু চালাম (ৰহঃ) আবূ হুৰায়ৰা ৰাদ্বিয়াল্লাহু আনহুৰ দ্বাৰা বর্নিত। নাবী চাল্লাল্লাহু আলাইহি ৱাাছাল্লামে কৈছেঃ সাত শ্ৰেণীৰ  লোক, যাক আল্লাহে কিয়ামতৰ দিনা তেওঁৰ ছায়াৰ তলত আশ্রয় দিব, যিদিনা তেওঁৰ ছায়া ব্যতীত বেলেগ অন্য কোনো ছায়া নহব।
👇👇👇
১/ ন্যায়পৰায়ণ বাদশ্বাহ
২/ আল্লাহৰ ইবাদতত নিয়োজিত যুৱক
৩/ এনেকুৱা ব্যক্তি যিয়ে আল্লাহক নির্জনত স্মৰণ কৰে আৰু তাৰ চকুযুৰি অশ্রুসিক্ত হয়
৪/ এনেকুৱা ব্যক্তি যাৰ অন্তৰ মছজিদত নিবদ্ধ থাকে
৫/ এনেকুৱা দুই ব্যক্তি যিয়ে আল্লাহৰ উদ্দেশ্যে পৰস্পৰ ভালোপোৱা স্থাপন কৰে
৬/ এনেকুৱা ব্যক্তি যাক কোনো সুন্দৰী ৰূপহী ৰমণীয়ে নিজৰ ফালে আহ্বান কৰিলে; আৰু সি কয়, মই আল্লাহক ভয় কৰোঁ
৭/ এনেকুৱা ব্যক্তি যিয়ে ছা’দকা কৰিলে আৰু এনেকুৱা গোপনে কৰিলে যে, তাৰ বাওঁ-হাতে নাজানে যে তাৰ সোঁ-হাতে কি কৰে।
👆👆👆

৫]
🌹 চহীহ বুখাৰীৰ হাদিছ নম্বৰঃ ৭৩৮১  🌹

আল্লাহৰ বাণীঃ তেৱেই শান্তি, তেৱেই নিৰাপত্তা বিধানকাৰী ।
👉👉‘আবদুল্লাহ্ (ৰা:) ৰ পৰা বর্ণিত। তেওঁ ক’লে, আমালোকে নাবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম- ৰ পিছতে ছালাত আদায় কৰিছিলো । তেতিয়া আমালোকে কৈছিলো , আল্লাহৰ ওপৰত চালাম। তেতিয়া নাবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে : আল্লাহ্ তো নিজেই চালাম। হাঁ, তোমালোকে কোৱা , …….التَّحِيَّاتُ للهِ অর্থাৎ মৌখিক, শাৰীৰিক আৰু আর্থিক সকলো ‘ইবাদাত একমাত্র আল্লাহৰ কাৰণে । হে নাবী! আপোনাৰ ওপৰত শান্তি, আল্লাহৰ ৰহমত আৰু বাৰাকাত অবতীর্ণ হওঁক । আমালোকৰ ওপৰত আৰু আল্লাহৰ নেক বান্দাসকলৰ ওপৰত শান্তি বর্ষিত হওঁক । মই সাক্ষী দিছোঁ যে, আল্লাহৰ বাহিৰে কোন ইলাহ্ নাই । মই আৰু সাক্ষী দিছোঁ মুহাম্মদ (ছা:) আল্লাহৰ বান্দা আৰু আল্লাহৰ ৰাছুল । 👈👈
[৮৩১] (আধুনিক প্রকাশনী- ৬৮৬৫, ইচলামিক ফাউন্ডেচন ৬৮৭৭) ।

৬]
আয়েশা ( ৰা: ) ৰ পৰা বর্ণিত, ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি অ ছাল্লামে কৈছে “সেই আমল আল্লাহৰ ওচৰত অধিক পছন্দনীয়, যি আমল নিৰবচ্ছিন্নভাবে কৰা হয়; যদিও সিটো পৰিমাণে কম হয়।”
–[চহিহ বুখাৰী ৬৪৬৪, মুছলিম ১৮৬৬]

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ও ছাল্লামে কৈছে ” তোমালোকৰ কাৰণে শ্রেষ্ঠ সম্পদ হল –
১। সকলোসময়ত আল্লাহক স্মৰণকাৰী জিবা ,
২। আল্লাহৰ শ্বুকৰিয়া আদায়কাৰী অন্তৰ আৰু
৩। ঈমানদাৰ স্ত্রী যি তাইৰ স্বামীক দ্বীনৰ ক্ষেত্রত সহায় কৰে ।”
–[চহিহ তিৰমিযী ৩০৯৪]

৭]
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি অছাল্লামে কৈছে,
“তাৰাকতু ফিকুম আমৰাইণ, লানতাদিল্লু মাতামছছাকতুম বিহিমা কিতাবাল্লাহি অছূন্নাতি ৰাছূলীহ”
অর্থঃ তোমালোকৰ বাবে মই দুটা বস্তু ৰাখি গৈছো,  যেতিয়ালৈকে তোমালোকে সেই বস্তু দুটা খামুচি ধৰি থাকিবা তোমালোকে কেতিয়াওঁ পথভ্রস্ট নহবা। আৰু সেয়া হল  আল্লাহৰ  কিতাপ  (কোৰআন) আৰু তেওঁৰ ৰাছূলৰ ছূন্নাহ। (ইমাম মালিকৰ মুয়াত্তা, ১৩৯৫, হাদীছটো ছহীহ)।

৮]
ছহীহ বুখাৰীঃ ৬০১৮      ৭৮/৩১. যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ  দিনৰ ওপৰত বিশ্বাস ৰাখে, তেওঁ যেন তেওঁৰ প্রতিবেশীক যন্ত্ৰনা নকৰে।

৬০১৮. আবূ হুৰাইৰাহ ৰা: ৰ পৰা বর্ণিত। তেওঁ কৈছে, ৰাছূলুল্লাহ  চাল্লাল্লাহু আলাইহি ৱাছাল্লামে  কৈছেঃ যি ব্যক্তিয়ে আল্লাহ আৰু আখিৰাতৰ দিনৰ ওপৰত বিশ্বাস ৰাখে, তেওঁ যেন তেওঁৰ মেহমানক সন্মান কৰে।‌ যিজনে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস ৰাখে, তেওঁ যেন তেওঁৰ প্রতিবেশীক যন্ত্ৰনা নকৰে। যি লোকে আল্লাহ আৰু শেষ দিনৰ ওপৰত বিশ্বাস ৰাখে তেওঁ যেন ভাল কথা কয়, অথবা চুপ থাকে। [৫১৮৫; মুছলিম ১/১৯, হাঃ ৪৭, আহমাদ ৭৬৩০] আধুনিক প্রকাশনী- ৫৫৮৪, ইছলামিক ফাউন্ডেশন- ৫৪৮০)  হাদীছৰ মানঃ ছহীহ (Sahih)।

http://www.hadithbd.com/share.php?hid=30615

৯]
ছহীহ বুখাৰীৰ চালাতৰ বৈশিষ্ট্যসমূহ অধ্যায়ৰ হাদীছঃ নং ৭

حَدَّثَنَا مُحَمَّدُ بْنُ بَشَّارٍ، قَالَ حَدَّثَنَا غُنْدَرٌ، قَالَ حَدَّثَنَا شُعْبَةُ، قَالَ سَمِعْتُ قَتَادَةَ، عَنْ أَنَسِ بْنِ مَالِكٍ، عَنِ النَّبِيِّ صلى الله عليه وسلم قَالَ  ” أَقِيمُوا الرُّكُوعَ وَالسُّجُودَ، فَوَاللَّهِ إِنِّي لأَرَاكُمْ مِنْ بَعْدِي ـ وَرُبَّمَا قَالَ مِنْ بَعْدِ ظَهْرِي ـ إِذَا رَكَعْتُمْ وَسَجَدْتُمْ 
চালাতৰ বৈশিষ্ট্যসমূহঃ ছহীহ বুখাৰীঃ খন্ড ১; অধ্যায় ১২, হাদীছ ৭০৯
মুহাম্মদ ইবন বাশশার (ৰাহিমাহুল্লাহ)……. আনাছ ইবন মালিক (ৰাঃ)ৰ পৰা বৰ্ণিত, নাবী চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ তোমালোকে ৰুকু আৰু ছাজদাহ বোৰ যথাযথভাৱে আদায় কৰিবা। আল্লাহৰ শপত! মই মোৰ পিছ ফালৰ পৰা বা ৰাবীয়ে কৈছে, মোৰ পিঠি ফালৰ পৰা তোমালোকক দেখা পাওঁ, যেতিয়া তোমালোকে ৰুকু আৰু ছাজদাহ কৰা ।

 ১০]
ছহীহ বুখাৰীৰ চালাতৰ বৈশিষ্ট্যসমূহ অধ্যায়ৰ হাদীছঃ নং ৬
حَدَّثَنَا إِسْمَاعِيلُ، قَالَ حَدَّثَنِي مَالِكٌ، عَنْ أَبِي الزِّنَادِ، عَنِ الأَعْرَجِ، عَنْ أَبِي هُرَيْرَةَ، أَنَّ رَسُولَ اللَّهِ صلى الله عليه وسلم قَالَ  ” هَلْ تَرَوْنَ قِبْلَتِي هَا هُنَا وَاللَّهِ مَا يَخْفَى عَلَىَّ رُكُوعُكُمْ وَلاَ خُشُوعُكُمْ، وَإِنِّي لأَرَاكُمْ وَرَاءَ ظَهْرِي “.

চালাতৰ বৈশিষ্ট্যসমূহঃ ছহীহ বুখাৰীঃ খন্ড ১; অধ্যায় ১২, হাদীছ ৭০৮
ইছমাইল (ৰাহিমাহুল্লাহ)…… আবূ হুৰায়ৰা (ৰাঃ)ৰ পৰা বৰ্ণিত যে, ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছেঃ তোমালোকে ভাৱা নেকি যে, মোৰ কিবলা কেৱলমাত্র এই পিনে? আল্লাহৰ শপত, তোমালোকৰ ৰুকু তোমালোকৰ খুশু, একোৱেই মোৰ ওচৰত গোপন নাথাকে। আৰু নিঃসন্দেহে মই তোমালোকক মোৰ পিঠিৰ ফালেৰ পৰাও দেখা পাওঁ।
বিঃদ্ৰঃ ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে পিঠিৰ ফালেওঁ দেখা পোৱা এইটো আল্লাহ তা’লাই তেখেতক বিশেষ ক্ষমতা দান কৰিছিল।
১০]

✍✍✍…
❤এজন লোকে  মুহাম্মদ
ছাল্লাল্লাহু আলাইহি ওয়াছাল্লামৰ
ওচৰত আহি সোঁধিলে,

‘হে আল্লাহৰ ৰাছূল! মোৰ পৰা
সদ্ব্যৱহাৰ পোৱাৰ বেছি হকদাৰ
কোন?’ তেখেতে ক’লে, ‘‘তোমাৰ মা।’’
.
সি(আকৌ) ক’লে, ‘তাৰপিছত কোন?’
তেখেতে ক’লে, ‘‘তোমাৰ মা।’’
.
সি(আকৌ) ক’লে, ‘তাৰপিছত কোন’
তেখেতে ক’লে, ‘‘তোমাৰ মা।’’
.
সি(শেষ বাৰৰ বাবে আকৌ) ক’লে,
‘তাৰপিছত কোন?’ তেখেতে ক’লে,
‘‘তোমাৰ দেউতা।’’
(আল্ হাদিছ্)
[ৰিয়াদুছ স্বালেহীন ৫/৩২১।]

” আল্লাহ ছুবহানাহু ওৱা তাআলাই
কৈছে….
১৭:২৩
আৰু তোমাৰ প্ৰতিপালকে আদেশ কৰিছে যে, তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা আৰু পিতৃ-মাতৃৰ প্ৰতি সদ্ব্যৱহাৰ কৰিবা। তেওঁলোকৰ কোনোবা এজন অথবা উভয়েই যদি তোমাৰ জীৱন কালত বৃদ্ধাৱস্থাত উপনীত হয় তেন্তে তুমি তেওঁলোকক ‘উফ’ শব্দও নকৰিবা আৰু তেওঁলোকক ধমকো নিদিবা; তেওঁলোকৰ লগত সন্মানসূচক কথা কবা।

১৭:২৪
আৰু তেওঁলোকৰ প্ৰতি মায়া-মমতাৰ সৈতে নম্ৰতাৰ বাহু অৱনমিত কৰা আৰু কোৱা, ‘হে মোৰ ৰব! তেওঁলোকৰ প্ৰতি দয়া কৰা যেনেকৈ শৈশৱত তেওঁলোকে মোক প্ৰতিপালন কৰিছিল’।
 

✍✍✍✍

★মানুহৰ মৃত্যু হোৱাৰ লগে লগে তাৰ যাৱতীয় আমল বন্ধ হৈ যায় আৰু সি তাৰ পৰিণতিৰ শেষ পর্যায়ত উপস্থিত হয়। কিন্তু তিনিটা আমল বন্ধ নহয়। সেই তিনিটা আমলৰ চাওৱাব মৃত ব্যক্তিয়ে তাৰ কবৰত পাই থাকে।
.
আমল তিনিটা হ’লঃ-
.
(১) ছদকায়ে জাৰিয়া।
(২) এনেকুৱা জ্ঞান- যাৰ দ্বাৰা উপকৃত হোৱা যায়।
(৩) এনেকুৱা নেক সন্তান- যিয়ে তাৰ কাৰণে দু‘আ কৰে।
ছহীহ মুছলিম – ৪৩১০

ইয়া আল্লাহ আমক এই সহজ ৩টা আমল কৰাৰ তৌফিক দান কৰা –আমিন।

Leave a comment