মুচলিম জাতিৰ বাবে মত বা পথ এটাই। সেইটো হ’ল সহজ সৰল পোন পথ। যি পথ সম্পর্কে ক’বলৈ গৈ এদিনাখন ৰচুল (ছঃ)য়ে এটা সৰল ৰেখা আঁকিলে আৰু তাৰ সোঁফালে দুটা আৰু বাওঁফালে দুটা ৰেখা আঁকিলে।তাৰপিছত তেওঁ(ছঃ) নিজৰ হাতখন মাজৰ ৰেখাৰ ওপৰত ৰাখি ক’লেঃ “এইটোৱেই মোৰ পথ। এইটোৱেই মোৰ পোন পথ, তোমালোকে এই পথেৰই অনুসৰণ কৰিবা আৰু অন্য পথ সমূহৰ অনুসৰণ নকৰিবা । যদি কৰা তেন্তে সেইবোৰে তোমালোকক আল্লাহৰ পোন পথৰ পৰা বিভ্রান্ত কৰি দিব।” {ইব্নে মাজাহ/১১}
মুচলিম জাতিৰ মাযহাব মুলত এটাই, সেয়া হল ইচলাম ।যি সকলে একমাত্র মাযহাব ইচলামক ভাঙি টুকুৰা-টুকুৰ কৰিছে সিহঁতে ধৃষ্টতাৰ পৰিচয় দিছে। কাৰণ সিহঁতৰ লগত আল্লাহৰ ৰচুল (ছঃ)ৰ কোনো সম্পর্ক নাই।সিহঁতৰ দায়িত্ব আল্লাহৰ ওচৰত। আল্লাহ তা’য়ালা কৈছে: “যি সকলে নিজৰ দ্বীনক টুকুৰা টুকুৰা কৰি নিজৰ মাজতে নানা দল-উপদলত বিভক্ত হৈ গৈছে, সিহঁতৰ কোনো দায়িত্বই তোমাৰ ওপৰত নাই; সিহঁতৰ (ফয়চালাৰ) বিষয়টো আল্লাহ তা’য়ালাৰ হাতত, (যিদিনা সিহঁতে আল্লাহৰ ওচৰত উভতি যাব) তেতিয়া তেওঁ সিহঁতক বিস্তাৰিত কব , সিহঁতে কোনে কি কৰিছিলে।”(ছুৰা আল আনআম, আয়াত ১৫৯)
আল্লাহ তা’য়ালা আৰু কৈছেঃ
“ওয়া মাইয়্যাবতাগি গাইৰাল ইচলামি দিনান ফালাইয়্যুকবালা মিনহু ওয়াহুয়া ফিল আখিৰাতি মিনাল খাছিৰিন।”
“যদি কোনোবাই ইচলামৰ বাহিৰে (নিজৰ বাবে) অন্য কোনো জীৱন বিধান অনুসন্ধান কৰে তেনেহ’লে তাৰ পৰা সেই (উদ্ভাসিত) ব্যৱস্থা কেতিয়াও গ্রহণ কৰা নহব, পৰকালত সি চৰম ব্যর্থ হব।”(ছুৰা আল-ই-ইমৰান, আয়াত ৮৫)
আল্লাহ আৰু তেওঁৰ ৰচুল (ছঃ)য়ে মানুহৰ কল্যাণৰ বাবে ইচলামৰ বিধি-বিধান (ইচলামী চৰীয়ত) জাৰি কৰিছে। আল্লাহ তা’য়ালা এই চৰীয়তৰ পূৰ্ণতাৰ ঘোষণা দি কয়ঃ
“আজি আমি তোমালোকৰ বাবে তোমালোকৰ দ্বীন পূর্ণ কৰি দিলোঁ, আৰু তোমালোকৰ ওপৰত আমাৰ (প্রতিশ্রুত) নেয়ামতও আমি পূর্ণ কৰি দিলোঁ, তোমালোকৰ বাবে জীৱন বিধান হিচাবে আমি ইচলামকেই মনোনীত কৰিলোঁ” (ছুৰা আল মায়িদা, আয়াত ৩)।
মৃত্যুৰ পূৰ্বে ঐতিহাসিক বিদায় হজ্জ্বৰ ভাষণত ৰচুল (ছঃ)য়ে তেওঁৰ ছাহাবাসকলোক তথা সমগ্র বিশ্ববাসীক সম্বোধন কৰি কৈ গৈছে, “মই তোমালোকৰ ওচৰত দুটা মহান বস্তু এৰি থৈ গ’লো । যেতিয়ালৈকে তোমালোকে সেই দুটাক টান কৰি ধৰি থাকিবা তেতিয়ালৈকে গুমৰাহ(পথভ্ৰষ্ট) নহ’বা আৰু সেয়া হৈছে আল্লাহৰ কিতাপ আৰু মোৰ চুন্নাত।”