কি কি কাৰণত ৰোজা ভংগ বা নষ্ট হয় ?
১. ইচ্ছাকৃতভাৱে কোনো বস্তু পানাহাৰ কৰিলে ৰোজা ভংগ হয় । (কোৰআন ২ঃ ১৮৭)
২. ইচ্ছাকৃত ভাৱে বমি কৰিলে ৰোজা ভংগ হয় । (তিৰমিজী ৭২০)
৩. ৰোজা অৱস্থাত স্বামী-স্ত্ৰীৰ মিলন হলে ৰোজা ভংগ হয় । (বোখাৰীঃ ১৯৩৭)
৪. বৈধ-অবৈধ কোনো প্ৰকাৰৰ যৌনতাত লিপ্ত হলে ৰোজা ভংগ হয় । (বোখাৰীঃ ১৮৯৪)
৫. খাদ্যৰ বিকল্প হিচাপে শক্তিবৰ্ধক কোনো ইনজেকচন ললে ৰোজা ভংগ হয় ।
৬. ৰোজাৰ অৱস্থাত মহিলাৰ হায়েজ-নেফাছ হলে ৰোজা ভংগ হয় । (বোখাৰীঃ ১৯৫১)