কি আমল কৰিলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শ্বাফায়াৎ পাব?

#কি আমল কৰিলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শ্বাফায়াৎ পাব?
________________________________________

আযানৰ পিছত দুৰূদ আৰু আযানৰ দু‘আ পাঠ কৰিলে ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামৰ শ্বাফায়াত পোৱা যায়।

দলিল:
মুহাম্মাদ ইবনু চালামা আল মুৰাদী (ৰহ.) … আব্দুল্লাহ ইবনু আমৰ ইবনুল আচ (ৰা.)ৰ পৰা বর্ণিত যে, তেওঁ ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামক কোৱা শুনিছে, তোমালোকে যেতিয়া মু’আযযীনক আযান দিয়া শুনিবা, তেতিয়া তেওঁ যি কব তাকেই কবা। তাৰ পিছত মোৰ ওপৰত দুৰূদ পাঠ কৰিবা। কাৰণ যিয়ে মোৰ ওপৰত এবাৰ দুৰূদ পাঠ কৰে, আল্লাহে ইয়াৰ বিনিময়ত তেওঁৰ ওপৰত দহবাৰ ৰহমত নাযিল কৰে। পিছত আল্লাহৰ ওচৰত মোৰ কাৰণে ওছীলাৰ দু‘আ কৰিবা। ওছীলা হ’ল জান্নাতৰ এটি বিশেষ স্থান, যিটো আল্লাহৰ বান্দাসকলৰ মাজৰ কোনো এজন বান্দাক দিয়া হ’ব। মই আশা কৰোঁ যে, ময়েই হম সেই বান্দা। যিয়ে মোৰ কাৰণে ওছীলাৰ দু‘আ কৰিব, তেওঁৰ কাৰণে মোৰ শ্বাফাআত ওৱাজিব হৈ যাব। [ছহীহ মুছলিম (ই.ফা.), অধ্যায়ঃ ৪/ কিতাবুচ স্বলাত, হাদিছ নম্বৰ: ৭৩৫]

আযানৰ দু’আ:

عَنْ جَابِرِ بْنِ عَبْدِ اللَّهِ أَنَّ رَسُولَ اللَّهِ صَلَّى اللَّهُ عَلَيْهِ وَسَلَّمَ قَالَ مَنْ قَالَ حِينَ يَسْمَعُ النِّدَاءَ اللَّهُمَّ رَبَّ هَذِهِ الدَّعْوَةِ التَّامَّةِ وَالصَّلَاةِ الْقَائِمَةِ آتِ مُحَمَّدًا الْوَسِيلَةَ وَالْفَضِيلَةَ وَابْعَثْهُ مَقَامًا مَحْمُودًا الَّذِي وَعَدْتَهُ حَلَّتْ لَهُ شَفَاعَتِي يَوْمَ الْقِيَامَةِ

জাবিৰ ইবন আব্দুল্লাহ্ ৰাদিয়াল্লাহু ‘আনহুমা বর্ণিত। তেওঁ ৰাছূলুল্লাহ চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামক কোৱা শুনিছে:

“যি ব্যক্তিয়ে আহ্বান (আযান) শুনাৰ পিছত কব:

আল্লা-হুম্মা ৰব্বা হা-যিহিদ্ দা’ওৱাতিত্ তা-ম্মাতি ওৱাচ্ ছালাতিল্ ক্বা-য়িমাতি আ-তি মুহাম্মাদানিল্ ওৱাছী-লাতা ওৱালফাদী-লাহ্ ওৱাব’আচহু- মাক্বা-মাম্ মাহমূদাল্লাযী-ওৱা’আদতাহ্।

অর্থ: হে আল্লাহ্! এই পৰিপূর্ণ আহ্বান আৰু প্রতিষ্ঠিত নামাযৰ প্রভু! মুহাম্মাদ চাল্লাল্লাহু ‘আলাইহি ৱাছাল্লামক সন্মান ও উচ্চ মর্যদা দান কৰা। তেওঁক প্রশংসিত স্থানত পৌঁছাই দিয়া, যাৰ  প্রতিশ্রুতি তুমি তেওঁক দিছা।

–তেওঁৰ কাৰণে কিয়ামতৰ দিনা আমাৰ ছুপাৰিচ অনিবার্য হৈ যাব।”
[ছহীহ বুখাৰী: ৫৮৯]

Leave a comment