আল্লাহ তাআলা এই উম্মতক মুহাম্মদ চাল্লাল্লাহু আলাইহি ওৱাসাল্লামৰ উম্মত হিচাপে মনোনীত কৰিছে । আৰু মুহাম্মদ চাল্লাল্লাহু আলাইহি ওৱাসাল্লামক শেষ নবী হিচাপে দুনিয়াত পাঠিয়াইছে। কিয়ামত পর্যন্ত আৰু কোনো নবী বা ৰাছুল নাহে । বৰং কিয়ামত পর্যন্ত যিমান মানুহ জন্ম গ্রহন কৰিব সকলোৱে মক্কাৰ কুৰাইচ বংশত জন্ম গ্ৰহণ কৰা মুহাম্মদ বিন আব্দুল্লাহ বিন আব্দুল মুত্তালিবৰ উম্মত হিচাপে বিবেচিত হব। আল্লাহে কৈছে ,
مَا كَانَ مُحَمَّدٌ أَبَا أَحَدٍ مِنْ رِجَالِكُمْ وَلَٰكِنْ رَسُولَ اللَّهِ وَخَاتَمَ النَّبِيِّينَ ۗ وَكَانَ اللَّهُ بِكُلِّ شَيْءٍ عَلِيمًا
মুহাম্মদ তোমালোকৰ মাজৰ কোনো পুৰুষৰে পিতৃ নহয়, বৰং তেওঁ আল্লাহৰ ৰাছুল আৰু সৰ্বশেষ নবী। আল্লাহ সকলো বিষয়ে সৰ্বজ্ঞ।”[ছূৰা আহযাব ৩৩:৪০]
তেওঁৰ আনীত ধর্ম কিয়ামত পর্যন্ত অহা সকলো মানুহৰ বাবে , সকলো যুগৰ বাবে উপযুক্ত আৰু আল্লাহৰ মনোনীত ধর্ম হিচাপে বলবৎ থাকিব । আল্লাহে কৈছে ,
وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ
আৰু যিয়ে ইছলামৰ বাহিৰে আন কোনো দ্বীন সন্ধান কৰিব তাৰ পৰা কেতিয়াও সেয়া গ্ৰহণ কৰা নহ’ব আৰু সি পৰকালত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভূক্ত হ’ব। “[ছূৰা আলে ইমৰাণ ৩:৮৫]
এই ধর্মক অবিকৃতভাবে কিয়ামত পর্যন্ত টিকাই ৰখাৰ দায়িত্ব আল্লাহে নিজেই লৈছে।
তাৰবাবেই তেওঁ ইছলামী আইনৰ ৰেফাৰেন্সসমূহক হিফাযত কৰাৰ ঘোষণা দি কৈছে ,
إِنَّا نَحْنُ نَزَّلْنَا الذِّكْرَ وَإِنَّا لَهُ لَحَافِظُونَ
১৫:৯
নিশ্চয় আমিয়েই কোৰআন বা জিকিৰ অৱতীৰ্ণ কৰিছো আৰু অৱশ্যে আমিয়েই ইয়াৰ সংৰক্ষক।
[ছূৰা হিজৰ ১৫:৯]
গতিকে এই আয়াতৰ পৰা এইকথা সুস্পষ্টভাবে জনা গ’ল যে আল্লাহে কুৰআনক যি কোনো ধৰণৰ বিকৃতৰ পৰা হিফাযত কৰিব । লাগিলে সেইটো কোৰআনৰ শব্দৰ বিকৃতি হওঁক অথবা অর্থ ও ব্যাখ্যাৰ মাজত বিকৃতি হওঁক। আৰু কোৰআনৰ অর্থ ও ব্যাখ্যাক বিকৃতিৰ পৰা হিফাজত কৰা মানে হাদীছে ৰাছুল(ছা:)ক বিকৃতিৰ পৰা ৰক্ষা কৰা । যিহেতু ৰাছুল(ছা:) তেওঁৰ ওপৰত অবতীর্ণ কোৰআনৰ ব্যাখ্যাদাতা আৰু তেওঁৰ ‘হাদীছ’ হল কোৰআনৰ ব্যাখ্যা। আল্লাহ্ তাআলাই কৈছে ,
بِالْبَيِّنَاتِ وَالزُّبُرِ ۗ وَأَنْزَلْنَا إِلَيْكَ الذِّكْرَ لِتُبَيِّنَ لِلنَّاسِ مَا نُزِّلَ إِلَيْهِمْ وَلَعَلَّهُمْ يَتَفَكَّرُونَ
স্পষ্ট প্ৰমাণাদি আৰু গ্ৰন্থাৱলীসহ। আৰু আমি তোমাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰিছো, যাতে তুমি মানুহৰ বাবে সেইটো স্পষ্ট কৰি দিব পাৰা যিটো সিহঁতৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে লগতে যাতে মানুহে (এই বিষয়ে) চিন্তা-চৰ্চা কৰে।”
[ছূৰা নাহল ১৬:৪৪]
উল্লেখ থাকে যে ৰাছুল(ছা:)ৰ চহিহ হাদিছ অস্বীকাৰ কাৰী দল যিসকলে নিজকে আহলে কোৰআন বুলি ভুৱা পৰিচয় দিব খোজে সিহঁতৰ প্ৰকৃত পৰিচয় হৈছে , মুনকাৰে হাদিছ বা হাদিছ অস্বীকাৰ কাৰী দল ।
ৰাছুল(ছা:)ৰ চহিহ হাদিছক অস্বীকাৰ কৰি এই সকল ভ্ৰান্ত আকিদাৰ মানুহে ৰাছুল(ছা:)ৰ চহিহ চুন্নাহক বুঢ়া আংগুলি দেখুওৱাৰ লগতে কোৰআনৰ বিভিন্ন আয়াতকো স্পষ্টভাৱে অমান্য কৰে ।
হাদিছ অস্বীকাৰ কাৰী এইসকল লোকেই নিজৰ ইচ্ছামতে কোৰআনৰ আয়াতক বুজিবলৈ চেষ্টা কৰাৰ ফলত সিহঁত নিজেই পথভ্ৰষ্টতাৰ স্বীকাৰ হোৱাৰ লগত আনকো বিভ্ৰন্ত কৰাৰ অপচেষ্টা কৰিছে ।
কিন্তু আল্লাহে সিহঁতৰ এনে নিকৃষ্ট কু ভাৱনা কেতিয়াও পূৰণ হব নিদিয়ে ।
এই মুনকাৰে হাদিছ বা হাদিছ অস্বীকাৰ কাৰী দল আজি নতুন নহয় অতীতৰে পৰাই সময়ে সময়ে চয়তানৰ প্ৰৰোচনাত বিভিন্ন প্ৰকাৰে সিহঁতৰ এই ভ্ৰান্ত মতবাদক প্ৰতিষ্ঠা কৰিবলৈ নানান প্ৰচেষ্টা কৰিছে যদিও আল্লাহে সকলো সময়ত সিহঁতক অপদস্ত কৰি নিৰ্মূল কৰি দিছে আলহামদুলিল্লাহ ।
ৰাছুল(ছা:) ও এই সকলৰ বিষয়ে স্পষ্ট ভাষাৰে তেওঁৰ উম্মতক সতৰ্ক কৰি গৈছে ।
আল্লাহে আমাক এনে মিত্যাবাদী হাদিছ অস্বীকাৰ কাৰী সকলৰ পৰা হিফাজত কৰক ।