কিয়ামতৰ সৰু লক্ষণঃ

কিয়ামতৰ সৰু লক্ষণঃ
*পর্দাহীন নাৰীৰ সংখ্যা বৃদ্ধি হব *
কিয়ামতৰ অন্যতম লক্ষণ হল মহিলাসকলে ইচলামী পোচাক পৰিত্যাগ কৰি এনেকুৱা পোচাক পৰিধান কৰিব যিটোৱে সিহঁতৰ শৰীৰ ঢাকি নাথাকিব।সিহঁতে মূৰৰ চুলি আৰু সৌন্দর্য্যৰ অংগসমুহ প্রকাশ কৰি ঘৰৰ পৰা ওলাব। নবী ছল্লাল্লাহু আলাইহি ওয়া ছাল্লামে কৈছেঃ ‘‘কিয়ামতৰ লক্ষণ হল, মহিলাসকলোৰ বাবে এনেকুৱা পোচাক আৱিষ্কাৰ হব যা পৰিধান কৰাৰ পিছতেও মহিলাসকলোক উলঙ্গ যেন লাগিব’’।[1] অর্থাৎ সিহঁতৰ পোচাকসমুহ এনেকুৱা সংকীর্ণ আৰু টাইট-ফিট হব যে, সেয়া পৰিধান কৰিলেও শৰীৰৰ গঠন আৰু সৌন্দর্যৰ স্থানসমূহ বাহিৰৰ পৰা সুস্পষ্ট বুজিব পৰা যাব ।
এই হাদীচটোত নবুওয়াতৰ সুস্পষ্ট মু’জেযা লুকাই আছে। নবী ছাল্লাল্লাহু আলাইহি ওয়া ছাল্লাম আজিৰ পৰা প্রায় 1500 বছৰ আগতে যি কৈ গৈছে সেয়া আজি হুবহু বাস্তবায়িত হৈছে।
[1] – ইমাম হায়ছামী কৈছেঃ ইমাম বুখাৰী এই হাদীচৰ বর্ণনাকাৰী সকলোৰ পৰা হাদীচ গ্রহণ কৰিছে, মাজমাউজ্ জাওয়ায়েদ, (৭/৩২৭)।

Leave a comment