এই কথা ভুল। বৰ্তমান ভোগালী বিহুৰ বতৰ!
আমি ভাৰতবৰ্ষত হিন্দু মুছলিম ভাই-ভাই, মিলাপ্ৰীতিত নিশ্চয় থাকিব লাগে কিন্তু কেনেকৈ থাকিব লাগে! কুৰআন আৰু হাদিছৰ মাধ্যমেৰে আল্লাহৰ নবীয়ে বুজাই দি গৈছে।
আহক লিখনীটো পঢ়ি চাও!!
হিন্দু ভাই:–> দাদা, পূজা চাব নাযায় নেকি?
মুছলিম ভাই:–> নাই ভাই, সেইটো আমাৰ ধর্মত মানা আছে।
হিন্দু ভাই:–> কিয়?
মুছলিম ভাই:–> আমি যেতিয়া গৰু কোৰবানী কৰোঁ, সেই ঠাইলৈ আপোনালোকৰ যোৱা নিষেধ। হয়নে?
হিন্দু ভাই:–> হয়, নিষেধ।
মুছলিম ভাই:–> সেই স্থানত ভগৱানৰ অভিশাপ পৰে। ঠিক তেনেকৈ, অন্য ধর্মৰ ধর্মীয় অনুষ্ঠানৰ ঠাইলৈ যোৱা আমাৰ কাৰণেও নিষেধ। আমাৰ ধর্মমতে পূজাৰ স্থানত আল্লাহৰ গজব নাজিল হৈ থাকে।
উমাৰ ৰাদ্বিয়াল্লাহু আনহুৱে কৈছে,তোমালোকে মুশ্বৰিকসকলৰ উপাসনালয়ত তেওঁলোকৰ উৎসৱৰ দিনবোৰত প্রৱেশ নকৰিবা। কাৰণ সেই সময়ত তেওঁলোকৰ ওপৰত আল্লাহৰ গজব নাজিল হৈ থাকে”। (বায়হাক্বী)
আমাৰ ধর্মমতে যি স্থানত আল্লাহৰ গজব নাজিল হয়, তালৈ কেনেকৈ যাম?
হিন্দু ভাই:–> ঠিক আছে, পূজা উপলক্ষে প্রসাদ খাব তো পাৰিব?
মুছলিম ভাই:–> আপোনাৰ ঘৰত অন্য যিকোনো সময়ত দাওৱাত খাব যাব পাৰিম। এই ক্ষেত্ৰত মানা নাই। কিন্তু পূজা উপলক্ষে একো খাব নোৱাৰি।
হিন্দু ভাই:–> বিষয়টো অলপ অন্য ৰকমৰ নহ’লনে?
মুছলিম ভাই:–> ধৰক, কোৰবানী ঈদৰ নিমন্ত্ৰন দি মই আপোনাক গৰুৰ মাংস খাব ক’লো। আপুনি খাবনে?
হিন্দু ভাই:–> নাই, কেতিয়াও নাখাওঁ।
মুছলিম ভাই:–> ঠিক তেনেকৈ আমাৰ ধর্মমতে কিছুমান বস্তু খোৱা নিষিদ্ধ (হাৰাম)। যেনে- মদ, গাহৰিৰ মাংস, আল্লাহৰ বাহিৰে আনৰ নামত জবেহ কৰা মাংস, অন্য ধর্মৰ ধর্মীয় উৎসৱৰ খাদ্য ইত্যাদি। সকলো ধর্মৰেই নিষিদ্ধ কিছু বিষয় থাকে যিটো মানিব লাগে।
হিন্দু ভাই:–> কিন্তু ধর্ম নিজৰ নিজৰ, উৎসৱ সকলোৰে।
মুছলিম ভাই:–> সেয়া হয়তো অন্যসকলৰ কাৰণে হ’ব পাৰে, কিন্তু আমাৰ কাৰণে নহয়। অন্য ধর্মৰ অনুষ্ঠানত গ’লে য’ত আমাৰ নিজৰেই ধর্ম নাথাকে, তাত এই কথাটো লৈ কি কৰিব?
হিন্দু ভাই:–> বুজা নাই, অলপ বুজাই কওঁক।
মুছলিম ভাই:–> মানে ইছলাম ধর্মৰ মূলনীতি অনুযায়ী অন্য কাৰো ধর্মৰ উৎসৱত স্বইচ্ছাই আনন্দৰ সৈতে যোগদান কৰাৰ অর্থই হ’ল আল্লাহৰ সৈতে শ্বিৰ্কৰ কামত নিজকে সাঙুৰি পেলোৱা। আৰু আল্লাহে সকলো গুনাহেই মাফ কৰি দিব, একমাত্র শ্বিৰ্ক গুনাহৰ বাহিৰে।
আল্লাহে কৈছে “নিশ্চয় আল্লাহে তেওঁৰ লগত অংশী স্থাপন কৰাক ক্ষমা নকৰে। ইয়াৰ বাহিৰে অন্যান্য অপৰাধসমূহ যাক ইচ্ছা ক্ষমা কৰে আৰু যিয়ে আল্লাহৰ লগত আনক অংশী কৰে সি নিশ্চয় মহাপাপ ৰচনা কৰে।” (কোৰআন ৪:৪৮)
হিন্দু ভাই:–> তেনেহ’লে আপুনি অন্যসকলক অপছন্দ কৰে নেকি?
মুছলিম ভাই:–> সেইটো কৰিম কিয়? ধর্ম নিজৰ নিজৰ আৰু ইছলামে এইটোও শিক্ষা দিয়ে যে, অন্য ধৰ্মালম্বীসকলক তেওঁলোকৰ ধর্মীয় অনুষ্ঠান পালনত কোনো প্রকাৰ বাধা দিব নোৱাৰে। আমি প্রয়োজনত আপোনালোকক নিৰাপত্তা দিম, পহৰা দিম, কোনোৱে বিপদগ্রস্ত হ’লে তেওঁক সহায় কৰাৰ কাৰণে জপিয়াই পৰিম, অসুস্থ হ’লে চিকিৎসা দিম। ইয়াতে আমাৰ কোনো আপত্তি নাই। কিন্তু সকলো ধর্মৰেই কিছু বিধি নিষেধ থাকে। আপোনাৰ ধর্মতো আছে, আমাৰ ধর্মতো আছে, সেইবোৰ মানা উচিত।
হিন্দু ভাই:–> তেনেহ’লে আপুনি মোৰ ঘৰত কেতিয়াও নিমন্ত্ৰণ নাখাব নেকি?
মুছলিম ভাই:–> কিয় নাখাম? অন্য এদিন আপোনাৰ ঘৰত নিমন্ত্ৰণ দিয়ক। মই গৈ এসাজ খাই আহিম। সেইটোত কোনো বিধি নিষেধ নাই। আমাৰ নবী (ছঃ)-য়েও অন্য ধর্মৰ লোকৰ ঘৰত গৈ খাই আহিছিল। এজন ইহুদীয়ে তেওঁক নিমন্ত্ৰণ দিছিল, তেওঁ গৈ খাই আহিছিল আৰু নিশ্চয় মোৰ ঘৰলৈও আপোনাৰ নিমন্ত্রণ থাকিল।
হিন্দু ভাই:–> কিন্তু বিষয়টো অলপ সাম্প্রদায়িক হৈ নগ’লনে?
মুছলিম ভাই:–> অসাম্প্রদায়িকতা মানে এইটো নহয় যে আপুনি আমাৰ মছজিদত গৈ আমি নামাজ পঢ়া চাব, আৰু আমি আপোনাৰ পূজা-মণ্ডপত গৈ পূজা কৰা চাম। এইটো অসাম্প্রদায়িকতা নহয়, এইটো অধার্মিকতা। ইয়াতে আপোনাৰ ধর্মও নাথাকিব, আমাৰ ধর্মও নাথাকিব।
মই আপোনাক সন্মান কৰোঁ, আপুনি মোক সন্মান কৰে, অথচ দুয়োজন দুই ধর্মৰ। মই আপোনাৰ ওচৰত নিৰাপদ, আপুনি মোৰ ওচৰত নিৰাপদ। আপোনাৰ বিপদত মই আগুৱাই আহিম, মোৰ বিপদত আপুনি আগুৱাই আহিব। দেশৰ যিকোনো আপদ বিপদত একেলগে কান্ধত কান্ধ মিলাই কাম কৰিম।
এজন মানুহ হিচাপে, এজনে আনজনৰ প্রতি এই যে সন্মান, এইটোৱেই হ’ল প্রকৃত অসাম্প্রদায়িকতা। 😊
আল্লাহে আমাক সঠিক বুজাৰ তৌফিক দিওক আমীন।