কিছুমান গুৰুত্বপূৰ্ণ চহিহ হাদিছ

✍✍ … চহীহ বুখাৰীৰ হাদিচ  নম্বৰ : ৬১৬৬ 💢

☞☞  আবূ হুৰাইৰা  ৰাদিয়াল্লাহু ‘আনহু ৰ পৰা  বর্ণিত – এক ব্যক্তি ৰাছুলুল্লাহ্ ছাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামক ক’লে  :  মোক  কিছু উপদেশ দিয়ক । তেওঁ ( ৰাছুল ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ) ক’লে :  খং নকৰিবা  । লোকজনে  বাৰে বাৰে ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামৰ  ৰ ওচৰত  উপেদশ বিচাৰিলে   আৰু  ৰাছুল  ছাল্লাল্লাহু  ‘আলাইহি ওৱাছাল্লামে ক’লে  :  খং নকৰিবা ।☜☜

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : ” কবীৰা গুণাহ/পাপ সমূহৰ ভিতৰত আটাইতকৈ ডাক্তৰ গুণাহ/পাপ হ’ল , আল্লাহৰ লগত শ্বিৰ্ক কৰা , নিৰ্দোষী মানুহক হত্যা কৰা , পিতৃ মাতৃৰ অবাধ্য হোৱা আৰু মিছা কথা কোৱা । “

[ বুখাৰী :৬৮৭১ ; মুছলিম :৮৮]

✍🏻✍🏻✍🏻 … .  চহীহ বুখাৰীৰ হাদিচ নম্বৰ :- ৫০২০

☞   সকলো  কালাম (কথা) ৰ  ওপৰত  কোৰআনৰ  শ্রেষ্ঠত্ব।   ☜

৫০২০. আবূ মূছা  আশ্ব‘আৰী  (ৰা:)  সূত্রে নাবী চাল্লাল্লাহু ‘আলাইহি ওৱাছাল্লামৰ পৰা  বর্ণিত। তেওঁ ক’লে , যি  ব্যক্তিয়ে  কোৰআন   তিলাওৱাত  কৰে , তাৰ  দৃষ্টান্ত হৈছে সেই নেমুৰ  দৰে সুস্বাদু আৰু   সুগন্ধযুক্ত। আৰু যি  যে  ব্যক্তিয়ে  (মু’মিন) কোৰআন পাঠ নকৰে  তাৰ  দৃষ্টান্ত হৈছে এনে  খেজুৰৰ দৰে , যি  সুগন্ধহীন, কিন্তু খাওঁতে  সুস্বাদু। আৰু  ফাচিক-ফাজিৰ  ব্যক্তি যিয়ে  কোৰআন পাঠ কৰে  তাৰ  দৃষ্টান্ত হৈছে  ৰায়হান জাতীয় লতাৰ দৰে  , যাৰ  সুগন্ধ আছে, কিন্তু খোৱাত  বিস্বাদ। আৰু সেই  ফাচিক যিয়ে  কোৰআন একেবাৰেই পাঠ নকৰে , তাৰ  দৃষ্টান্ত হৈছে সেই  মাকাল ফলৰ দৰে ,  যিটো  খাওঁতে  বিস্বাদ আৰু  যাৰ  কোনো  সুগন্ধ ও নাই ।

 [৫০৫৯, ৫৪২৭, ৭৫৬০] (আধুনিক প্রকাশনীঃ ৪৬৪৬, ইছলামী ফাউন্ডেচনঃ ৪৬৫০)

✍🏻✍🏻 চুনান আত তিৰমিজী [তাহকীককৃত],
হাদিচ নম্বৰ :-  ২৫২৩

👉 জান্নাতৰ  গছৰ  বর্ণনা  👈

 আবূ হুৰাইৰা  (ৰা:) ৰ পৰা  বর্ণিত,  ৰাছুলুল্লাহ  ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : জান্নাতত  এটা  বিশাল গছ আছে, যাৰ  ছা ৰ তলেদি  যি কোনো  যাত্রী এশ বছৰলৈকে চলি  থাকিব  (কিন্তু সেইটো  অতিক্রম কৰি যাব নোৱাৰিব )।

চহীহঃ  বুখাৰী  (৩২৫২)।
আবু হুৰাইৰা ৰাদ্বিয়াল্লাহু আনহুৰ সূত্ৰে বৰ্ণিত- ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে কৈছে- তিনি ব্যক্তিৰ দোৱা নিশ্চয় কবুল হয়—

(১) মজলুম বা অত্যাচাৰিত ব্যক্তিৰ দোৱা কবুল হয়।
(২) মুছাফিৰৰ দোৱা কবুল হয়।
(৩) সন্তানৰ কাৰণে পিতা-মাতাৰ দোৱা কবুল হয়।

(বুখাৰী¸ আবু দাউদ¸ তিৰমিজী¸ আল-আদাবুল মুফৰাদ)
তিৰমিজি   ৩৪৪৮
হাচান চহীহাহ   ৫৯৮ , ১৭৯৭]

ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ও ছাল্লামে কৈছে  ” তোমালোকৰ কাৰণে  শ্রেষ্ঠ সম্পদ হল  –

১। সকলোসময়ত  আল্লাহক   স্মৰণকাৰী  জিবা ,

২। আল্লাহৰ  শ্বুকৰিয়া  আদায়কাৰী  অন্তৰ আৰু

৩।  ঈমানদাৰ  স্ত্রী যি তাইৰ  স্বামীক দ্বীনৰ ক্ষেত্রত  সহায় কৰে ।”

–[চহিহ তিৰমিযী ৩০৯৪]

✍ চহীহ মুছলিমৰ হাদিচ নং ২৬৭৪ ✍

👇👇
“কোনোবাই হেদায়তৰ দিশত
আহ্বান কৰিলে, যিমানজনে তেওঁক অনুসৰণ কৰিব প্রত্যেকৰ সমান ছওয়াবৰ অধিকাৰী সেইজন ব্যক্তি হ’ব(যিজনে আহ্বান কৰিছে),
যদিও যিসকলে অনুসৰণ কৰিছে সিহঁতৰ ছওয়াবৰ কোনো ক্ষতি নহ’ব (কমি নাযাব)”
👆👆

ৰাছুলুল্লাহ (ছাঃ) এ কৈছে,

 “যি ব্যক্তিয়ে পূর্ণ অধিকাৰ থকা সত্যেও বিতৰ্ক(ঝগড়া) পৰিত্যাগ কৰে, মই তেওঁৰ কাৰণে জান্নাতত এটা গৃহৰ জিম্মাদাৰ হম। “

 (আবুদাউদ, হা/ ৪৮০০)

🌹 চহীহ বুখাৰীৰ হাদিচ নম্বৰ  ২৪৪২ 🌹

 মুছলিমে মুছলিমৰ প্রতি অত্যাচাৰ নকৰিব আৰু  তাক অপমানিতও নকৰিব।

👉👉 ‘আবদুল্লাহ ইবনু ‘উমাৰ (ৰা:) ৰ পৰা  বর্ণিত। ৰাছুলুল্লাহ ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে  কৈছে , মুছলিম মুছলিমৰ  ভাই। সি  তাৰ ওপৰত জুলুম নকৰিব আৰু  তাক যালিমৰ  হাতত অৰ্পণ নকৰিব। যিজনে তাৰ  ভাইৰ  অভাব পূৰণ কৰিব , আল্লাহ তা‘আলাই  কিয়ামতৰ  দিন তাৰ  বিপদসমূহ দূৰ কৰি দিব । যি  ব্যক্তি কোনো মুছলিমৰ  দোষ ঢাকি ৰাখিব, আল্লাহে  কিয়ামতৰ  দিন তাৰ  দোষ ঢাকি ৰাখিব ।👈👈

 (৬৯৫১) (আধুনিক প্রকাশনীঃ ২২৬৩, ইছলামী ফাউন্ডেচনঃ ২২৭৮)

✍🏻✍🏻 চহিহ বুখাৰীৰ হাদিছ নম্বৰ :- ১৮৭৬

 ঈমান  মদীনালৈ  প্রত্যাবর্তন কৰিব ।

 আবূ হুৰাইৰাহ্ (ৰা:) ৰ পৰা বর্ণিত যে, আল্লাহৰ ৰাছুল চাল্লাল্লাহু  আলাইহি ওৱাচাল্লামে কৈছে ,  ঈমান মদিনালৈ ওভতি আহিব যেনেকৈ সাপ তাৰ গাতত ওভতি আহে ।

 (মুছলিম ১/৬৫, হাঃ ১৪৭, আহমাদ ৯৪৬২) (আধুনিক প্রকাশনীঃ ১৭৪১, ইছলামী ফাউণ্ডেচনঃ ১৭৫২)

🌹  চহীহ বুখাৰীৰ হাদিছ নম্বৰঃ ৭৩৮১  🌹

 আল্লাহৰ বাণীঃ তেৱেই  শান্তি, তেৱেই  নিৰাপত্তা বিধানকাৰী ।

👉👉‘আবদুল্লাহ্ (ৰা:) ৰ পৰা  বর্ণিত। তেওঁ ক’লে,  আমালোকে  নাবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লাম- ৰ পিছতে ছালাত আদায় কৰিছিলো । তেতিয়া আমালোকে কৈছিলো , আল্লাহৰ ওপৰত চালাম। তেতিয়া  নাবী ছাল্লাল্লাহু আলাইহি ওৱাছাল্লামে ক’লে : আল্লাহ্ তো নিজেই চালাম। হাঁ, তোমালোকে কোৱা , …….التَّحِيَّاتُ للهِ অর্থাৎ মৌখিক, শাৰীৰিক আৰু  আর্থিক সকলো  ‘ইবাদাত একমাত্র আল্লাহৰ কাৰণে ।  হে নাবী! আপোনাৰ ওপৰত  শান্তি, আল্লাহৰ ৰহমত আৰু বাৰাকাত অবতীর্ণ হওঁক । আমালোকৰ ওপৰত আৰু  আল্লাহৰ  নেক বান্দাসকলৰ ওপৰত  শান্তি বর্ষিত হওঁক । মই সাক্ষী দিছোঁ  যে, আল্লাহৰ বাহিৰে  কোন ইলাহ্ নাই । মই আৰু সাক্ষী দিছোঁ মুহাম্মদ (ছা:)  আল্লাহৰ বান্দা আৰু আল্লাহৰ ৰাছুল । 👈👈
 [৮৩১] (আধুনিক প্রকাশনী- ৬৮৬৫, ইচলামিক  ফাউন্ডেচন  ৬৮৭৭) ।

ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে:
“গোছলখানা আৰু কবৰস্থানৰ বাহিৰে পৃথিৱীৰ সকলো ঠাই মছজিদ হিচাবে গণ্য।” (অর্থাৎ যিকোনো স্থানত নামায পঢ়িব পাৰি)

[আবুদাঊদ: ৪৯২ ই.ফা; ইবনু মাজাহ, তিৰমিযী]

হাদিছৰ মান: ছহিহ

ৰাছুলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱাছাল্লামে কৈছে : দুটা বাক্য উচ্চাৰণৰ ফালৰ পৰা খুব পাতল; কিন্তু ওজনত অত্যন্ত গধুৰ আৰু আল্লাহৰ ওচৰত অতি প্ৰিয়। বাক্য দুটা হৈছে, “চুবহানাল্লাহ্ ওৱা বিহামদিহী’ ‘চুবহানাল্লাহীল আযীম।” (চহীহ বুখাৰী: ৭৫৬৩)

Leave a comment