ইছলামীয় চিন্তাধাৰালৈ গভীৰ অৱদান আগবঢ়াই যোৱা বিশ্ব বৰেণ্য মনীষি সকলৰ ভিতৰত নিঃসন্দেহে ইমাম আবু হানিফা ( ৰহঃ) ও অন্যত্বম । তেখেতৰ ইন্তেকালৰ পাছত এই মহান ব্যক্তিত্বৰ অধিকাৰী লোক জনৰ মূল আদৰ্শ ও আক্বীদাই যে এক পৃথক ৰূপ ধাৰণ কৰিলে , সেই কথা সৰ্ব্বজনবিদিত । মহান আল্লাহে তেখেতৰ সকলো নেক কামক কবুল কৰি জান্নাতুল ফিৰদৌচত স্থান দিয়ক ! আ-মী-ন ।
আজিৰ আলোচ্য বিষয় হৈছে , এই মহান ব্যক্তি গৰাকীৰ নামত সমাজত আজি এনে কিছু আলৌকিক কিচ্ছা কাহিনী ৰচনা কৰি সৰ্বত্ৰে যে প্ৰচাৰ কৰি থকা হৈছে , সেই কাহিনী সমূহৰ শ্বৰীয়তৰ দৃষ্টিভংগীত গ্ৰহণযোগ্যতাৰ বিষয়ে কাহানিবা বিবেচনা কৰি চাইছেনে ?? কাহিনী সমূহৰ মূল উৎস কেতিয়াবা অনুসন্ধান কৰাৰ চেষ্টা কৰিছেনে ?? দ্বীন ইছলামৰ ইমান এগৰাকী বিদ্বান লোকে শ্বৰীয়তৰ বিৰুদ্ধে কাম কৰিব বুলি সঁচাকৈয়ে আপুনি বিশ্বাস কৰিব পাৰেনে ?? সময়ে আজি এনেবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰে !
কেৱল এইগৰাকী মহান ব্যক্তিয়েই নহয় , ” বুজুৰগানে দ্বীন ” শব্দটিৰ চেলু লৈ , সাম্প্রতিক সময়ত ফজ্বাইলে আমল নামৰ বহুল প্ৰচাৰিত কিতাব খনিত এনে অসংখ্য ভূৱা কাহিনীৰ সমাহাৰ ঘটিছে । কাহিনী সমূহৰ উৎসৰ পমখেদি দেখা গৈছে , ইমাম আবু হানিফা (ৰহঃ) ক সমাজত হেয় প্ৰতিপন্ন কৰাৰ প্ৰয়াসেৰে এক শ্ৰেণীৰ স্বাৰ্থম্বেষী লোকে এনে সমস্ত অলীক কাহিনীৰ জন্ম দিছে । মূল উৎস পোৱা গৈছে – ইছলামীয় বিশ্ববিদ্যালয় ( কুষ্টিয়া ) ৰ অধীন ফাযিল স্নাতক প্ৰথম বৰ্ষৰ ” আল- আক্বাঈদ ” নামৰ কিতাপ খনি ( ৰচনা ও সম্পাদনা : মাওলানা মুহাম্মদ আবু ইউচুফ খান , পৃষ্ঠা ৪৫ )। উক্ত কিতাপ খনিত আবু হানিফা( ৰহঃ) সম্পৰ্কত একেৰাহে ৩০ বছৰ ৰোজা ৰাখি ৪০ বছৰ বিনিদ্ৰ ৰজনী কটাই ইবাদত কৰা , প্ৰতি ৰমজানত ৬১ বাৰ কোৰআন খতম দিয়া , ৫৫ বাৰ হজ্জ্ কৰা , ৯৯ বাৰ আল্লাহক সপোনত দেখা ইত্যাদি ইত্যাদি বিভিন্ন শ্বৰীয়ত বিৰোধী কাহিনী উল্লেখিত হৈছে । এনে ধৰণৰেই অসংখ্য ভূৱা আলৌকিক কাহিনী প্ৰচলিত তবলীগ জামাতৰ ” ফজ্বাইলে আমল ” নামৰ মূল কিতাপ খনিত সন্নিবিষ্ট কৰি ভ্ৰান্ত আক্বীদাৰে মানুহক ইমান একিনৰ দাৱাত দিয়া বুলি প্ৰচাৰ কৰি থকা হৈছে !!
কিছু সংখ্যক ব্যক্তিয়ে এনেবোৰ অলীক কাৰ্য্যক ” মাৰিফতী ” গুণ বুলি দাবী কৰি যদিও সত্য প্ৰতিপন্ন কৰাৰ প্ৰয়াস কৰে , শ্বৰীয়তৰ আদৰ্শই কিন্তু স্পষ্টকৈ এনেধৰণৰ কথা প্ৰত্যাখান কৰিছে । কিয়নো আল্লাহে ৰাছূল (চঃ) ক নিৰ্দেশ দি কৈছে : ” তুমি চিয়াম পালন কৰা আকৌ চিয়াম এৰি দিয়া ! তুমি ৰাতি ইবাদত কৰা আৰু পুনৰ শুই যোৱা । কিয়নো তোমাৰ ওপৰত তোমাৰ শৰীৰৰ হক্ক আছে , তোমাৰ ওপৰত তোমাৰ দুই চকুৰ হক্ক আছে , একেদৰে তোমাৰ ওপৰত তোমাৰ স্ত্ৰীৰ হক্ক আছে ( চহীহ বুখাৰী হা/৫১৯৯ , ২/৭৮৩ পৃষ্ঠা , মিশকাত হা/২০৫৪ , পৃষ্ঠা ১৭৯ )। ৰাছূল (চঃ) পুনৰ কৈছে : ” যি ব্যক্তিয়ে সৰ্বদা চিয়াম পালন কৰে , তেওঁৰ চিয়ামৰ কোনো মূল্য নাই । এই কথা দুই তিনিবাৰ কিংবা তিনিবাৰ কলে ” ( চহীহ বুখাৰী হা/১৯৭৭ , ১/২৬৫ পৃষ্ঠা )। জৈনক চাহাবীয়ে ৭ দিনৰ কমত কোৰআন খতম কৰিব বিচাৰিছিল যদিও নবী ( চঃ) সেই অনুমতি দিয়া নাছিল ( ইবনু মাজাহ হা/১৩৪৬ , পৃষ্ঠা ৯৫-৯৬ )। শ্বৰীয়তে ৩ দিনৰ কমত কোৰআন খতম কৰিবলৈ নিষেধ কৰিছে ( তিৰমিযি হা ২৯৪৯ , ২/১২৩ পৃষ্ঠা )। আয়েশ্বা ( ৰাঃ) কৈছে : ৰাছূল (চঃ) কোনো এটা ৰাতিত সম্পূৰ্ণ কোৰআন খতম কৰিছে , সম্পূৰ্ণ নিশা চালাত আদায় কৰা বা ৰমজানৰ বাদে অন্য কোনো সম্পূৰ্ণ মাহ চিয়াম পালন কৰা মই দেখা নাই (চহীহ মুচলীম হা/১৭৭৩ , ১/২৫৬ পৃষ্ঠা )।
সুধী দ্বীনি ভাই সকল ! শ্বৰীয়ত বিৰোধী সকলো ধৰণৰ মিছাৰ পৰা বাচিবলৈ চেষ্টা কৰক । মুহাম্মদ ( চঃ) পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ তাক্বওৱাহীল ব্যক্তি হৈও , চাহাবায়ে কেৰাম সকলৰ ওপৰত আল্লাহ ৰাজি-খুচি হোৱা বুলি ঘোষিত হোৱাৰ স্বত্তেও তেখেতসকলৰ জীৱনত এনেধৰণৰ ইবাদতৰ কোনো দৃষ্টান্ত নাই । কিয়নো ইছলামৰ প্ৰাথমিক সূত্ৰই হৈছে – ৰাছূল (চঃ) তৰিকা ব্যতিত বা তেখেত (চঃ) নিৰ্দেশনা নথকা যিকোনো ইবাদত আল্লাহৰ বিচাৰত প্ৰত্যাখিত হব ( চহীহ মুচলীম হা/৪৫৯০ , ২/৭৭ পৃষ্ঠা , অনুচ্ছেদ -৮ )।
ক’লা বগা দুয়োটা দিশেই ত্বথ্য সহকাৰে আপোনালোকৰ সন্মুখত স্পষ্টকৈ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে , বিবেচনা আপোনাৰ সিদ্ধান্তও আপোনাৰ ! সত্য প্ৰচাৰৰ স্বাৰ্থতহে আমাৰ এই ক্ষুদ্ৰ প্ৰচেষ্টা ! আল্লাহে আমাক সকলোকে হক্ক আৰু বেহক্ক চিনাক্ত কৰি আগুৱাই যোৱাৰ হিকমত দিয়ক ! আমীন !!
** প্ৰচাৰাৰ্থে ** # চহীহ আমল ।
✍✍… মোক্তাবুল হুছেইন