কাৰ দু‘আ কবুল কৰা হয় আৰু কেতিয়া দোৱা দ্রুত কবুল হয়?

কাৰ দু‘আ কবুল কৰা হয় আৰু কেতিয়া দোৱা দ্রুত কবুল হয়?
~~~~
# ✏️ যি দু‘আসমূহ আল্লাহে খুব সোনকালে কবুল কৰি থাকে, বেছি কবুল হয়…

“বান্দাই ছিজদাৰ সময়ত স্বীয় প্রভুৰ সর্বাধিক নিকটৱর্তী হয়। এতেকে তোমালোকে অধিক মাত্রাত (সেই অৱস্থাত) দু‘আ কৰা।”
[মুছলিম:৪৮২, নাছাঈ:১১৩৭, আবূ দাউদ:৮৭৫, আহমাদ:৯১৬৫]

# ✏️“যি ব্যক্তিয়ে ৰাতি টোপনিৰ পৰা সাৰ পাই কয়:
“লা ইলা-হা ইল্লাল্লা-হু ওৱাহ্‌’দাহ লা-শ্বাৰীকালাহু, লাহুল মুলকু, ওৱালাহুল হামদু, ওৱাহুৱা আ’লা কুল্লি শ্বায়ইন ক্বাদীৰ। চুবহা’-নাল্লাহি, ওৱালহা’মদু লিল্লাহি, ওৱা লা ইলা-হা ইল্লাল্লা-হু, ওৱাল্লা-হু আকবাৰ। ওৱা লা- হা’ওলা ওৱালা- ক্বুওৱাতা ইল্লা- বিল্লা-হিল আ’লিয়্যিল আ’যীম। ৰাব্বিগফিৰ লী” তাক ক্ষমা কৰি দিয়া হ’ব। যদি সি দু‘আ কৰে, তেন্তে তাৰ দু‘আ কবুল হ’ব। যদি সি বিছনাৰ পৰা উঠি অজু কৰি ছালাত আদায় কৰে, তেন্তে তাৰ ছালাত কবুল কৰা হ’ব”। [বুখাৰীঃ ফাতহুল বাৰী: ১১৫৪। ছহীহ ইবন মাজাহ্‌: ২/৩৩৫]

# ✏️ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামক প্ৰশ্ন কৰা হ’ল-
‘কোন সময়ত দু‘আ সর্বাধিক কবুল কৰা হয়?’ তেওঁ ক’লে: “ৰাতিৰ শেষভাগত আৰু ফৰজ ছালাতসমূহৰ শেষাংশত”। [তিৰমিযী ৩৪৯৯: ইমাম তিৰমিযী ও শায়খ আলবানীৰ মতে হাদীছটি হাছান ছহীহ]

# ✏️ ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ৱাছাল্লামে আকৌ কৈছে-
“প্রতি ৰাতি যেতিয়া ৰাতিৰ এক তৃতীয়াংশ অৱশিষ্ট থাকে তেতিয়া আমাৰ প্রতিপালকে পৃথিৱীৰ নিকটৱর্তী আকাশত অৱতৰণ কৰে। তেতিয়া তেওঁ কয়- “কোন আছা আমাৰ ওচৰত দু‘আ কৰিব আৰু আমি কবুল কৰিম? কোন আছা আমাৰ ওচৰত তাৰ অভাৱৰ কাৰণে প্রার্থনা কৰিব আমি তাক তাক দূৰ কৰি দিম? কোন আছা আমাৰ ওচৰত ক্ষমা প্রার্থনা কৰিব আমি তাক ক্ষমা কৰি দিম”। [বুখাৰীঃ ১১৪৫, মুছলিম]

✏️ ৰাছূলুল্লাহ্ চাল্লাল্লাহু আলাইহি ওৱা ছাল্লামে কৈছে-
“আযান ও ইকামতৰ মধ্যৱর্তী সময়ত কৃত দু‘আ’ কেতিয়াও ঘূৰাই দিয়া নহয়” [তিৰমিযী:৩৫৯৪, আবু দাউদ: ৫২৫, শায়খ আলবানী ইৰওৱাউল গালীল: ১/২৬২]

 #✏️ “যিকোনো প্রয়োজনত কোনো মুছলিমে যদি দু‘আ ইউনুচ পঢ়ে, আল্লাহে তেওঁৰ দু‘আ কবুল কৰিব”। [তিৰমিযী, ছহীহুল জামি: ৩৩৮৩]

অন্য হাদীছ অনুযায়ী, “দু‘আ ইউনুচ পঢ়িলে আল্লাহে তাৰ দুঃশ্চিন্তা দূৰ কৰি দিব
উচ্চাৰণঃ লা ইলা-হা ইল্লা-আনতা, চুবহা’-নাকা ইন্নি কুনতু-মিনায যোৱালিমিন।      
অর্থঃ “(হে আল্লাহ!) তোমাৰ বাহিৰে আন কোনো মা’বুদ নাই, তুমি পবিত্র ও মহান! নিশ্চয় মই জালিমসকলৰ অন্তর্ভুক্ত।” {ছূৰা আল-আম্বিয়াঃ ৮৭}

#✏️ দুটা এনেকুৱা সময় আছে য’ত দু‘আ ওভতাই দিয়া নহয় অথবা খুব কম ওভতাই দিয়া হয়। আযানৰ সময়ত কৰা দু‘আ আৰু যেতিয়া যুদ্ধৰ কাৰণে মুজাহিদসকল শত্ৰুৰ মুখামুখি হয়”। [আবু দাউদ, ছহীহুল জামি: ৩০৭৯]

✏️ বৃষ্টিৰ সময়ত কৰা দু‘আ।
ৰাছূলুল্লাহ চাল্লাল্লাহু আলাইহি ওৱা চাল্লামে কৈছে-
“দুটি বিষয় আছে এনেকুৱা যিসমূহ ওভতাই দিয়া নহয়, আযানৰ সময়ৰ দু‘আ আৰু বৃষ্টিৰ সময়ত কৰা দু‘আ”।[আবু দাউদ, ছহীহুল জামি: ৩০৭৮]

✏️ “যেতিয়া তোমালোকে কুকুৰাৰ মাত শুনিবা, তেতিয়া তোমালোকে আল্লাহ্‌ৰ অনুগ্রহ বিচাৰিবা, কিয়নো সি এজন ফিৰিস্তা দেখিছে।  আকৌ যেতিয়া তোমালোকে কোনো গাধৰ স্বৰ শুনিবা, তেতিয়া শ্বয়তানৰ পৰা আল্লাহ্‌ৰ ওচৰত আশ্রয় বিচাৰিবা, কিয়নো সি শ্বয়তানক দেখিছে”। [বুখাৰীঃ ৩৩০৩, মুছলিমঃ ২৭২৯]

✏️ ইয়াৰ ওপৰিও লাইলাতুল ক্বদৰৰ সময়ত কৰা দু‘আ, যমযমৰ পানী পান কৰাৰ আগৰ দু‘আ,
মজলুমৰ দু‘আ, সন্তানৰ কাৰণে পিতাৰ দু‘আ, আৰাফাৰ দু‘আ, অসহায় বিপদগ্রস্তৰ দু‘আ, ছিয়াম পালনকাৰীৰ দু‘আ, ইফতাৰৰ আগৰ দু‘আ, জুম‘আৰ দিনৰ বিশেষ এটি সময়ৰ দুআ,
অনুপস্থিত মুছলিমৰ কাৰণে যি দু‘আ কৰা হয় সেই দু‘আও তাৰ কাৰণে কবুল কৰা হয়।

Leave a comment