*কাৰ ওপৰত কুৰবানী ওৱাজিব* *প্রাপ্তবয়স্ক, সুস্থমস্তিষ্কসম্পন্ন প্রত্যেক মুছলিম নৰ-নাৰী, যিয়ে ১০ যিলহজ্ব ফজৰৰ পৰা ১২ যিলহজ্ব সূর্যাস্ত পর্যন্ত সময়ৰ ভিতৰত প্রয়োজনৰ অতিৰিক্ত নিছাব পৰিমাণ সম্পদৰ মালিক হ’ব তাৰ ওপৰত কুৰবানী কৰা ওৱাজিব।* টকা-পইচা, সোণ-ৰূপ, অলঙ্কাৰ, বসবাস ও খোৰাকিৰ প্রয়োজন নহোৱা এনেকুৱা ভূমি, প্রয়োজনৰ অতিৰিক্ত ঘৰ, ব্যৱসায়িক পণ্য ও অপ্রয়োজনীয় সকলো আচবাব-পত্র কুৰবানীৰ নিছাবৰ ক্ষেত্রত হিচাবযোগ্য। আৰু নিছাব হ’ল স্বর্ণৰ ক্ষেত্রত ৭.৫ টোলা, ৰূপৰ ক্ষেত্রত ৫২.৫ টোলা, টকা-পইচা ও অন্যান্য বস্তুৰ ক্ষেত্রত নিছাব হ’ল ইয়াৰ মূল্য ৫২.৫ ৰূপৰ মূল্যৰ সমপৰিমাণ হোৱা। আনহাতে সোণ বা ৰূপ নাইবা টকা-পইচা এইবোৰৰ কোনো এটি যদি পৃথকভাৱে নিছাব পৰিমাণ নাথাকে, কিন্তু প্রয়োজনৰ অতিৰিক্ত একাধিক বস্তু মিলি ৫২.৫ টোলা ৰূপৰ মূল্যৰ সমপৰিমাণ হৈ যায় তেনেহ’লেও তাৰ ওপৰত কুৰবানী কৰা ওৱাজিব। *-আলমুহীতুল বুৰহানী ৮/৪৫৫; ফাতাওৱা তাতাৰখানিয়া ১৭/৪০৫*